Home Uncategorized কলগাছিয়াৰ গুইলেজাত ৰহস্যজনক বোৱাৰীৰ আত্মহত্যা

কলগাছিয়াৰ গুইলেজাত ৰহস্যজনক বোৱাৰীৰ আত্মহত্যা

148
0

গণ বাৰ্তা,কলগাছিয়া,১৯এপ্ৰিল: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুইলেজা গাঁৱত এগৰাকী বোৱাৰীয়ে আজি পুৱতি নিশা প্ৰায় তিনি মান বজাত ৰান্ধনী শালত ৰহস্যজনক ভাবে ডিঙিত চিপলৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, আমগুৰি গাঁৱৰ মুশাৰফ খানৰ কন্যা ছালেমা খাতুন (১৯) ৰ গুইলেজা গাঁৱৰ আব্দুল আলীৰ পুত্ৰ আব্বাছ আলীৰ লগত ন মাহ পূৰ্বে সামাজিক নীতি নিয়ম মতে বিবাহ হৈছিল। কিন্তু ৰোজা পালনৰ বাবে যোৱা নিশা দুই বজাত ৰন্ধা-বঢ়া কৰিবলৈ ৰান্ধনী শালত গৈছিল যদিও ৰান্ধনি শালতেই চিপলৈ ৰহস্যজনক ভাবে আত্মহত্যা কৰে। স্থানীয় গাওঁবুঢ়াৰ সহযোগত কলগাছিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব বুলি জানিব দিয়ে। আত্মহত্যাৰ প্ৰকৃত ৰহস্য এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও স্বামীগৃহৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লৈছে বুলি ছালেমাৰ পিতৃ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here