Home Main Stories নাহৰকটীয়া বিধায়ক তৰংগ গগৈক সম্বৰ্দ্ধনা ভোজপুৰী পৰিষদৰ

নাহৰকটীয়া বিধায়ক তৰংগ গগৈক সম্বৰ্দ্ধনা ভোজপুৰী পৰিষদৰ

104
0

প্ৰনামী মহন্ত, নাহৰকটীয়া ১ জুলাই : নাহৰকটীয়া বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক তৰংগ গগৈক সম্বৰ্দ্ধনা জ্ঞাপন কৰে সদৌ অসম ভোজপুৰী পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে। ভোজপুৰী পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ এটা সজাঁতি দলে কালি বিধায়ক গৰাকীৰ নাহৰকটীয়াস্থিত বাসগৃহত উপস্থিত হৈ সম্পূৰ্ণ কভিড প্ৰটকল মানি বিধায়ক গৰাকীক ফুলাম গামোচা, শৰাই, সম্বৰ্দ্ধনা পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে । ভোজপুৰী পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি ৰাকেশ তিৱাৰী, কাৰ্যকৰী সভাপতি উমেশ কমলাপুৰী, উপ-সভাপতি সন্তোষ শ্বাহ, আৰু সম্পাদক অনিল শ্বাহৰ নেতৃত্বত যোৱা সজাঁতি দলটোৱে ভোজপুৰী সমাজৰ বিভিন্ন সমস্যা, উন্নয়ন আৰু স্থায়ী ষট ঘাট নিৰ্মাণ আদি বিষয়ক লৈ বিধায়ক গৰাকীৰ সৈতে এক সৌহায্যপূৰ্ণ আলোচনাত মিলিত হয়। এই আলোচনা কালত সংগঠনটোৱে উত্থাপন কৰা সমস্যা আৰু বিষয় বিলাক বিধায়ক গৰাকীয়ে শীঘ্ৰে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে বুলি জানিবলৈ দিয়ে ভোজপুৰী পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here