Home অসম বিয়াৰ প্ৰলোভনেৰে দীৰ্ঘদিনে চলাই ৰাখিছিল যৌন সম্পৰ্ক: গোৱালপাৰাৰ ইউটিউবাৰ মুস্তাফিজুৰৰ বিৰুদ্ধে যৌন...

বিয়াৰ প্ৰলোভনেৰে দীৰ্ঘদিনে চলাই ৰাখিছিল যৌন সম্পৰ্ক: গোৱালপাৰাৰ ইউটিউবাৰ মুস্তাফিজুৰৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ ভয়ংকৰ অভিযোগ

97
0


গণ বাৰ্তা বিশেষ, গাৱালপাৰা, ২০ জুন ঃ
ছ’চিয়েল মিডিয়া ‘ইউটিউব’ৰ জৰিয়তে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱা ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে৷ বিয়াৰ প্ৰলোভনেৰে এগৰাকী যুৱতীৰে প্ৰায় বছৰ কাল যৌন সম্পৰ্ক ৰক্ষা কৰাৰ অন্তত সম্প্ৰতি যুবতীগৰাকীক প্ৰতাৰণা কৰাৰ অভিযোগক লৈ চৌদিশে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনা সংক্ৰান্তত ভুক্তভোগী যুৱতীগৰাকীয়ে গোৱালপাৰাৰ আৰক্ষী অধীক্ষকৰ ওচৰত এক লিখিত অভিযোগ দাখিল কৰিছে৷ অভিযোগ অনুসৰি ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানৰ লগত হোজাইৰ এগৰাকী যুৱতীৰে ছ’চিয়েল মিডিয়া ‘ফেচবুক’ৰ জৰিয়তে পৰিচিত হয়৷ পাছত যুৱতীগৰাকীক বিভিন্ন প্ৰলোভন দি প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে৷ অভিযোগ অনুসৰি মুস্তাফিজুৰে তেওঁৰ ইউটিউব চেনেল ‘ভাইটি মিউজিক কোম্পানী’ত যুৱতীগৰাকীক অংশীদাৰ কৰাৰ লগতে তেওঁক ইউটিউব চেনেলত নায়িকা বনোৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷ তদুপৰি যুৱতীগৰাকীক বিয়া কৰাব বুলিও প্ৰলোভন দিয়ে৷ আনকি গোৱালপাৰা চহৰত যুৱতীগৰাকীক ঘৰ সাজি দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে৷ এনেদৰে কিছুদিন চলাৰ পিছত বিগত বৰ্ষৰ আগষ্ট মাহত মুস্তাফিজুৰে যুৱতীগৰাকীক গুৱাহাটী মহানগৰলৈ মাতি পঠিয়ায়৷ তেওঁ যুৱতীগৰাকীকগুৱাহাটীৰ পঞ্চতাৰকাযুক্ত হোটেল ‘ৰেডিচন ব্লু’লৈ লৈ যায়৷ উক্ত হোটেলত মুস্তাফিজুৰে যুৱতীগৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে বলপূৰ্বক যৌন কামনা চৰিতাৰ্থ কৰে৷ ইয়াৰপিছত উক্ত হোটেলৰ পৰা নি গুৱাহাটীৰ লখৰাৰ এখন হোটেলত উঠে৷ উক্ত হোটেলতো মুস্তাফিজুৰে যুৱতীগৰাকীক যৌন আতিশয্য চলোৱা বুলি অভিযোগত প্ৰকাশ৷ ইয়াৰ পিছৰে পৰাই বিগত প্ৰায় এটা বৰ্ষজুৰি বিয়াৰ প্ৰলোভনেৰে যুৱতীগৰাকীক একপ্ৰকাৰ ‘যৌনদাসী’ৰ দৰে ব্যৱহাৰ কৰা বুলি অভিযোগত কোৱা হৈছে৷ কিন্তু বিগত সময়ত যুৱতীগৰাকীয়ে মুস্তাফিজুৰৰ স্বভাৱ-চৰিত্ৰৰ প্ৰতি সন্দেহভাজন হৈ পৰে৷ ভক্তিভোগী যুৱতীগৰাকীৰ অভিযোগ অনুসৰি মুস্তাফিজুৰে বিভিন্ন যুবতীক তেওঁৰ ইউটিউব চেনেলত নায়িকা বনোৱাৰ প্ৰতিশ্ৰুতিৰে যৌন অভিসাৰ চলাইআহিছে৷ যুৱতীগৰাকী এনেদৰে প্ৰতাৰণাৰ বলি হৈ ভাগি পৰে৷ উল্লেখ্য যে ভুক্তভোগী যুৱতীগৰাকী হোজাইৰ পৰা আহি বিগত প্ৰায় জ্জ মাহৰ পৰা গোৱালপাৰা চহৰৰ বেলতলাত ঘৰ ভাৰা কৰি বসবাস কৰি আছে৷ অভিযোগ মতে ইউটিউবত ‘ভাইটি মিউজিক কোম্পানী’নামৰ চেনেল চলাই প্ৰচুৰ ধন আৰোহণ কৰা মুস্তাফিজুৰে যোৱা জ্ঝ জুনত নিশা প্ৰায় জ্জ্ব বজাত যুৱতীগৰাকীৰ ভাৰাঘৰলৈ সাংগো-পাংগোসহ উপস্থিত হৈ যুৱতীগৰাকীক বিভিন্ন ধৰণে ডাবি-ধমকি দিয়ে৷ আনকি যুৱতীগৰাকীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি আক্ৰমণ কৰাৰ বাবে উদ্যত হয় বুলি অভিযোগ কৰা হৈছে৷ যুৱতীগৰাকীক পিষ্টলেৰে গুলীয়াই মৰাৰ ভাবুকি দিয়া বুলিও অভিযোগত প্ৰকাশ৷ ফলত যুবতীগৰাকীয়ে দৌৰি উক্ত ঘৰৰ পৰা পলায়ন কৰে৷ পাছত যোৱা ১১ জুনত যুৱতীগৰাকীয়ে উক্ত ঘটনা সংক্ৰান্তত গোৱালপাৰা সদৰ থানাত এখন এজাহাৰ দাখিল কৰে৷ কিন্তু ধনবলেৰে বলিয়ান মুস্তাফিজুৰৰ বিৰুদ্ধে আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি কালি সন্ধিয়া গোৱালপাৰাত এক সংবাদমেল আয়োজন কৰি সাংবাদিকৰ আগত অভিযোগ কৰে৷ সংবাদমেলখনত যুৱতীগৰাকীয়ে মুস্তাফিজুৰৰ বিৰুদ্ধে আন কেতবোৰ অভিযোগো উত্থাপন কৰে৷ মুস্তাফিজুৰে ইউটিউব চেনেলৰ উপৰিও আন কেতবোৰ বক্ৰ পথেৰেও ধন আহৰণ কৰা বুলি অভিযোগ কৰে৷ আজি যুৱতীগৰাকীয়ে সমগ্ৰ ঘটনা বিৱৰি গোৱালপাৰাৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীক এখন লিখিত অভিযোগ দাখিল কৰে৷ অভিযোগ পত্ৰখনত যুৱতীগৰাকীৰ ওপৰত বিগত এটা বছৰে বিয়াৰ প্ৰলোভনেৰে চলোৱা যৌন আতিশয্য সন্দৰ্ভত বিৱৰণী দিছে৷ এতিয়াএছ পিয়ে ঘটনা সংক্ৰান্তত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here