Home ক্ৰীড়া দৰঙত বৰদলৈ ট্ৰফী ফুটবল, বডোচা স্পৰ্টছ ক্লাবৰ বিৰুদ্ধে মিঠু কেজুচুৰ হেট্ৰিকেৰে নগালেণ্ড...

দৰঙত বৰদলৈ ট্ৰফী ফুটবল, বডোচা স্পৰ্টছ ক্লাবৰ বিৰুদ্ধে মিঠু কেজুচুৰ হেট্ৰিকেৰে নগালেণ্ড পুলিচৰ জয়

485
0

গণ বাৰ্তা, দেওমৰনৈ,২৯ মাৰ্চঃ দৰঙৰ ঘিলাকুৰিত চলি থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ সোঁৱৰণী আঠষষ্ঠি সংখ্যক সৰ্বভাৰতীয় বৰদলৈ ট্ৰফী ফুটবলৰ গ্ৰুপ “চি”ৰ আজি অনুষ্ঠিত পঞ্চম খন খেলত তিনিচুকীয়াৰ বডোচা স্পৰ্টছ ক্লাবে পুনৰ শোচনীয় পৰাজয় ববণ কৰে। নগালেণ্ড পুলিচ দলে বডোচা স্পৰ্টছ ক্লাবক ৫-০ গ’লত হৰুৱাই পৰবৰ্তী পৰ্যায়ত প্ৰবেশ কৰিছে। বিজয়ী দলৰ হৈ ৰিচ্ছু ম’ৰ’ৱে খেলৰ বিশ মিনিটত প্ৰথম গ’লটো দিয়াৰ পিছত ৪১ মিনিটত এটা পেনাল্টী শ্বটৰ সহায়ত  লিমা কুমজুকে দ্বিতীয় গ’লটো দি ২-০ লৈ নিয়ে। আনহাতে ৬৫,৭৮ আৰু খেলৰ অন্তিম মূহুৰ্তত মিঠু কেজুচুৱে তিনিটা গ’ল দি হেট্ৰিক অৰ্জনেৰে ফলা-ফল ৫-০ লৈ আগুৱাই নিয়ে। উল্লেখযোগ্য যে লীগ পদ্ধতিত অনুষ্ঠিত হৈ থকা কালিৰ খেলতো দলটোৱে দিল্লীৰ চি আই এছ এফ বিপক্ষে খেলি ৫-০ গ’লৰ ব্যৱধানত শোচনীয় পৰাজয় বৰণ কৰিছিল।খেল পৰিচালনা কৰে দেৱাশীশ মজুমদাৰে।লাইনত সহায় কৰে নৃপেন তালুকদাৰ আৰু জিগীৰ বড়োৱে।চতুৰ্থ পৰিচালক দেবেন বড়ো।আজিৰ খেলখন উদ্বোধন কৰে অসম চৰকাৰৰ মীন উন্নয়ন বিভাগৰ অধ্যক্ষ গুৰুজ্যোতি দাসে।কাইলৈ অন্তিমখন খেলত দিল্লীৰ চি আই এছ এফ দলে দুলীয়াজানৰ অইল ইণ্ডিয়া ফুটবল ক্লাবৰ বিপক্ষে অৱতীৰ্ণ হব। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here