মাইনু মৰাণ: ডুমডুমা: ২০ মে: তিনিচুকীয়া জিলাত বান খহনীয়াৰ কৱলত পৰি বহু লোক ক্ষতি গ্ৰস্ত হৈছে। বিগত কিছুদিনৰ পৰা হৈ থকা বৰষুণৰ ফলত নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ বাঢ়ি গৈছে। বাঢ়নী পানীয়ে নৈ পৰিয়া অঞ্চল সমূহ খহাই ৰাইজলৈ ভাবুকি কঢ়িয়াই আনিছে। বানাক্ৰান্ত অঞ্চলৰ ৰাইজ এতিয়া ভয় শংকাৰে দিন অতিবাহিত কৰিব লগাত পৰিছে। তিনিচুকীয়া জিলাৰ দিৰাক চুমনি,ঢলা হাটীঘুলি, তালাপ কৰ্দৈগুৰি আদি একাধিক অঞ্চলৰ লোক শংকীত হৈ পৰিছে। উক্ত অঞ্চলত খহনীয়া তীব্র গতিত হৈছে। ইপিনে, বান আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই ৰাইজৰ দুখ দুদৰ্শাৰ বুজ লয়। শ্ৰীশ্ৰী মায়ামৰা টিপুক শিমলুগুৰি বজ্ৰপুৰ সত্ৰ, কেৰাণী,গৰিয়াটিং,দৰ্জীজান তথা কৰদৈগুৰি অঞ্চলৰ গৰা খহনীয়া পৰিদৰ্শন কৰিবলৈ বিধায়ক ৰূপেশ গোৱালা উপস্থিত হয়।সদৌ মৰাণ ছাত্ৰ সন্থা তালাপ কৰদৈগুৰি আঞ্চলিক সমিতিয়ে বান-গৰাখহনীয়াত বিধস্ত হোৱা অঞ্চলটোক সুৰক্ষাৰ বাবে উচিত ব্যৱস্থাৰ বাবে দাবী জনাই বিধায়ক গৰাকীক আৰু জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।বিধায়ক গৰাকীৰ পৰিদৰ্শন কালত জল সম্পদ বিভাগৰ মূখ্য অভিযন্তা,কাৰ্যবাহী অভিযন্তাৰ লগতে বহুকেই গৰাকী চৰকাৰী বিষয়া উপস্থিত আছিল।