Home Main Stories VIDEO | মৰিয়নীৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত উত্তেজনা, নগা আৰু অসম...

VIDEO | মৰিয়নীৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত উত্তেজনা, নগা আৰু অসম আৰক্ষীৰ সংঘৰ্ষ

42
0

গণ বাৰ্তা নকছাৰি ২৭ মে : অসমৰ দিচৈভেলী বনাঞ্চলৰ নিউসোণোৱাল আৰক্ষী নিৱেশৰ পৰা নাতিদূৰৈত সংৰক্ষিত বনাঞ্চলৰ ভূমি নগালেণ্ডে অবৈধভাৱে বেদখল কৰাৰ পাছতে আজি দুয়োখন ৰাজ্যৰ সীমান্তত ব্যাপক অস্থিৰতাই বিৰাজ কৰিছে। আজি দুপৰীয়া ভাগত বেদখলীকৃত বিবাদমান অঞ্চলৰ ভূমিত অসমীয়া লোকক উদ্দেশ্য কৰি নগা দুৰ্বৃত্তই গুলীবৰ্ষণ কৰাৰ ফলত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কথমপি প্ৰাণৰক্ষা পৰে। একেসময়তে বিধায়ক গৰাকীৰ লগত যোৱা দীপাংকৰ বাৰুৱতী আৰু জয়নাৰায়ণ ৰাও নামৰ দুগৰাকী সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে। দুয়োগৰাকীকে ততাতৈয়াকৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। আনহাতে গুলীয়াগুলী ঘটনাৰ পাছৰে পৰাই সীমান্ত অঞ্চলটোত দুয়োপক্ষৰ উত্তেজনাই চুড়ান্ত পৰ্যায়ত উপণীত হোৱাৰ তথ্য পোৱা গৈছে। ঘটনাৰ প্ৰকৃত অনুসন্ধানৰ বাবে মৰিয়নিৰ বিধায়কগৰাকীয়ে প্ৰশাসনক ২৪ ঘণ্টা সময় বান্ধি দিছে। ঘটনাৰ বিৱৰণ অনুসৰি আজি বনাঞ্চলখনৰ কাষৰে নামনি বনগাওঁ আৰু ভৱানীপুৰ গাওঁৰ মাজত চুবুৰীয়া ৰাজ্য নগালেণ্ডে বিত্তবস্তীৰ পৰা এক কিলোমিটাৰ ভিতৰলৈ সোমাই আহি নতুনকৈ স্থাপন কৰা এখন নগা গাওঁ অসম আৰক্ষীয়ে দুদিনৰ আগত উচ্ছেদ কৰাৰ পাছৰপৰাই পৰিস্থিতি অৱনতি ঘটিছে। আজি সেই বিবাদমান অঞ্চলত দুপৰীয়া ভাগত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে লগত একাংশ স্থানীয় গাওঁবাসী আৰু সাংবাদিকৰ দলক লগত লৈ বিবাদমান অঞ্চলটোত উপস্থিত হোৱাৰ লগে লগে পৰিস্থিতি অধিক অৱনতি ঘটে। বিধায়কগৰাকী সেইস্থানত উপস্থিত হোৱাৰ লগে লগে জাকে জাকে নগালোক ওলাই আহি অসমৰপৰা যোৱা দলটোক উদ্দেশি প্ৰথমে খেদি আহে। কিন্তু তেওঁলোকৰ ভাবুকিলৈ অসমীয়া মানুহখিনিয়ে কেৰেপ নকৰাত জোপোহাৰ আঁৰলৈ তেওঁলোকে গুলীবৰ্ষণ কৰে। গুলীবৰ্ষণ আৰম্ভ কৰাৰ পাছতে বিধায়কৰ লগতে অন্যান্য লোকসকলে সেইস্থানৰ পৰা পিছহুঁহকি আহিবলৈ লোৱাৰ পাচতো নগা দূৰ্বৃত্তই ধাৰাসাৰ গুলীবৰ্ষণ অব্যাহত ৰাখে। প্ৰত্যুত্তৰত বিধায়ক দলটোৰ লগত যোৱা দুজন দেহৰক্ষী আৰু চাৰিগৰাকী অসম আৰক্ষীৰ জোৱানেও ওলোটাই প্ৰত্যুত্তৰ দিয়াত নগা দুৰ্বৃত্তৰ দলটোৱে গুলীবৰ্ষণ কৰিবলৈ এৰি দিয়ে যদিও তেওঁলোকে অসমৰ বেদখলীকৃত ভূমিত বাহৰপাতি অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ সমৰসজ্বাৰে যুদ্ধংদেহি পৰিৱেশ গঢ়ি তুলিছে। পাহাৰৰ ভূমিত নগাই গঢ়ি তোলা সমৰসজ্বাৰ পিছতেই অসম আৰক্ষীয়েও প্ৰায় দুই কিলোমিটাৰ আঁতৰত ততাতৈয়াকৈ অঞ্চলটোত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে যদিও বিবাদমান অঞ্চলটোলৈ গৈ নগা দুৰ্বৃত্তসকলক আঁতৰাই পঠাবলৈ সক্ষম হোৱা নাই। ঘটনা সংঘটিত হোৱাৰ পাছতে যোৰহাট জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈন, তিতাবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া নিতুমণি দাসকে ধৰি অসম আৰক্ষীৰ শীৰ্ষ পদবীধাৰী সকলে ঘটনাস্থলী পৰ্যবেক্ষণ কৰিছে। আনহাতে ঘটনাৰ পিছতে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৃহবিভাগৰ নিলিপ্ততাক তীব্ৰভাষাৰে গৰিহণা দিছে। চুবুৰীয়া ৰাজ্যখনে অসমৰ মাটিত অবাধ বেদখল কৰা বিষয়ত আশ্চৰ্য প্ৰকাশ কৰি বিধায়কগৰাকীয়ে অসমৰ চৰকাৰ আৰু গৃহবিভাগে কোনো পদক্ষেপ নোলোৱাৰ বাবেই আজিৰদৰে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হোৱাৰ পাছত অসম চৰকাৰক কঠোৰ পদক্ষেপ ল’বলৈ দাবী জনাইছে। চৰকাৰৰ ৰহস্যজনক মৌনতাৰ বিপৰীতে বিধায়ক হিচাপে সমষ্টিটোৰ সীমাৰেখা সঠিককৈ ৰখাতো তেখেতৰ নৈতিক দায়িত্ব। আজিৰ এই ঘটনাৰ পিছত যদি অসম আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত বেদখলীকৃত ভূমিৰপৰা নগালোকসকলক আঁতৰাই পথাবলৈ সক্ষম নহয় তেতিয়াহ’লে অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিছে। ৰাজ্যখনৰ ভৌগলিক পৰিসীমা সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ সীমাহীন হেমাহি, বনাঞ্চল সুৰক্ষাৰ নামত পৰ্যাপ্ত বনকৰ্মীৰ অভাৱ আৰু অন্যান্য আনুষংগিক দুৰ্বলতাৰ সুযোগ লৈ তিনিওখন বনাঞ্চলতে চুবুৰীয়া ৰাজ্য নগালেণ্ডে অবাধ বনধ্বংস কৰি বেদখল কৰি আহিছে। চুবুৰীয়া ৰাজ্যখনৰ অসমৰ ভূ-খণ্ডৰ ওপৰত অবাধ আগ্ৰাসনৰ বিষয়তো ৰাজ্য গৃহ বিভাগৰ অৱগত যদিও নিমাত-নিতাল। নিজৰ কৰ্তব্য সম্পাদনত