গণ বাৰ্তা, নগাঁও, ৩ মাৰ্চঃ- স্বামী হত্যাৰ গোচৰত দোষী সাব্যস্ত এগৰাকী মহিলাক নগাঁও জিলা ও সত্ৰ ন্যায়াধীশে আজি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। মহিলা গৰাকীৰ নাম মৰ্জিনা খাতুন(৫৫)। জানিব পৰামতে, ২০১৩ চনৰ ২৭ মে’ত নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ২ নং বৰঘুলিত মৰ্জিনা খাতুন নামৰ মহিলাগৰাকীয়ে পাৰিবাৰীক কন্দলৰ বাবে নিজ স্বামী তাহেৰ আলীক অতি নিৰ্মমভাৱে হত্যা কৰি স্বামীৰ মৃতদেহ বস্তাত ভৰাই বিছনাৰ তলত লুকুৱাই ৰাখিছিল। কিন্তু পুৱাই পৰিয়ালৰ অন্য সদস্যৰ তৎপৰতাত বিছনাৰ তলৰ পৰা মৰ্জিনা খাতুনৰ স্বামীৰ মৃতদেহ উদ্ধাৰ হৈছিল। ঘটনা সন্দৰ্ভত তাহেৰ আলীৰ দ্বিতীয় পত্নীয়ে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে ১১৮/১৩ নম্বৰত এক গোচৰ ৰুজু কৰাৰ লগতে মহিলাগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছিল। গোচৰটোত চৰকাৰী পক্ষৰ হৈ যুক্তি দর্শাইছিল জ্যেষ্ঠ অধিবক্তা বিভা ফুকনে। আজি গোচৰটোৰ চূড়ান্ত ৰায়দান কৰে নগাঁও জিলা তথা সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়ধীশ ৰক্তিম দুৱৰাই। স্বামী হত্যাৰ অভিযুক্ত মৰ্জিনা খাতুনক ভাৰতীয় দণ্ড বিধি আইনৰ ৩০২ ধাৰাৰ অধীনত হত্যাকাৰী হিচাপে দোষী সাব্যস্ত কৰি যাৱজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে দহ হাজাৰ টকাৰ জৰিমনা বিহে।