Home অসম ‘দৈনিক গণ অধিকাৰ’ৰ মুখ্য সম্পাদক খবিৰ আহমেদৰ সহধৰ্মিনী নফিছা চুলতানাৰ মৃত্যু

‘দৈনিক গণ অধিকাৰ’ৰ মুখ্য সম্পাদক খবিৰ আহমেদৰ সহধৰ্মিনী নফিছা চুলতানাৰ মৃত্যু

269
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ জুন:
পত্নীহাৰা হ’ল ‘দৈনিক গণ অধিকাৰ’ৰ মুখ্য সম্পাদক খবিৰ আহমেদ৷ যোৱা কিছুদিন ধৰি জীৱন-মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত আজি নিয়তিৰ ওচৰত হাৰ মানিলে খবিৰ আহমেদৰ পত্নী নচিফা চুলতানাই৷ আজি পুৱা প্ত.৩০ বজাত মহানগৰীৰ মেট্ৰ’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে নচিফা চুলতানাই৷ উল্লেখ্য যে নচিফা চুলতানা আছিল নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক আব্দুল হাইৰ দ্বিতীয়া কন্যা৷ তেওঁৰ ককা উছমান আলী সদাগৰ আছিল অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সদস্য৷ তেওঁ ১৯১৭ চনত নগাঁৱৰ আলিটাঙনিৰ অসমীয়া মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল৷ চাকৰি কালৰ সময়ছোৱাত বৰপেটা জিলাখনৰ এক বিশেষ সুনাম অৰ্জন কৰিছিল৷ নগাঁও জিলাৰ এক আভিজাত্য পৰিয়ালৰ কন্যা নচিফা চুলতানাই চাকৰি কালৰ সময়ছোৱাত অনগ্ৰসৰ জনগোষ্ঠীটোৰ মহিলাসকলক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ ইয়াৰ বাবে তেওঁ বৰপেটা জিলাৰ এক পৰিচিত নাম হৈ পৰিছিল৷ যোৱা কিছুদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত আছিল আৰু দেশৰ বিভিন্ন স্থানৰ আগশাৰীৰ হাস্পতালত তেওঁৰ চিকিৎসা কৰোৱা হৈছিল৷ কিন্তু নিয়তিৰ ওচৰত হাৰ মানি আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে৷ অসমৰ বিশিষ্ট কবি তথা শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক খবিৰ আহমেদৰ পত্নীৰ বিয়োগত বৰপেটাৰ লগতে নগাঁও, গুৱাহাটীতো শোকৰ ছাঁ পৰে৷ তেওঁ মৃত্যুৰ সময়ত ইহ সংসাৰত এৰি যায় স্বামী খবিৰ আহমেদসহ পুত্ৰ-বোৱাৰী, নাতি, জীক৷ আজি বিয়লি চ্ছ্ৰ.৩০ বজাত মহানগৰীৰ হাতীগাঁৱৰ খানকা কৱৰস্থানত জানাজা সম্পন্ন কৰে৷ জানাজাত উপস্থিত থাকে নগাঁও, বৰপেটা, দৰঙকে ধৰি মহানগৰীৰ সহস্ৰাধিক লোক৷ জানাজাত প্ৰয়াত ইদ্ৰিছ আলীৰ জোঁৱাই তথা উছমান সদাগৰৰ সম্পৰ্কীয় মুখ্য অভিযন্তা মমতাজ উদ্দিন আহমেদ, সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া এমৰান খণ্ডকাৰ, সমাজকৰ্মী দলিল উদ্দিন আহমেদ, আব্দুল হালিম খান, আবুল কাছেম, পাৰভেজ মাৰুক আলম, কাজিমুদ্দিন আহমেদ, অসম মাদ্ৰাছা শিক্ষাৰ প্ৰাক্তন উপ-সচিব আব্দুল কায়ুম আল আমান, অভিযন্তা আব্দুল কাছেৰ, ‘দৈনিক গণ অধিকাৰ’ৰ সম্পাদক ড॰ জাকিৰ হুছেইন, অৱসৰপ্ৰাপ্ত অধ্যাপক নাজিৰ হুছেইন সৰকাৰ, ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ছাহজাহান তালুকদাৰকে ধৰি বহু বিশিষ্ট লোক খবিৰ আহমেদৰ পত্নীৰ জানাজাত উপস্থিতি থাকি সমবেদনা জ্ঞাপন কৰে আৰু নচিফা চুলতানাৰ বিদেহী আত্মাৰ সদ্‌গতি কামনা কৰে৷ একেদৰে ‘গণ অধিকাৰ’ৰ পৰিয়াল তৰফৰ পৰাও গভীৰ সমবেদনা জ্ঞাপন কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here