Home স্থানীয় বায়’ইনফৰমেটিক্সৰ কৌশল প্ৰয়োগ সম্পৰ্কে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰৰ আয়োজন

বায়’ইনফৰমেটিক্সৰ কৌশল প্ৰয়োগ সম্পৰ্কে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰৰ আয়োজন

110
0

গণবাৰ্তা , আজাৰা , ১০ জুন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষক সন্থা আৰু প্ৰাণী বিজ্ঞান সমিতি , অসমৰ যৌথ সহযোগত অহা ১৩ জুনত এখনি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৱেবিনাৰৰ আয়োজন কৰা হৈছে । ৱেৱ সন্মিলনখন শুভ উদ্বোধন কৰিব প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড যোগেন চন্দ্ৰ কলিতাই । মুখ্য সমল ব্যক্তি হিচাবে ভাগ লব ক্ৰমে অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰাস্থিত কলেজ অৱ ভেটাৰিনেৰী চায়েঞ্চৰ জীৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড প্ৰবোধ বৰাই । বিশিষ্ট সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰিব উদীয়মান মহিলা বিজ্ঞানী, আই আই টি গুৱাহাটীৰ ড: আইৰি সঞ্জীৱ । সাম্প্ৰতিক কালত কিদৰে ৰাজ্যৰ ছাত্ৰ ছাত্ৰী সকলে বিজ্ঞানৰ চমকপ্ৰদ কৌশল প্ৰয়োগ কৰি বৰ্ত্তমান পৰিস্থিতিৰ স’তে মোকাবিলা কৰিব পাৰে তাৰেই সহায় কৰিবলৈ আগবাঢ়ি আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষক সকল । প্ৰাণী বিজ্ঞান সমিতি অসমৰ সভাপতি প্রিয়ব্ৰত লহকৰ , কাৰ্যকৰী সভাপতি ড: বলেন্দ্ৰ কুমাৰ দাস উক্ত অনুষ্ঠানত উপস্থিত থাকি আলোচনাত অংশগ্ৰহণ কৰিব । অসমৰ কেবাখনো মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা সহ ছাত্ৰ ছাত্ৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ইতিমধ্যে প্ৰায় ২৬০০ প্ৰতিনিধিয়ে ৰাষ্ট্ৰীয় ৱেব সন্মিলন খনত অংশগ্ৰহণ কৰাৰ বাবে দেশ বিদেশৰ বিভিন্ন অনুষ্ঠান সমূহৰ পৰা নাম পঞ্জীয়ন কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here