গণ বাৰ্তা, ৰৌতাচাৰিআলি ,৭ ছেপ্তেম্বৰঃ ওদালগুৰি জিলাৰ ৰৌতাচাৰিআলিৰ সমীপৱৰ্তী ধনশ্ৰীঘাটত কালি ৬ ছেপ্তম্বৰৰ দিনা নতুনকৈ মৃত্যুঞ্জয় ১০৮ এম্বুলেন্স সেৱাৰ শুভাৰম্ভণি কৰা হয় ৷ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ সৌজন্যত নতুনকৈ লাভ এখন ট্ৰেভেলাৰ টাইপৰ ১০৮ নএম্বুলেঞ্চ সেৱাই বৃহত্তৰ ধনশ্ৰীঘাট অঞ্চলত ৰাইজৰ সেৱাৰ বাবে উৎসৰ্গিত কৰে ৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়কে ।ৰৌতা আৰু ওৰাং লগতে মাজবাট আদি অঞ্চলত ১০৮ আছে যদিও বৃহত্তৰ ধনশ্ৰীঘাট অঞ্চলটোৰ সমুহ ৰাইজে ১০৮ যোগাযোগৰ পৰা বৰকৈয়ে বঞ্চিত হৈ আহিছিল ৷গতিকে ধনশ্ৰীঘাট ৰাইজৰ বিপুল দাৱীৰ প্ৰতি সহাৰি জনাই ধনশ্ৰীঘাটৰ লগতে নিকটবৰ্ত্তী ২৫ খনমান গাওঁৰ সা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ১০৮ এম্বুলেন্স সেৱা প্ৰদান কৰা হয় ৷ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ প্ৰীতিৰেখা শইকীয়া,জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ লক্ষন কুমাৰ বড়ো, ইকবাল হুছেইন,গোপী চাংমা,জেলচন হায়নাৰী,পলিনা বসুমতাৰী,আশা কৰ্মী-মিনতি ডেকা,ৰুনু বৈশ্য,কল্পনা দেৱী,ৰেনুকা দেবী আৰু ধনশ্ৰীঘাটৰ অগ্ৰণী নাগৰিক টংকেশ্বৰ গৌতম,যতীন বৰুৱা,শৰৎ বৰুৱা,হেমন্ত কুমাৰ সূত্ৰধাৰ,বিষ্ণু ঠাকুৰীয়া,ৰঞ্জিত কুমাৰ শৰ্মা,বিটিএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নব কুমাৰ ডেকা, সাংবাদিক তৰুণ ডেকা, সাংবাদিক বলোৰাম পাঠক আদিকে ধৰি অঞ্চলটোৰ বহুতো লোকে উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়ায় ৷ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ প্ৰীতিৰেখা শইকীয়া আৰু বিপিএম পংকজ সভাপণ্ডিতৰ উদ্যোগত ধনশ্ৰীঘাটত ১০৮ সেৱা প্ৰদান কৰা কাৰ্য্যত ৰাইজে সন্তষ্টি প্ৰকাশ কৰিছে ৷