Home অসম মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ কেইটামান বিষয়ৰ ওপৰত মোৰ অনুভৱ-দেৱব্ৰত শইকীয়া

মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ কেইটামান বিষয়ৰ ওপৰত মোৰ অনুভৱ-দেৱব্ৰত শইকীয়া

230
0



দেৱব্ৰত শইকীয়া ,২ জানুৱাৰী: ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলৰ আগত তেখেতে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত বৰ্তমানলৈকে লোৱা চৰকাৰী পদক্ষেপ আৰু আগন্তুক সময়ত চৰকাৰে ল’ব লগা পদক্ষেপৰ বিষয়ে উল্লেখ কৰিলে৷ মুখ্যমন্ত্ৰীয়ে মন্তব্যত প্ৰকাশ কৰিছে যে তেওঁ দায়িত্ব গ্ৰহণ কৰাৰ পৰা মুঠ ৩১খন কেবিনেটত ৮০০টা সিদ্ধান্ত লোৱা হৈছে৷ এই সিদ্ধান্তসমূহ বাস্তৱত কিমানখিনি ৰূপায়ণ হ’ব তাক লৈ সন্দেহ আছে৷ কিয়নো, যোৱা সময়ছোৱাত  ২০১৪ চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টীয়ে ক্ষমতালৈ আহিলে অসমৰ উন্নয়নৰ স্বাৰ্থত যি কাম কৰিম  বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল, অসমীয়াৰ জাতি-মাটি-ভেটি ৰক্ষাৰ যি প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেই  প্ৰতিশ্ৰুতি বৰ্তমানলৈকে কেৱল প্ৰতিশ্ৰুতি হৈয়ে থাকি যোৱা পৰিলক্ষিত হৈছে৷ মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ অভিভাৱকসকলে ছাত্ৰী-ছাত্ৰী নপঠিয়ায় বুলি উল্লেখ কৰিছে৷ কিন্তু ভালদৰে পৰ্যবেক্ষণ কৰিলে দেখা যাব যে ইয়াৰ মূলতে হৈছে ৰাজ্যৰ শিক্ষাখণ্ডত থকা অভাৱ-অভিযোগবোৰ পূৰণত চৰকাখন ব্যৰ্থ হৈছে ৷ যোৱা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত হোৱা সদনৰ শীতকালীন অধিৱেশনত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সদনত দাখিল কৰা এক তথ্য অনুসৰি দেশৰ ভিতৰতে সৰ্বাধিক কেঁচা গৃহৰ বিদ্যালয় অসমত আছে৷ দেশৰ সৰ্বমুঠ ২৭,০৯৯খন কেঁচা বিদ্যালয়ৰ ভিতৰত সৰ্বাধিক ৬,৫৫৪খন বিদ্যালয় অসমতেই আছে৷ তদুপৰি ৰাজ্যৰ বিদ্যালয়সমূহত নাই পৰ্যাপ্ত শিক্ষক৷ ৰাজ্যৰ ৬.১৭ শতাংশ বিদ্যালয়ত এজনীয়া শিক্ষকৰেই পাঠদান চলি আছে৷ এইসমূহৰ উপৰি ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত থকা বিভিন্ন সমস্যা যেনে উপযুক্ত খেলাৰ সামগ্ৰীৰ অভাৱ, বিদ্যালয়ৰ চৌহদৰ উন্নীতকৰণ আদি পূৰণ কৰা হ’লে তেওঁ কোৱাৰ দৰে সকলো অভিভাৱকেই  সন্তানক চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিলেহেঁতেন৷ অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰি অন্য মাধ্যমৰ লগত ফেৰ মাৰি উচ্ছ আসনত প্ৰতিষ্ঠিত হোৱা ব্যক্তিৰ উদাহৰণ বহুত আছে৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুদীৰ্ঘ কাল ধৰি অসমৰ শিক্ষা বিভাগৰ  মন্ত্ৰী হৈ আছিল৷ বিগত সময়ছোৱাত চৰকাৰী বিদ্যালয়সমূহৰ এই দুৰৱস্থা প্ৰকৃততে তেখেতৰ শিক্ষামন্ত্ৰিত্বৰ কালৰে এক বিফলতা৷ কিন্তু বৰ্তমানে নিজৰ চৰকাৰৰ ব্যৰ্থতাৰ কথা লুকুৱাবলৈ গৈ তেখেতে  এনেদৰে অভিভাৱকৰ গাত দোষ জাপি দিয়াতো উচিত হোৱা নাই৷  বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে কোনো কাৰণৱশত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ চি বি এছ ইৰ পাঠ্যক্ৰমৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ বহুদিন ধৰি প্ৰচেষ্টা কৰি আছে৷ এই সন্দৰ্ভত অসম বিধানসভাতো অসমীয়া মাধ্যমৰ ৫০খন বিদ্যালয় চি বি এছ চি পাঠ্যক্ৰমলৈ নিয়া হ’ব বুলি তেখেতৰ বাজেট বক্তৃতাত ঘোষণা কৰিছিল৷ তেখেতেৰ সেই বাজেট বক্তৃতাৰ প্ৰতিবাদ বিধানসভাৰ  মজিয়াত বিৰোধী দল হিচাপে আমি কৰা মনত আছে৷  এই  ঘোষণাৰ বিৰুদ্ধে সেই সময়ত অসমৰ সকলো শ্ৰেণীৰ জনগণ, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসমৰ সকলো দল-সংগঠন, বুদ্ধিজীৱীয়ে প্ৰতিবাদ কৰিছিল৷ কাৰণ, চি বি এছ ইলৈ বিদ্যালয়সমূহ পৰিৱৰ্তন কৰাতকৈ মাধ্যমিক শিক্ষা ব’ৰ্ডৰ সংস্কাৰহে অধিক প্ৰযোজনীয় আছিল৷ কিন্তু ৰাজ্যিক শিক্ষা ব’ৰ্ডৰ সংস্কাৰৰ পৰিৱৰ্তে ওকণিৰ ভয়ত ডিঙি কাটি পেলোৱাৰ দৰে এটা ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে প্ৰৱৰ্তন কৰিলে৷ প্ৰকৃততে চি বি এছ ই আৰু ৰাজ্যিক শিক্ষা ব’ৰ্ডৰ পাঠ্যক্ৰমৰ বিশেষ প্ৰাৰ্থক্য নাই৷ যিহেতু  ৰাষ্ট˜ীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ নীতি-নিৰ্দেশনা অনুসৰি ৰাজ্যিক   শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ ৰাজ্যিক বিদ্যালয়ৰ পাঠ্যক্ৰম  প্ৰস্তুত কৰে৷ বৰ্তমান নতুনকৈ অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ চি বি এছ চিৰ বিদ্যালয় স্থাপন কৰিব বুলি কোৱাটো বৰ্তমান সময়ত এটা ভুল সিদ্ধান্ত৷ তাৰ পৰিৱৰ্তে চৰকাৰে শিক্ষাখণ্ডত থকা বিভিন্ন অভাৱ-অভিযোগ পূৰণত গুৰুত্ব আৰোপ কৰা উচিত৷ 

অন্য ৰাজ্য চৰকাৰে নিজ ৰাজ্য ভাষাৰ পৰিৱৰ্তে চি বি এছ ই বিদ্যালয় এনে চৰকাৰীভাৱে প্ৰতিষ্ঠা কৰাৰ বিষয়ে মই অজ্ঞ৷
