Home অসম বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত আছাৰ উত্তাল প্ৰতিবাদ :সাংসদ পল্লৱলোচন দাসৰ পুত্তলিকা দাহ

বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত আছাৰ উত্তাল প্ৰতিবাদ :সাংসদ পল্লৱলোচন দাসৰ পুত্তলিকা দাহ

263
0


গণ বাৰ্তা, বঙাইগাঁও, ১৬ ডিচেম্বৰ ঃ
বঙাইগাঁও চহৰৰ সমীপৰ বীৰঝৰা চাহ বাগিছাত বৃহস্পতিবাৰে আছাৰ বঙাইগাঁও জিলা সমিতিয়ে চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদৰ অংশ হিচাপে ছাত্ৰ সংগঠনটোৱে চাহ বাগিছাত কাম কৰা লোকসকৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে সাংসদ পল্লৱলোচন দাসৰ পুত্তলিকা দাহ কৰি ক্ষোভ উজাৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে সাংসদগৰাকীৰ পুত্তলিকা দাহ কৰাৰ লগতে আছা জিন্দাবাদ, পল্লৱলোচন দাস হায় হায়, ৰামেশ্বৰ তেলী হায় হায়, সঞ্জয় কৃৃৃষাণ হায় হায়, চাহ বাগানৰ শ্ৰমিকসকলৰ মজুৰি ৩৫১ টকা হ’বই লাগিব, বাগানত কাম কৰা মজদুৰ সকলক ৩৫১ টকা হাজিৰা দিবই লাগিব, বাগানৰ শ্ৰমিকসকলক মাটিৰ পট্টা দিবই লাগিব আদি বিভিন্ন েাগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদী থলীত উপস্থিত থাকি আছাৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি অমৃত জ’জোৱে সংবাদ মাধ্যমৰ আগত কয় যে, আমি চাহ শ্ৰমিকসকলক দৈনিক ৩৫১ টকাকৈ মজুৰি প্ৰদানৰ বাবে দীৰ্ঘদিন ধৰি চৰকাৰক দাবী জনাই আহিছো ৷ কিন্তু সেয়া আজিলৈ হৈ উঠা নাই ৷ ইয়াৰ বিপৰীতে কিন্তু নিৰ্বাচনৰ প্ৰাক্ক্‌ষণত বাগানত কাম কৰা লোক সকলক ৩৫১ টকা হাজিৰা দিব, মজৰি বৃদ্ধি হ’ব, বাগানত হাইস্কুল হ’ব,ভাল ৰাস্তা হ’ব, বাগানত ভাল কোৱাৰ্টাৰ হ’ব, বাগানত পানীৰ সুবিধা কৰি দিয়া হ’ব আদি প্ৰতিশ্ৰুতি দিয়ে৷ কিন্তু নিৰ্বাচনত বিজয়ী হোৱাৰ পিছত ৰাজনৈতিক দল তথা চৰকাৰে দিয়া সেই প্ৰতিশ্ৰুতিবোৰ পাহৰি গৈ আমাক সকলো সা- সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখে৷ আছা নেতা গৰাকীয়ে লগতে কয় যে,আদিবাসী ভোটেৰে নিৰ্বাচিত হোৱা সাংসদ পল্লব লোচন দাস,কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী সঞ্জয় কৃষাণে আদিবাসী তথা চাহ শ্ৰমিকসকলৰ সপক্ষে মাত মতা নাই ৷ সাংসদ পল্লৱলোচন দাসক আদিবাসী ভোটেৰে বিজয়ী কৰি সাংসদ বনাইছো যাতে আমাৰ আদিবাসী দুখীয়া ৰাইজৰ হৈ সদনৰ মজিয়াত মাত মাতিব পাৰে ৷ কিন্তু সদনৰ মজিয়াত নিশ্চুপ হৈ আছে ৷ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলীও বাগনৰ শ্ৰমিকসকলৰ হৈ কোনো মাত মতা নাই ৷ যাৰ বাবে এই পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰা বুলি কৈ অনাগত দিনত তেওঁলোকে যদি স্বগোষ্ঠীয় লোকৰ সপক্ষে তথা বাগানৰ শ্ৰমিকসকলৰ হৈ মাত নামাতে তেন্তে অনাগত দিনতো আছাই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ছাত্ৰ সংগঠনটোৰ নেতৃত্বই সকিয়নী দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here