Home স্থানীয় মুছলপুৰত আন্তৰ্জাতিক নিচা বিৰোধী দিৱস পালন

মুছলপুৰত আন্তৰ্জাতিক নিচা বিৰোধী দিৱস পালন

85
0

গণ বাৰ্তা, মুছলপুৰ, ২৬ জুন : বিশ্ব বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ মুছলপুৰৰ ভূটানখুঁটিস্থ এছ এছ বিৰ ২৭ নং বেটেলিয়নৰ এ কোম্পানীৰ উদ্যোগতো আজি আন্তৰ্জাতিক নিচা বিৰোধী দিৱস পালন কৰা হয় ৷ ভূটানখুঁটি গাওঁ উন্নয়ণ সমিতিৰ সহযোগত আয়োজিত আন্তৰ্জাতিক নিচা বিৰোধী দিৱসৰ কাৰ্যসূচী মুকলি কৰি বেটেলিয়নটোৰ সহকাৰী কামাণ্ডেন্ট শচীন কুমাৰে বৰ্তমান সময়ত উঠি অহা প্ৰজন্মক শুদ্ধ পথ দেখুৱাই এনেবোৰ জীৱন তথা সমাজধ্বংসী কাৰ্যৰ পৰা নৱ প্ৰজন্মক বিৰত ৰখাৰ ক্ষেত্ৰত অভিভাৱক তথা সমাজৰ সচেতন ব্যক্তিসকল সজাগ হোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত নিজা ভাষণত উল্লেখ কৰে৷ তেওঁ কয় যে নিচাযুক্ত দ্রব্যৰ পৰা সৃষ্টি হ’ব পৰা সমস্যাৰ বিষয়ে সকলােকে সজাগ কৰি মানসিকভাৱে সৱল কৰি তুলিব পাৰিলেহে সমাজৰ পৰা মাদক দ্রব্য সেৱন তথা অবৈধ সৰবৰাহৰ পৰা সৃষ্টি হােৱা সমস্যা সমূহ দূৰ কৰিব পৰা যাব। নিচাযুক্ত দ্রব্য সেৱনেই ক্রমাগতভাৱে বৃদ্ধি হােৱা দুর্ঘটনা আৰু অন্যান্য সমাজ বিৰােধী ঘটনাৰ অন্যতম কাৰণ বুলি উল্লেখ কৰি তেওঁ মাদক দ্রব্যৰ সামাজিক বৈধতা দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে। তেওঁ স্কুল পর্যায়ৰ পৰাই যােগ শিক্ষাৰ লগতে অন্যান্য নীতিশিক্ষামূলক পাঠদান সংযােজন কৰি এই সামাজিক ব্যাধি ৰােধ কৰিব পৰা যাব আশা ব্যক্ত কৰে । ভূটানখুঁটি গাওঁ উন্নয়ন সমিতিৰ সদস্যসকলৰ লগতে কেবা গৰাকীও স্থানীয় যুৱক-যুৱতী আৰু মহিলাই আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সম্প্ৰতি অসম আৰক্ষীয়ে দৈনিক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ, মদ, বিভিন্ন নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ লগতে সৰবৰাহকাৰী সকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰক ধন্যবাদ জনাই মাদক দ্ৰব্যৰ বিৰুদ্ধে মাৰবান্ধি থিয় হোৱাৰ সংকল্প গ্ৰহণ কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here