Home অসম পলাশবাৰীত দুৰ্ধৰ্ষ চোৰ নেকিবুৰ ৰহমানক আৰক্ষীৰ এনকাউণ্টৰ

পলাশবাৰীত দুৰ্ধৰ্ষ চোৰ নেকিবুৰ ৰহমানক আৰক্ষীৰ এনকাউণ্টৰ

220
0


গণ বাৰ্তা, আজাৰা, ৬ ছেপ্তেম্বৰ : বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গঠন হোৱাৰে পৰা অবৈধ ড্ৰাগ্‌ছৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে চোৰ, ডকাইত আদিৰ বিৰুদ্ধেও অসম আৰক্ষীয়ে সক্ৰিয় হৈ দুৰ্ধৰ্ষ অপৰাধীক কৰায়ত্ত কৰাৰ লগতে এনকাউণ্টৰ কৰি আহিছে। এইবাৰ পলাশবাৰীৰ দখলাত কামৰূপ জিলা আৰক্ষীয়ে দুৰ্ধৰ্ষ মটৰচাইকেল চোৰ নেকিবৰ ৰহমান ওৰফে নকুলক এনকাউণ্টৰ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্ধৰ্ষ গড়ী চোৰ তথা বগাৰ সহযোগী নেকিবৰ অসম আৰক্ষীৰ মূৰৰ কামোৰণি হৈ আছিল। কামৰূপ আৰক্ষীয়ে দুৰ্ধৰ্ষ চোৰ নেকিবৰক এখন চুৰি মটৰচাইকেলসহ আটক কৰিছিল। কিন্তু আটকাধীন নেকিবৰে পলাশবাৰীৰ দখলাত আজি পুৱতি নিশা আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীচালনা কৰে। আৰক্ষীৰ গুলীত ভৰিত গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত হোৱা নেকিবৰক ৰাণীস্থিত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। কিন্তু ঘটনা সন্দৰ্ভত সাংবাদিকক এতিয়ালৈকে পলাশবাৰী আৰক্ষীয়ে কোনো কথা জানিবলৈ দিয়া নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here