Home Main Stories মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰধিকাৰ ননীগোপাল গোস্বামী ৰ আলফা(স্বাধীন) ক আলোচনালৈ আহ্বান...

মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰধিকাৰ ননীগোপাল গোস্বামী ৰ আলফা(স্বাধীন) ক আলোচনালৈ আহ্বান দক্ষিণপটিয়া সত্ৰাধিকাৰৰ

103
0

মাজুলী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ সংবাদ মেল

সনজিৎ কুমাৰ অভয়পুৰীয়া, গণ বাৰ্তা, ফুলনি, ২৪ মে : মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল গোস্বামীৰ বহাত আজি এখন গুৰুত্বপূৰ্ণ সংবাদ মেল অনুষ্ঠিত হয়। সংবাদ মেল যোগে সত্ৰাধীকাৰ জনে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ক চৰকাৰৰ লগত আলোচনাত বহিবলৈ আহ্বান জনায় । আলোচনাৰ বাবে চৰকাৰৰ সদিচ্ছাৰ প্ৰতি আলফা (স্বাধীন)ৰ যোগাত্মক সহাৰিৰ পৰিপ্ৰেক্ষিতত এই আলোচনা সফল হোৱাৰ তাকে কামনা কৰি সত্ৰাধিকাৰ গৰাকীয়ে মহাভাৰতৰ উদাহৰণ দি কয় যে অসমত শান্তি প্ৰতিস্থা কৰিবলৈ আৰু সোণৰ অসম নিৰ্মাণ কৰিবলৈ দুয়োপক্ষৰ মাজত এই আলোচনা সম্পন্ন হ’ব লাগে । পৰেশ বৰুৱা দেবক আহ্বান জনায় যে সকলো স্বাৰ্থৰ উৰ্ধত গৈ জাতি-মাটি-ভেটিৰ ৰক্ষাৰ বাবে এই আলোচনা হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু অসমৰ দীৰ্ঘদিনীয়া সমস্যা সমাধনৰ বাবে উভয় পক্ষৰ ত্যাগসিক্ত মানসিকতাৰে আলোচনাৰ মাধ্যমেৰে সকলো সমস্যাৰ অন্ত আৰু অসমে যোগাত্মক এক পৰিবেশ লাভ কৰিব আৰু যদি এনে বিষয়ত যদি কোনো সহায় বা কৰণীয় থাকে তেন্তে সত্ৰাধিকাৰ গৰাকীয়ে সহায় কৰিব বুলি জনায় । সত্ৰাধিকা ৰ গৰাকী য়ে সৰ্ব প্ৰথমে পঞ্চদশ সংখ্যক অসম বিধান সভাৰ শপত গ্ৰহণৰ শুভক্ষণত সকলো বিধায়কলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি সকলোৱে ব্যক্তিকেন্দ্ৰিক , দলকেন্দ্ৰিক ভাবাদৰ্শৰ উৰ্দ্ধত গৈ দেশ জাতিৰ সামগ্ৰিক স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ আশা প্ৰকাশ কৰে । ইয়াৰ ওপৰিও এক বিবৃত্তি যোগে কয় যে জাতীয় জীৱন এতিয়া সন্ধিক্ষণত উপস্থিত হৈছে। সেয়ে এই জটিল সময়ত প্ৰকৃত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে ইতিহাসে আমাক এদিন আমাক ক্ষমা নকৰিব। এনে কথা অনুভৱ কৰিয়েই প্ৰথমবাৰৰ বাবে হৃদয়বৃত্তিৰ দ্বাৰা পৰিচালিত হৈ ৰাজনৈতিক