গণ বাৰ্তা, কলগাছিয়া, ৫ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়াৰ দেউকুৰাত মেদিনা হাৰবেল আয়ুৰ্বেদিক গবেষণা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে বৰপেটাৰ সাংসদ আব্দুল খালেক।প্ৰনিধানযোগ্য যে,কলগাছিয়াৰ দেউকুৰা গাঁৱৰ শিক্ষিত উদীয়মান যুৱক মোজাম্মেল হকৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰা মেদিনা হাৰবেল আয়ুৰ্বেদিক গবেষণা কেন্দ্ৰৰ পৰা উৎপাদিত বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক ঔষধে ইতিমধ্যে অসম, পশ্চিম বংগ, বিহাৰ, উৰিষ্যা, ত্ৰিপুৰা আদি ৰাজ্যত বজাৰ দখল কৰিবলৈ সক্ষম হোৱাৰ পিছত প্ৰতিষ্ঠানটোয়ে ইয়াৰ প্ৰসাৰতা অধিক বৃদ্ধি কৰিবলৈ নতুনকৈ অধিক ব্যাপক ভাৱে গবেষণা আৰু ঔষধ উৎপাদন কৰাৰ লক্ষ্যৰে আজি এটা নতুন গবেষণা কেন্দ্ৰ আৰম্ভ কৰে। বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে উদ্বোধন কৰা এই অনুষ্ঠানত গুৱাহাটী চৰকাৰী আয়ুৰ্বেদিক কলেজৰ অধ্যক্ষ ডা: ৰমাকান্ত শৰ্মা বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে।
Home স্থানীয় কলগাছিয়াৰ দেউকুৰাত মেদিনা হাৰবেল আয়ুৰ্বেদিক গবেষণা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে সাংসদ আব্দুল...