চূড়ান্ত গাফিলতি প্ৰদৰ্শন কৰি বেদখল সন্দৰ্ভত গৃহ বিভাগৰ উচ্চপদস্থ বিষয়াই নিজৰ ব্যৰ্থতা ঢাকিবলৈ এতিয়া অসংলগ্ব কথা কোৱা পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰি বিধায়ক গৰাকীয়ে অনতিপলমে আৰক্ষী বিভাগক নিজৰ দায়িত্বও সুচাৰুৰূপে কৰিবলৈ হুমকি দিছে। জনসাধাৰণৰ নিৰাপত্তাৰ বাবে নিয়োজিত আৰক্ষীৰ কাম যদি জনপ্ৰতিনিধিয়ে কৰিব লাগে তেনেহলে মৰিয়নি আৰক্ষী ঢাল-তৰোৱালবিহীন নিধিৰাম চৰ্দাৰৰ ভূমিকা পালন কৰি নীৰৱ দৰ্শক হৈ থকাৰ প্ৰয়োজন নাই। ৰাজ্যবাসীয়ে ক’ৰ’না মহামাৰীৰ সন্ত্ৰাসৰ বাবে ৰাজ্যখনত সান্ধ্য আইন চলি থকাৰ সুৰুঙা লৈ নগাালেণ্ডে দিচৈভেলী সংৰক্ষিত বনাঞ্চলৰ নিউসোণোৱাল সীমান্ত নিৰীক্ষণ চকী আৰু খেৰেমীয়া সীমান্ত নিৰীক্ষণ চকীৰ মাজত পুনৰ নগালেণ্ডে বনাঞ্চলখনৰ গছ-বন কাটি মুকলি কৰি নতুনকৈ পথ নিৰ্মাণ কৰাৰ পাচতো অসমৰ গৃহবিভাগে চকু-কাণ মুদি বহি থাকিলে । ইয়াৰ উপৰিও নগাই নতুন তামোলবাৰী পতাৰ লগতে বাসস্থানৰ বাবেও ঘৰ নিৰ্মাণ কৰি কাৰ্য নিৰ্বিবাদে বেদখল অব্যাহত ৰখাৰ পাছতো অসম আৰক্ষীয়ে উচ্ছেদ কৰিবলৈ কিয় সাহস নকৰিলে বুলি বিধায়ক গৰাকি খড়্গহস্ত হৈ পৰে। আজি ঘটনা সংঘটিত হোৱা স্থানতে ২০১৭ চনতো নগাই বসতি স্থাপনৰ উদ্দেশ্যৰে বেদখল আৰম্ভ কৰিছিল। নগাই বেদখল কৰা বুলি গম পাই ২০১৭ চনৰ ১৪ মে তাৰিখে মৰিয়নি সমষ্টিৰ বিধায়কগৰাকীয়ে সেইবাৰ নিজেই বেদখল স্থানত উচ্ছেদ অভিযানত অংশ লৈছিল বুলি মন্তব্য কৰিছে। বিগত বৰ্ষৰ লকডাউনৰ সময়তে নগালেণ্ডে বনাঞ্চলখনৰ জানখানা নৈৰ সমীপত বেদখল কৰি নগালেণ্ড আৰক্ষীৰ বি অ পি স্থাপন কৰাৰ লগতে বিজুলী সংযোগ আৰু পাহাৰ কাটি সুচল যাতায়তৰ বাবে পথ নিৰ্মাণ কৰাৰ লগতে বনাঞ্চলখনৰ ভিতৰত পকী দলং নিৰ্মাণ কৰিছিল। নগালেণ্ডৰ এনে আগ্ৰাসনৰ কথা গম পাই যোৰহাট জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে চুবুৰীয়া ৰাজ্যখনৰ প্ৰশাসনৰ লগত আলোচনা কৰি তেওঁলোকক উচ্চতম ন্যয়ালয়ৰ আদেশ উলংঘা নকৰি সীমান্তৰ স্থিতাৱস্থা বাহাল ৰাখিবলৈ অনুৰুধ কৰিছিল। কিন্তু তেওঁলোকে যোৰহাট জিলা প্ৰশাসনৰ অনুৰুধ মানিবলৈ মান্তি নোহোৱাত অতি সাহসী পদক্ষেপ গ্ৰহণ কৰি আৰক্ষী অধীক্ষক গৰাকীয়েও নগালেণ্ড

LEAVE A REPLY

Please enter your comment!
Please enter your name here