প্ৰেক্ষাপটত আমি কিবা এষাৰ কোৱাৰ প্ৰয়াস কৰিছোঁ । কাৰণ ইয়াৰ পূৰ্বে চৰকাৰৰ কোনো কথাতে আমি বক্তব্য আগবঢ়োৱা নাই। মাত্ৰ সীমাবদ্ধতাৰ মাজত থাকি সত্ৰ তথা সত্ৰ সমাজৰ কাৰ্য কৰণৰ মাজতেই আবদ্ধ হৈ আছো। সম্প্ৰতি অসমৰ মূখ্যমন্ত্ৰী মহোদয়ে শপত গ্ৰহণৰ পাছতেই সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন ) অৰ্থাৎ আলফাৰ সৈতে আলোচনাৰ পোষকতা কৰিছে। অন্যহাতে আলফাৰ সেনাধ্যক্ষ দেৱেও যোগাত্মক সহাঁৰি প্ৰদান কৰি সাময়িক যুদ্ধ বিৰতিও ঘোষণা কৰিছে লগতে আলফাই আবদ্ধ কৰি ৰখা ৰিতুল শইকীয়াক মুক্তি প্ৰদানেৰে সংগঠনটিয়ে সদিচ্ছা প্ৰদান কৰিছে। উভয়পক্ষৰ এনে সদিচ্ছা জাতিৰ বাবেই এক শুভ বাৰ্তাবাহক আমি উল্লেখ কৰি সত্ৰাধিকা ৰ জনে কয় যে জাতীয় সমস্যা সমাধানৰ বাসনা যদি অত্যুগ্ৰতাৰে সিক্ত হয় আৰু অসমৰ বৌদ্ধিক মহলেও যোগাত্মক সহাৰি প্ৰদান কৰে তেন্তে অসমৰ এক দীৰ্দি্ঘনীয়া সমস্যাৰ অৱসান ঘটিব। এই ক্ষেত্ৰত মাত্ৰ আমাৰ সকলোৱে মনবিলাক উদাৰ আৰু বহল হব লাগিব। আমি বিশ্বাস কৰো যিকোনো সমস্যাই সহৃদ্যযুক্ত আলোচনাৰ দ্বাৰা সমাধানৰ সুত্ৰ উলিয়াব পৰা যায়। মাত্ৰ এই ক্ষেত্ৰত প্ৰয়োজন সদ্দিচ্ছা আৰু কাৰ্যকৰণৰ ক্ষেত্ৰত উভয়পক্ষৰ ত্যাগসিক্ত মানসিকতা। সেয়ে আলফা আৰু চৰকাৰৰ প্ৰতি সত্ৰাধিকা ৰ জনে ঐকান্তিক অনুৰোধ জনাই উভয়পক্ষই কেৱল কাব্যিক বিলাসৰ বিপৰীতে সহৃদয়তাৰে সমস্যা সমাধানত গুৰুত্বতা প্ৰদাণ কৰিব লাগিব বুলি কৈ সত্ৰাধিকা ৰ জনে গীতাৰ এটি উদ্ধৃতি দি কয় গীতাত এটি শব্দ আছে “নিৰ্মানমোহ” আৰু ভাগৱত পুৰাণত আছে এটি শব্দ “নিৰ্মৎসৰ” এই শব্দ দুটিৰ অভিধানিক পৰিভাষা প্ৰায় একেই। ইয়াৰ অৰ্থ হ’ল মিছা আত্মমৰ্যদাবোধ আৰু ভ্ৰম নথকা আমি ভাবো এনে গুণসিক্ত হৈ প্ৰত্যক্ষভাৱে কিম্বা এনে গুণযুক্তজনৰ মাধ্যমেদি আগবাঢ়িব পাৰিলে নিশ্চয় জনজীৱনে যোগাত্মক সমিধান লাভ কৰিব। কাৰণ বৃহৎ অসমীয়া জাতিৰ ক্ষেত্ৰত আমাক সকলোকে লাগিব সেয়ে এই সকলোবোৰ বিষয় বস্তৰ ক্ষেত্ৰত যথাৰ্থতা অৱলোকন কৰি উভয়পক্ষই আলোচনাৰ ক্ষেত্ৰত আমাৰু যদি কিবা কৰণীয় থাকে তাক যথাসাধ্যে কৰাৰ কথা অৱগত কৰি দেশ জাতিৰ সৰ্বাপদ সুমঙ্গলাৰ্থে মহাপুৰুষ শ্ৰী শ্ৰী যাদৱেন্দ্ৰৰ চৰণত প্ৰাৰ্থনা জনালো বুলি সত্ৰাধিকা ৰ জনে মন্তব্য কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here