Home Main Stories নগাঁৱত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উদ্বেগজনক তথ্য : “কভিডৰ দ্বিতীয়টো লহৰত ৰাজ্যত...

নগাঁৱত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উদ্বেগজনক তথ্য : “কভিডৰ দ্বিতীয়টো লহৰত ৰাজ্যত আক্ৰান্ত হৈছে ২৪,৩৪৩ গৰাকী শিশু”

151
0

“অহা শিক্ষা বৰ্ষৰ পৰা নগাঁও মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ হ’ব” ▪️ নগাঁৱত অচিৰেই আৰম্ভ হ’ব আৰ টি পি চি আৰ পৰীক্ষাগাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৮ জুন : “সমগ্ৰ ৰাজ্যখনত কভিড জনিত পৰিস্থিতি ক্ৰমশঃ নিয়ন্ত্ৰনলৈ আহিছে। বৰ্তমান সময়ত ৰাজ্যখনত কভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ তললৈ হ্ৰাস পাইছে। ৰাজ্য চৰকাৰে কভিড প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। ” এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ । আজি নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ সৈতে জিলা উপায়ূক্তৰ সভা কক্ষত শেহতীয়া কভিড পৰিস্থিতিৰ সম্পৰ্কীয় সভাত অংশ গ্ৰহণ কৰাৰ অন্তত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি কয়, “কভিড প্ৰতিৰোধৰ বাবে লব লগা সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । যাৰ বাবে ৰাজ্যখনত ক্ৰমশঃ কভিড জনিত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহিছে। তেওঁ লগতে কয়, জিলাখনৰ ৯ টা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নগাঁও আৰবান স্বাস্থ্য কেন্দ্ৰৰ লগত বিষয় সমূহ তন্ন তন্নকৈ আলোচনা কৰিছোঁ। কভিড প্ৰতিৰোধৰ বাবে যাৱতীয় নিৰ্দেশনা দিয়া হৈছে। শেহতীয়া ভাবে নগাঁও জিলাত শিশুৰ আক্ৰান্ত সংখ্যা বৃদ্ধিৰ হোৱাৰ সম্পৰ্কে সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈকে নগাঁও জিলাত ১৯৬১ গৰাকী শিশু কভিডত আক্ৰান্ত হৈছে। আজিৰ তাৰিখত সক্ৰিয় কভিডত আক্ৰান্ত শিশুৰ সংখ্যা ২৮৪ গৰাকী। ইয়াৰ ভিতৰত ৬১ গৰাকী ৬ বছৰ তলৰ আৰু ১ বছৰৰ তলৰ ৮ গৰাকী শিশু আছে। বাকীখিনি ৬ বছৰ ওপৰৰ শিশু । মন্ত্ৰী গৰাকীয়ে জানিবলৈ জানিবলৈ দিয়ে যে, সমগ্ৰ ৰাজ্য খনত এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈকে ২৪,৩৪৩ গৰাকী শিশু কভিডত আক্ৰান্ত হৈছে। কভিডত আক্ৰান্ত সকলোবোৰ শিশুয়েই ১৮ বছৰ তলৰ। ভাল খবৰ এইটোৱেই যে, কভিডত আক্ৰান্ত অধিক সংখ্যক শিশুৱেই ঘৰলৈ ওভতি গৈছে। মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে কভিডৰ প্ৰথম লহৰত ১২ বছৰৰ পৰা ১৮ বছৰ ভিতৰত শিশু – কিশোৰৰ আক্ৰান্তৰ হাৰ ৮ শতাংশ আছিল আৰু দ্বিতীয় লহৰত এই বয়সৰ ১২ শতাংশ আক্ৰান্ত হৈছে। সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, কভিডত আক্ৰান্ত শিশু চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰা হৈছে। প্ৰতিখন মেডিকেল কলেজলতে পেডিয়েট্ৰিক আইচিউৰ ব্যৱস্থা কৰা হৈছে। শিশুৰ বাবে গুৱাহাটী মেডিকেল কলেজত ৩০০ ৱাডৰ ব্যৱস্থা কৰা হৈছে । য’ত