Home স্থানীয় টেঙাগুৰিস্থিত শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ত এম্বুলেঞ্চ প্ৰদান সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

টেঙাগুৰিস্থিত শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ত এম্বুলেঞ্চ প্ৰদান সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

99
0


গণ বাৰ্তা, ভূৰাগাঁও, ১৪ নৱেম্বৰ: মৰিগাঁও জিলাৰ লাহৰীঘাটৰ গৰাখহনীয়াগ্ৰস্থ টেঙাগুৰি অঞ্চলৰ দীৰ্ঘদিনয়া এটা সমস্যা আজিৰ পৰা সমাধানৰ দিশে৷গৰাখহনীয়াগ্ৰস্থ বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ চিকিৎসালয় টেঙাগুৰিস্থিত শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ত নাছিল কোনো এম্বুলেঞ্চ ব্যৱস্থা৷এম্বুলেঞ্চৰ অভাৱত গৰাখহনীয়াগ্ৰস্থ অঞ্চলটোৰ দৰিদ্ৰ লোক সকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷দীৰ্ঘদিনীয়া এই সমস্যাটো আজিৰ পৰা সমাধানৰ দিশে৷নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদু্যত বৰদলৈয়ে অঞ্চলটোৰ দৰিদ্ৰ লোক সকলক সকাহ দিয়াৰ উদ্দেশ্যে চিকিৎসালয় খনত এখন এম্বুলেঞ্চ প্ৰদান কৰে৷ স্থানীয় বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰৰ তৎপৰতাত নগাঁও লোকসভাৰ সাংসদ প্ৰদু্যত বৰদলৈয়ে ২০১৯-২০ বৰ্ষৰ সংসদীয় এলেকা উন্নয়ন পুঁজিৰ পৰা টেঙাগুৰিস্থিত ৰাজ্যিক চিকিৎসালয়খনত এখন এম্বুলেঞ্চ প্ৰদান কৰে৷আজি চিকিৎসালয়খনত স্থানীয় বিধায়ক ডাঃ আছিফ নাজাৰৰ লগতে চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ মনোজ মেধি,স্থানীয় সমাজ সেৱক জাবেদ আলী মৰল,কমলেশ্বৰ ডেকা,স্থানীয় পঞ্চায়ত প্ৰতিনিধিসকলৰ উপস্থিত সাংসদ প্ৰদু্যত বৰদলৈয়ে এম্বুলেঞ্চখনৰ শুভ উদ্বোধন কৰে৷গৰাখহনীয়াগ্ৰস্থ অঞ্চলটোৰ দৰিদ্ৰ ৰাইজৰ সুবিধাৰ্থে এই এম্বুলেঞ্চখন আগবঢ়াই বুলি সাংসদ গৰাকীয়ে মন্তব্য কৰে৷লগতে ৰাজ্যত চলি থকা উচ্ছেদ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কয় যে- চৰকাৰে উচ্ছেদৰ নামত বাছি বাছি সংখ্যালঘু মুছলমানৰ ওপৰত সন্ত্ৰাস চলাইছে৷চৰ-চাপৰিত বসবাস কৰা সংখ্যালঘু লোক সকল অসমীয়া হয়,এইসকল আমাৰ জনজীৱনৰ অংগ৷ এই দুখীয়া নদী ভঙা লোক সকলক উচ্ছেদ কৰাৰ আগতে বিকল্প চিন্তা কৰি উচ্ছেদ কৰিবলৈ চৰকাৰৰ ওচৰত আহ৩ান জনায় সাংসদ গৰাকীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here