Home অসম সাংসদ গৌৰৱ গগৈৰ মৰিয়নিত সাংগঠনিক সভা , শিক্ষা মন্ত্ৰী মুখ্য মন্ত্ৰীৰ দুমুখীয়া...

সাংসদ গৌৰৱ গগৈৰ মৰিয়নিত সাংগঠনিক সভা , শিক্ষা মন্ত্ৰী মুখ্য মন্ত্ৰীৰ দুমুখীয়া স্থিতিত প্ৰতিক্ৰিয়া সাংসদ গগৈৰ

85
0

গণ বাৰ্তা, আমগুৰি, ০৪ জুলাই : ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনৰ পিছত মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচন আসন্ন হোৱাত সমষ্টিতো পুনৰ কংগ্ৰেছে উদ্ধাৰ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। সমষ্টিটোত এতিয়া দৈনিক অসম প্ৰদেশ কংগ্ৰেছৰ নেতাই কংগ্ৰেছ কৰ্মী সকলক একত্ৰিত কৰাৰ চেষ্টা কৰিছে। আজি মৰিয়নি সমষ্টিৰ ১২ নং লাহিং গাঁও পঞ্চায়তৰ কংগ্ৰেছ কৰ্মী সকলৰ লগত এক দলীয় সভাত অংশগ্ৰহণ কৰে লোক সভাৰ সাংসদ গৌৰৱ গগৈয়ে। সভাত গগৈয়ে ৰূপজ্যোতি কুৰ্মীক সমালোচনা কৰি কুৰ্মীয়ে কংগ্ৰেছ দলৰ কৰ্মী সকলক প্ৰতাৰণা কৰিলে বুলি মন্তব্য কৰে। তেওঁ ভাষণ প্ৰসংগত ৰূপজ্যোতি কুৰ্মীক উপ নিৰ্বাচনত এসেকা দিবলৈ কংগ্ৰেছ কৰ্মী সকলক আহ্বান জনায়। ১২ নং লাহিং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰামেশ্বৰ কৰ্মকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক পুতুল বুঢ়াগোহাঁই, ব্লক সভাপতিৰ মণিৰাম গগৈ, লাহিং মণ্ডল কংগ্ৰেছৰ সম্পাদক ৰাজকুমাৰ দুৱৰা,ৰঞ্জন বৰুৱা, প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি পবিত্ৰ গগৈ, ৰানা গগৈকে ধৰি জিলা কংগ্ৰেছৰ বহু নেতাৰ লগতে মৰিয়নি সমষ্টিৰ বহু জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী আৰু ১২ নং লাহিং গাঁও পঞ্চায়তৰ প্ৰায় ডেৰ শতাধিক জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। সভাৰ অন্তত সাংসদ গৌৰৱ গগৈয়ে এইবাৰ উপনির্বাচনত বিজেপিক অসমৰ ৰাইজে উৎখাত কৰিব বুলি উল্লেখ কৰে। বৰ্তমান পৰীক্ষা সম্পৰ্ক শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দুমুখীয়া স্থিতিক সমালোচনা কৰে। লগতে মাইক্ৰফাইনেন্স সম্পৰ্কতো মন্তব্য কৰি কয় যে চৰকাৰ খনে ঋণ ৰেহাই দিম বুলি মহিলা সকলক আভুৱা ভৰালে বুলি উল্লেখ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here