Home স্থানীয় দৰঙৰ বড়িগাঁওৰ ঐতিহাসিক শ্ৰীশ্ৰী দশভূজা মন্দিৰ দৰ্শন সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী...

দৰঙৰ বড়িগাঁওৰ ঐতিহাসিক শ্ৰীশ্ৰী দশভূজা মন্দিৰ দৰ্শন সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীৰ

67
0

ৰত্নেশ্বৰ চহৰীয়া , দেওমৰনৈ, ২২ জুলাইঃ

আজি পবিত্ৰ শাওন মাহৰ প্ৰথমটো বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে দৰঙৰ ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী দশভূজা মন্দিৰ দৰ্শন কৰে।দৰঙী কোচ ৰজাৰ ৰাজত্ব কালৰ সময়ত দেওমৰনৈৰ পাৰ্শ্বৱৰ্তী বড়িগাঁও ঠেথাপাৰা চুবুৰীৰ জপৰা আমৰ তলত প্ৰতিষ্ঠা কৰা মূলতঃ শ্ৰীশ্ৰী দুৰ্গাদেৱীৰ লগতে বিভিন্ন উৎসৱ পাৰ্বনৰ উপাসনাৰ তীৰ্থ স্থান শ্ৰীশ্ৰী দশভূজা মন্দিৰ প্ৰাংগণত দিনৰ বাৰ বজাত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ সুযোগ্যা মাতৃ মৃণালিনী দেৱী উপস্থিত হৈ মন্দিৰৰ পুৰোহিত কনক শৰ্মাৰ সহযোগত বন্তি প্ৰজ্জলন কৰি আশীৰ্বাদ আৰু নিৰ্মালি গ্ৰহণ কৰে।পিছত উপ সভাপতি গৰাকীয়ে মন্দিৰ পৰিচালনা সমিতিৰ সমূহ সদ্স্য বৃন্দৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ লগত এক চমু অনুষ্ঠানৰ জৰিষতে সৌহার্দ্যপূর্ণ মত বিনিময় কৰে।ইয়াৰ আগতে অসম সংস্কৃত ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক, শিক্ষক ধনমনি শৰ্মাই সংস্কৃতত আদৰণি ভাষণ আগবঢ়াই।অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মাই আঁত ধৰা আৰু গুৱাহাটী বেদ মহাবিদ্যালয়ৰ ছাত্ৰ বৃন্দাবন শৰ্মাই বেদশাস্ত্ৰৰ শ্লোক পাঠ কৰা মত বিনিময় অনুষ্ঠানত স্থনীয় বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি,বিশিষ্ট নাট্যকাৰ ধ্ৰৱজ্যোতি শৰ্মা, দেওমৰনৈ গাঁও পঞ্চায়তৰ সভনেত্ৰী পদ্মাৱতী দেৱী প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মত বিনিময় অনুষ্ঠানৰ পিছত উপ সভাপতি মৃণালিনী দেৱীয়ে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মাৰ বড়িগাঁৱস্থ নিজা গৃহত উপস্থিত হৈ নব্বৈৰোৰ্দ্ধৰ ৰুগীয়া মাতৃ মনোমতী দেবীক সাক্ষাৎ কৰি আশু আৰোগ্য কামনা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here