Home স্থানীয় খোৱাং সৰগফলা গোঁহাই গাঁৱত মৃত অৱস্থাত নাহৰফুটুকী উদ্ধাৰ

খোৱাং সৰগফলা গোঁহাই গাঁৱত মৃত অৱস্থাত নাহৰফুটুকী উদ্ধাৰ

29
0

প্ৰণৱ ডেকাবৰুৱা , মৰাণ, ২৫ মেঃ ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মৰাণ সৰগফলা গোঁহাই গাঁৱত আজি পুৱাতে মানুহ এঘৰৰ গাহৰি গৰালত এটা নাহৰফুটুকী বাঘ শুই থকা অৱস্থাত গৃহস্থই প্ৰত্যক্ষ কৰি ওচৰ চুবুৰীয়াক খবৰ দিয়াত স্থানীয়লোকে মৃত অৱস্থাত বাঘটো উদ্ধাৰ কৰে । পিছত খোৱাং আঞ্চলিক বন বিষয়া কৰ্মীয়ে বাঘটো কাৰ্যালয়লৈ আনি মৰনোত্ত পৰীক্ষা কৰে । প্ৰায় ৭-৮ বছৰ বয়সৰ বাঘটো অন্য প্ৰাপ্তবয়স্কৰ নাহৰফুটুকী বাঘৰ সৈতে যুঁজ লাগি আঘাতপ্ৰাপ্তহৈ আছিল বুলি বন বিভাগৰলোকে জানিবলৈ দিয়ে । আনহাতে মৃত নাহৰফুটুকী বাঘটো মৰনোত্ত পৰীক্ষা কৰি খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ চৌহদতে সৎকাৰ কৰে । উল্লেখ্য যে উক্ত অঞ্চলত প্ৰায় ১২ টা মান নাহৰফুটুকী বাঘটে বিচৰণ কৰি পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি আহিছে বুলি স্থানীয়লোকে জানিবলৈ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here