মুখ্যমন্ত্ৰীয়ে অসমত পূৰ্বৰ চৰকাৰৰ দিনত আৰু গোপীনাথ বৰদলৈয়ে অন্য মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰা বুলি কৈ বৰ্তমানৰ সিদ্ধান্ত শুদ্ধ বুলি প্ৰতিষ্ঠা কৰিব বিচাৰিছে৷ কিন্তু সেই সময়ছোৱাত অসমত অসমীয়াভাষীৰ সংখ্যা যথেষ্ট বেছি আছিল আৰু বৰ্তমানৰ লোকপিয়লৰ তথ্য অনুসৰি অসমীয়াভাষীৰ সংখ্যা যথেষ্ট কম হৈ আহিছে৷ যিহেতু আমি সকলোৱে জানো যে ৰাজ্যসমূহ ভাষাৰ ভিত্তিত গঠন হয়৷ তেনেস্থলত অসমৰ বৰ্তমানৰ ৰাজ্যৰ স্থিতি অটুট ৰাখিবলৈ অসমীয়াভাষীৰ সংখ্যা আৰু অসমীয়া মাধ্যমৰ বিদ্যালয় অধিক স্থাপন হোৱাটোহে অতি জৰুৰী৷ অন্য এটা বিতৰ্কিত বিষয় হৈছে সঘনাই ভাষা¸-সংস্কৃতি ৰক্ষাৰ কথা কোৱা বৰ্তমানৰ চৰকাৰখনে অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমীয়া ভাষাৰ যোগ্যতা থকাটো বাধ্যতামূলক হৈ থকা ব্যৱস্থাটো বৰ্তমানে বিলুপ্ত কৰিব বিচাৰিছে৷ যাৰ ফলত অসমীয়া ভাষা লিখিব নজনা বহিঃৰাজ্যৰ যুৱক-যুতীয়েও অসমৰ উচ্ছ পদবীসমূহ দখল কৰিব৷ এই সিদ্ধান্তই অসমৰ সামাজিক-ৰাজনৈতিক জীৱনত সুদূৰ প্ৰসাৰী বিৰূপ প্ৰভাৱ পেলোৱাটো নিশ্চিত৷ এই সন্দৰ্ভত এ১০০ বছৰ অতিক্ৰম কৰা অসম সাহিত্য সভাই অসম চৰকাৰক এক স্মাৰক-পত্ৰযোগে চতুৰ্থ শ্ৰেণীৰ পদবীৰ পৰা সৰ্বোচ্ছ পদবীলৈ অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ বাবে পৰমান্দ ৰাজবংশীৰ সভাপতিত্ব কালত অৱগত কৰিছিল৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই দাবীক আজি পৰ্যন্ত চৰকাৰেখনে কোনো গুৰুত্ব প্ৰদান নকৰিলে৷ অসমীয়া ভাষাত উত্তীৰ্ণ হোৱাটো এটা পাৰম্ভিক চৰ্ত হিচাপে আমাৰ দেশত চলি থকা ব্যৱস্থাটো কোনো নতুন কথা নহয়৷ অসমৰ দৰে বহু ৰাজ্যত স্থানীয় ভাষাত যোগ্যতা অৰ্জন কৰাটো বাধ্যতামূলক৷ স্থানীয় ভাষাত যোগ্যতা অৰ্জন কৰিলেহে সেইসমূহ ৰাজ্যৰ লোকসেৱা আয়োগত চাকৰিৰ নিযুক্তি নিশ্চিত কৰা হয়৷ উদাহৰণস্বৰূপে অন্ধ্ৰপ্ৰদেশত তেলেগু, বিহাৰত হিন্দী, ছত্তিশগড়ত ছত্তিশগড়ী, গুজৰাটত গুজৰাটী, হাৰিয়ানা-হিমাচল প্ৰদেশত হিন্দী, কৰ্ণাটকত কানাড়া, মহাৰাষ্ট˜ত মাৰাঠী, ৰাজস্থানত হিন্দী, তামিলনাডুত তামিল, উত্তৰাখণ্ডত হিন্দী আৰু পশ্চিমবংগত বেংগলী ভাষাত প্ৰশাসনিক পদবীৰ পৰক্ষাতযোগ্যতা অৰ্জন কৰাটো ব্যধ্যতামূলক৷ তেনেস্থলত অসমীয়া ভাষাৰ যোগ্যতামূলক পৰীক্ষা কাৰ স্বাৰ্থত বাতিল কৰা হৈছে? যিখন ৰাজ্যত অসম চুক্তি অনুসৰি অসমৰ ভাষা-সংস্কৃতি ৰক্ষাৰ ব্যৱস্থাৰ কথা কোৱা হৈছে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে অসমীয়া ভাষাৰ বধ্যতামূলক যোগ্যতা পৰীক্ষা ব্যৱস্থাৰ প্ৰত্যাহাৰ কৰি অসম চুক্তিক নস্যাৎ কৰিছে৷ মুখ্যমন্ত্ৰী মহোদয়ে কালি অসম চুক্তিৰ ৬নং দফাৰ কাৰ্যকৰীকৰণত কিছুমান বিশেষ বাধা আছে বুলি উল্লেখ কৰিছে৷ কিন্তু ২০১৮ চনৰ ৩১ ডিচেম্বৰলৈকে অসমত প্ৰৱেশ কৰা এক বিশেষ ধৰ্মাৱলম্বী লোকক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰি মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দলে অসম চুক্তিখনৰ আত্মাটোকে হত্যা কৰিছে৷ সেয়া সমগ্ৰ অসমীয়া জাতি আৰু অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অতি মাৰাত্মক৷ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোও কেৱল নিৰ্বাচনৰ সময়ত ভোটবেংকৰ আশাত ব্যৱহাৰ কৰা যেন অনুমান হয়৷ ইয়াৰে বহুকেইটা জনগোষ্ঠীয়ে স্বাধীনতাৰ পূৰ্বৰে পৰা সামাজিক-অৰ্থনৈতিক অনগ্ৰসৰতাৰ বাবে নিজৰ জনগোষ্ঠীক সংখ্যালঘু আৰু পৰৱৰ্তী সময়ত জনজাতিৰ তালিকাত অন্তৰ্ভুক্তিৰ দাবীৰে বহুদিন ধৰি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছে৷ এই দাবীৰ ভিত্তিত ১৯৯৬ চনৰ ২ আগষ্টত লোকসভাৰ অধ্যক্ষ পূৰ্ণ চাংমা ডাঙৰীয়াই The Constitution Scheduel Tribes Order, Amendment Bill no ২১, ১৯৯৬ খন বাছনি সমিতিলৈ প্ৰেৰণ কৰে৷ আৰু বাছনি সমিতিখনে পৰৱৰ্তী সময়ত প্ৰদান কৰা প্ৰতিবেদন ভাৰতৰ সংসদ আৰু ভাৰত চৰকাৰৰ হাতত জমা আছে৷ প্ৰতিবেদনৰ ২৯নং দফাত উল্লেখ আছে যে কোচ-ৰাজবংশীৰ উপৰি অসমৰ চুটিয়া, গাৰো, টাই আহোম, হাজং, মৰাণ, মটক, চিংফৌ আদি জনগোষ্ঠীক আৰু অসমত বসবাস কৰা চাহ শ্ৰমিকসকলৰক বিভিন্ন উপ-জাতিকে ধৰি এইসমূহ জাতিকে জনজাতি হিচাপে জাননী জাৰি কৰা উচিত৷ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উচ্ছতম ন্যায়ালয়ে সংৰক্ষণ সম্পৰ্কত দিয়া ৰায়ৰ কথা উল্লেখ কৰি কৈছে যে মাত্ৰ ৫০ শতাংশহে সংৰক্ষণ কৰিব পৰা যায়৷ কিন্তু অসমৰ ক্ষেত্ৰত বৰ্তমানলৈকে মাত্ৰ ৩৭ শতাংশহে সংৰক্ষণ কৰা হৈছে৷ জনসংখ্যা অনুসৰি ভৈয়ামৰ জনজাতিৰ বাবে ১০ শতাংশ, পাৰ্বত্য জনজাতিৰ বাবে প্ত শতাংশ অনূসূচিত জনজাতিৰ বাবে জ্জ শতাংশ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ১৫ শতাংশ মুঠ ৩৭ শতাংশহে সংৰক্ষণ হৈ আছে আৰু ১৩ শতাংশ কোনো জনজাতিকে আবণ্টন নিদিয়াকৈ সংৰক্ষণ হৈ আছে৷ সেয়েহে নতুন জনজাতিকেইটাক ১৩ শতাংশ আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব পৰা যায়৷ ইয়াৰ উপৰিও অন্যান্য পিছপৰা শ্ৰেণীৰ নামত আবণ্টিত থকা ১৫ শতাংশৰ পৰা কিছু কৰ্তন কৰি আনি সংৰক্ষণ বৃদ্ধি কৰিব পৰা যায়৷ কাৰণ বৰ্তমান এইসমূহ জাতি অন্যান্য পিছপৰা জাতিৰ তালিকাত সন্নিৱিষ্ট হৈ আছে৷ গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়াৰ ওপৰত দিয়া মন্তব্য গ্ৰহণযোগ্য নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here