এম মহিবৰ ৰহমান, নলবাৰী, ২৪ মাৰ্চ ঃ নলবাৰীৰ গণেশ মন্দিৰস্থিত ভাগ্যশ্ৰী টাটা মটৰ্ছত আজি প্ৰথমবাৰৰ বাবে মুকলি কৰা হয় টাটাৰ বিলাসী বাহন ছাফাৰীৰ ‘কাজিৰঙা সংস্কৰণ’৷ উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে উক্ত বিলাসী বাহনখন নলবাৰীত আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই৷ মুকলি কৰি বিধায়কগৰাকীয়ে কয় যে দেশৰ সৰ্ববৃহৎ টাটা মটৰ্ছ কোম্পানীয়ে এশিঙিয়া গঁড় থকা বিশ্বৰ ভিতৰতে প্ৰথম ‘কাজিৰঙা’ক লৈ বিলাসী গাড়ী ‘কাজিৰঙা সংস্কৰণ’ মুকলি কৰিবলৈ পাই মই অত্যন্ত সুখ অনুভৱ কৰিছো৷ আজি দুপৰীয়া ভাগ্যশ্ৰী টাটা মটৰ্ছত বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত হোৱাৰ পিছত ভাগ্যশ্ৰী টাটা মটৰ্ছৰ পৰিচালন সঞ্চালক তথা সাংস্কৃতিক কৰ্মী দিলীপ কুমাৰ দাস আৰু কৰ্মচাৰীসকলে বিধায়কগৰাকীক ঢোল-তাল বজাই বিহুনৃত্য আৰু পুষ্পবৃষ্টিৰে আদৰি আনে৷ বিলাসী গাড়ীখন মুকলি জয়ন্ত মল্ল বৰুৱাই ভাগ্যশ্ৰী টাটা মটৰ্ছৰ পৰিচালন সঞ্চালক দিলীপ কুমাৰ দাসৰ প্ৰশংসাত পঞ্চমুখ হৈ পুনৰ কয় যে নলবাৰীৰ দিলীপ কুমাৰ দাসে নামনি অসমৰ নলবাৰী, বঙাইগাঁও, বৰপেটাৰোড আৰু আমিনগাঁৱত টাটা মটৰ্ছৰ ডীলাৰ আৰম্ভ কৰি তিনিশতাধিক যুৱক-যুৱতীক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে৷যাৰ বাবে দিলীপ কুমাৰ দাস প্ৰশংসাৰ পাত্ৰ৷ নলবাৰীৰ সমাজ জীৱনলৈ দিলীপ কুমাৰ দাসে আগবঢ়োৱা অৱদানৰ কথাও তেওঁ ব্যক্ত কৰে৷
Home স্থানীয় চালকৰ ৰূপত নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, ভাগ্যশ্ৰী মটৰ্ছত ‘কাজিৰঙা সংস্কৰণ’ বাহন...