Home Main Stories বিষ্ণুৰ অৱতাৰ (গাহৰি) হত্যা কৰাটো সন্মান নে অসন্মান : সংবাদমেলত সাংসদ আব্দুল...

বিষ্ণুৰ অৱতাৰ (গাহৰি) হত্যা কৰাটো সন্মান নে অসন্মান : সংবাদমেলত সাংসদ আব্দুল খালেকৰ প্ৰশ্ন

135
0

প্ৰস্তাৱিত গো -সুৰক্ষা আইনে নতুন ছিণ্ডিকেট সৃষ্টি কৰিব

ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ জুলাই : প্ৰস্তাৱিত গো-সুৰক্ষা আইনক লৈ এইবাৰ সৰৱ হৈ পৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেক। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদৰ এসপ্তাহ পূৰ্বে এনেদৰে পৰিকল্পিতভাৱে গো-সুৰক্ষা আইন উত্থাপন কৰাটোক দুৰ্ভাগ্যজনক আখ্যা দিয়ে সাংসদগৰাকীয়ে। গুৱাহাটীৰ এখন হোটেলত আয়োজিত এক সংবাদমেলত সাংসদ আব্দুল খালেকে কয় যে গো-সুৰক্ষা বিধেয়কখনে গৰু সৰবৰাহৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা আৰোপ কৰিছে, সেই ক্ষেত্ৰত এক নতুন ছিণ্ডিকেটৰ সৃষ্টি হ’ব। যদি গৰু চোৰাংকৈ সৰবৰাহ হৈ আছিল, তেন্তে কেন্দ্ৰীয় চৰকাৰে কি কৰিছে বুলি সাংসদগৰাকীয়ে প্ৰশ্ন কৰি কয় যে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোতেই গো-সুৰক্ষা বিধেয়কখন অনাটো দুৰ্ভাগ্যজনক। আনকি বিধেয়কখনত কেইবাটাও বিতৰ্কিত অধ্যায় সন্নিৱিষ্ট কৰা হৈছে বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে বাজেট অধিৱেশনৰ প্ৰথম দিনা বিধায়কখন উত্থাপন নকৰাকৈ থাকিব পাৰিলেহেঁতেন বিজেপিয়ে। সন্মুখত ইছলামধৰ্মী লোকৰ ঈদ। ঈদক লৈ চৰকাৰে প্ৰথমদিনাই এই বিধেয়ক অনাটো সম্পূৰ্ণৰূপে পৰিকল্পিত। তেওঁ আৰু কয় যে বিধেয়কখনত পশু বিক্ৰী আৰু পশু পৰিবহণ এই দুই বিষয় আছে। ইয়াৰে পৰিবহণ ব্যৱস্থাৰ জৰিয়তে চৰকাৰখনে ভৱিষ্যতৰ দিনত বৃহৎ ছিণ্ডিকেট গঢ়াৰ আশংকা প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে আৰ এছ এছ, বিজেপিৰ এজেণ্ডা অনুসৰি গো-হত্যা বন্ধ কৰিব লাগে ভাৰতত। কিন্তু এই বিধেয়কত এয়া নাই, বিপৰীতে মাছ নহয় জিজি কৰাৰ লক্ষ্য চৰকাৰৰ। যেনেকৈ ধৰ্মীয় স্থানৰ অন্তৰ্গত ৫ বৰ্গ কিলোমিটাৰ এলেকাত বিক্ৰী নহ’ব গো-মাংস। ধৰ্মীয় অনুষ্ঠান কিম্বা সত্ৰ-মন্দিৰ থকা অঞ্চলত পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গো-হত্যা নিষিদ্ধ বুলি ঘোষণা কৰিছে যদিও এইক্ষেত্ৰত সংখ্যালঘু অধ্যুষিত অঞ্চলতো সেয়া সম্ভৱ নহ’ব। অৰ্থাৎ এনেকুৱা কোনো অঞ্চল নাই, য’ত হিন্দু বসতিপ্ৰধান বা মন্দিৰ নাই। সেয়ে পাঁচ কিলোমিটাৰৰ এই দূৰত্ব এক কিলোমিটাৰলৈ হ্ৰাস কৰিবলৈ দাবী উত্থাপন কৰে। এইক্ষেত্ৰত ধৰ্মীয় স্থানৰ পৰা এক কিলোমিটাৰলৈকে গো-হত্যা বন্ধ কৰিলেও আপত্তি নাই বুলি তেওঁ উল্লেখ কৰে। ইপিনে আন এক প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে বিষ্ণুৰ অৱতাৰ মাছ, গাহৰি। যদি হিন্দু ধৰ্মৰ বাবে গো-হত্যা কৰিব নোৱাৰি, তেন্তে মাছ আৰু গাহৰিও বিষ্ণুৰ অৱতাৰ। কিন্তু ইয়াক কিয় হত্যা কৰা হয়? এইক্ষেত্ৰত গাহৰি হত্যা বন্ধ কৰাৰ দাবী সাংসদগৰাকীৰ। বিষু্ণৰ অৱতাৰ গাহৰি হত্যা কৰাটো সন্মান নে অসন্মান বুলি প্ৰশ্ন কৰে তেওঁ। খালেকৰ মতে, চৰকাৰখনে সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিছে। ইপিনে সাংসদগৰাকীয়ে আৰু কয় যে ৰাজ্যৰ গুৰুত্বপূৰ্ণ সমস্যাক বাদ দি এতিয়া গো-সুৰক্ষাৰ নামত ৰাজনীতি আৰম্ভ কৰিছে চৰকাৰখনে। ক’ভিড নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰখন। এনে ব্যৰ্থতা ঢাকিবলৈ এতিয়া গো-সুৰক্ষা আইন আনিছে বুলি তেওঁ অভিযোগ কৰে। ইপিনে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান সন্দৰ্ভত তেওঁ মন্তব্য কৰি কয় যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বহু অভিযুক্তই গুৰুতৰ অপৰাধ কৰিছে। এনে অপৰাধীক ফাষ্ট Îট্ৰক আদালতৰ জৰিয়তে শাস্তি প্ৰদান কৰিব লাগে। কিন্তু অপৰাধীক আৰক্ষীৰ আদালতত নহয়, এনে হ’লে মূল দোষী সাৰি যাব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here