শিশুৰ বাবে সকলো চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব। প্ৰতিখন অসামৰিক চিকিৎসালয়ত কভিড আক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে অক্সিজেনকে ধৰি সকলো সুবিধা গ্ৰহণৰ ব্যৱস্থা লোৱা হ’ব। তেওঁ লগতে জানিবলৈ দিয়ে যে নগাঁৱত আৰ টি পি চি আৰ এটা পৰীক্ষাগাৰ কাম আৰম্ভ কৰা হৈছে । ১০-১৫ দিনৰ ভিতৰত ইয়াত কাম আৰম্ভ কৰিব পৰা যাব। ধুবুৰীতো এটা আৰ টি পি চি আৰ পৰীক্ষাগৰ স্থাপনৰ কাম আৰম্ভ হৈছে । এই দুটা সম্পূৰ্ণ হলে ৰাজ্যখনত আৰ টি পি চি আৰ পৰীক্ষাগাৰৰ সংখ্যা ১৯ টালৈ বৃদ্ধি পাব। তেওঁ লগতে জানিবলৈ দিয়ে যে, কন্টেইনমেন্ট জ’নৰ ক্ষেত্ৰত চৰকাৰ অধিক কঠোৰ হৈছে। কন্টেইনমেন্ট জ’ন ঘোষনা কৰা এলেকাত এদিন বা দুদিনৰ পিছতে কভিড পৰীক্ষা কৰা হ’ব। ইয়াত কভিড পজিটিভ ওলালে লগে তেওঁলোকক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হ’ব আৰু বাকী সকলোকে ভেকচিন প্ৰদান কৰা হ’ব। অসমত কভিডৰ তৃতীয় লহৰৰ প্ৰভাৱ পৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়, আমি বৰ্তমান তেনে খবৰ পোৱা নাই। বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা কভিডৰ প্ৰথম লহৰ হৈছিল আৰু এতিয়া এপ্ৰিল মাহৰ পৰা দ্বিতীয় লহৰ আৰম্ভ হৈছে ‌। আমি পৰ্যবেক্ষণ কৰি দেখিছোঁ । আমি বেলেগ লক্ষণ দেখা নাই। সেয়ে চিন্তিত হোৱাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয়, মুখ্যমন্ত্ৰীয়ে কভিড প্ৰতিৰোধৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আমি কভিডৰ মুখামুখি হ’বলৈ সাজু আছো। কভিডৰ মুকাবিলা কৰাৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখন দেশৰ ভিতৰত আগস্থানত আছো ‌। মন্ত্ৰীগৰাকীয়ে কভিড প্ৰতিৰোধৰ বাবে চিকিৎসক, চিকিৎসা কৰ্মী, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে। ইয়াৰ আগতে মন্ত্ৰীগৰাকীয়ে নগাঁও চহৰৰ সমীপৰ ম’হখুলিত নিৰ্মাণ কৰি থকা নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে, চিকিৎসা মহাবিদ্যালয়খনৰ ৬৮ শতাংশ কাম সম্পূৰ্ণ হৈছে । ইতিমধ্যে আমি ঠিকাদাৰক ৬৩ শতাংশ ধন মোকলাই দিছো। মেডিকেল কলেজখনৰ প্ৰশাসনিক ভৱন, ছাত্ৰ- ছাত্ৰীৰ আবাস গৃহ, কলেজ ভৱন, চিকিৎসালয়ৰ নিৰ্মাণৰ কাম চলি আছে। তদুপৰি কলেজখনৰ আনুসংগিক কাম কাজখিনি সম্পূৰ্ণ কৰাৰ বাবে গড়কাপ্তানি বিভাগক নিৰ্দেশনা দিয়া হৈছে। তদুপৰি কলেজখনৰ পাৰিপাৰ্শ্বিক অৱস্থা সুন্দৰ কৰি তুলিবৰ বাবে পানী ওলাই যাৱাৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, মেডিকেল কলেজখনৰ নিৰ্মান কাৰ্য ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। নিশ্চিত ভাবে আমি এই লক্ষত উপনীত হ’ব পাৰিম। অহা শিক্ষা বৰ্ষৰ পৰাই মেডিকেল কলেজ খনত পাঠ্যক্ৰম আৰম্ভ হ’ব। আজি মন্ত্ৰীগৰাকীক সহযোগ কৰে জিলা উপায়ুক্ত কবিথা পদ্মানাভন, জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়া সকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here