Home উত্তৰ পূৰ্বাঞ্চল দ্বিতীয়বাৰলৈ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’ব এন বীৰেন সিঙে

দ্বিতীয়বাৰলৈ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’ব এন বীৰেন সিঙে

177
0


ইম্ফল, ২০ মাৰ্চ ঃ মণিপুৰৰ মুখ্যমন্ত্ৰীৰূপে পুনৰাই দায়িত্ব গ্ৰহণ কৰিব এন বীৰেন সিঙে৷ আজি ইম্ফলত ৰাজ্যৰ বিজেপি বিধায়ক দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰীৰূপে পুনৰাই এন বীৰেন সিঙক নিৰ্বাচন কৰে৷ ইয়াৰ পিছতেই এন বীৰেন সিং ৰাজ্যখনৰ পুনৰ মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত হৈ পৰিছে৷ ইয়াৰ পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰী কোন হ’ব, কাক লৈ চৰ্চা অব্যাহত আছিল৷ বিজেপিয়ে সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত এন বীৰেন সিঙে ৰাজ্যখনৰ পুনৰ মুখ্যমন্ত্ৰী হ’বনে নহয় সংবাদ মাধ্যমত এক চৰ্চাৰ বিষয় আছিল৷ এই বিষয়ক লৈ চৰ্চা চলি থকাৰ মাজতেই আজি বিজেপিৰ বিধায়ক দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰীৰূপে এন বীৰেন সিঙক নিৰ্বাচন কৰে৷ ইয়াৰ পিছত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে এন বীৰেন সিঙক সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচন কৰা হৈছে৷ তেওঁৰ নেতৃত্বত মণিপুৰত এক স্থিৰ আৰু দায়িত্বশীল চৰকাৰ গঠন হ’ব৷ তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবক বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ এনেস্থলত মণিপুৰে প্ৰগতি লাভ কৰিব৷ উল্লেখ্য যে বিজেপিৰ বীৰেন সিঙে মুখ্যমন্ত্ৰীৰূপে নগা পিপ’ল্‌ছ ফ্ৰণ্ট আৰু নেশ্বনেল পিপ’ল্‌ছ পাৰ্টীৰ সমৰ্থনত মণিপুৰত বিগত চৰকাৰ গঠন কৰিছিল৷ কিন্তু এইবাৰ বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ যাৰ ফলত বিজেপিয়ে দ্বিতীয়বাৰলৈ মণিপুৰত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here