Home যোৰহাট যোৰহাটত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস : বিজ্ঞানী ড° প্ৰমোদ চন্দ্ৰ নেওগলৈ ড° জীৱন...

যোৰহাটত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস : বিজ্ঞানী ড° প্ৰমোদ চন্দ্ৰ নেওগলৈ ড° জীৱন চন্দ্ৰ শৰ্মা কটকী সোঁৱৰণী বিজ্ঞান-প্ৰসাৰ বঁটা

495
0


ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাট, ২৮ ফেব্ৰুৱাৰী: অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অন্তৰ্গত যোৰহাট জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰসমূহৰ উদ্যোগত আৰু ব্ৰিলিয়েঞ্চ একাডেমীৰ সহযোগত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু ড॰ জীৱন চন্দ্ৰ শৰ্মা কটকী সোঁৱৰণী বিজ্ঞান-প্ৰসাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়৷ যোৰহাট জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সভাপতি প্ৰবীণ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড॰ অদিতি বেজবৰুৱাই বিজ্ঞান দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি প্ৰদূষণমুক্ত পৃথিৱী পাবলৈ মানৱ জাতিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰচেষ্টা অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰে৷ অনুষ্ঠানত বিজ্ঞান দিৱসৰ এই বছৰৰ মূল বিষয় ‘বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞান প্ৰযুক্তিৰ সমন্বিত অভিগমন’ সম্পৰ্কে আলোকপাত কৰি অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ অজন্তা বৰগোহঁাই ৰাজকোঁৱৰে বিজ্ঞানৰ তাত্ত্বিক দিশ সম্পৰ্কে বক্তব্য আগ বঢ়োৱাৰ লগতে ড॰ অদিতি বেজবৰুৱাৰ ছাৰ চি ভি ৰমন গ্ৰন্থখন উন্মোচন কৰে৷ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক ধীৰেন কুমাৰ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা, মধ্য যোৰহাটৰ সমন্বয়ক হেমেন কুমাৰ শইকীয়াই আঁত ধৰা সভাত আদৰণী ভাষণ দিয়ে একাডেমীৰ অধ্যক্ষ মহেন্দ্ৰ বৰাই৷ ব্ৰিলিয়েঞ্চ একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাত নেইষ্টৰ অৱসৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী ড॰ প্ৰমোদ চন্দ্ৰ নেওগক যোৰহাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই প্ৰৱৰ্তন কৰা ড॰ জীৱন চন্দ্ৰ শৰ্মা কটকী সোঁৱৰণী ‘বিজ্ঞান-প্ৰসাৰ বঁটা’ প্ৰদান কৰা হয়৷ বঁটা প্ৰদান কৰি যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কৃতকাৰ্যৰ বাবে কোনো চমু পথ নাই বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক নিজ কৰ্তব্যত নিয়োজিত হ’বলৈ আহ৩ান জনায়৷ বঁটাপ্ৰাপক ড॰ নেওগক যোৰহাট জিলা মুক্তিযোদ্ধা সন্মিলন, নেছিয়া, ৰ’দালি, ব্ৰিলিয়েঞ্চ একাডেমী, সেৱাই সম্বৰ্ধনা জনায়৷ ড॰ শৰ্মা কটকীৰ পৰিবাৰ মামণি কটকী, একাডেমীৰ পৰিচালনা সভাৰ সভাপতি ৰাজা চক্ৰৱৰ্তী প্ৰমুখ্যে বিভিন্নজন উপস্থিত থাকে৷ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উত্তৰ-পশ্চিম যোৰহাটৰ সমন্বয়ক বিপুল দুৱৰাই শলাগ জনোৱা সভাত একাডেমীৰ তৰফৰ পৰা ৰাজেশ বৰদলৈয়ে সকলোকে কৃতজ্ঞতা জনায়৷ প্ৰতাপ শৰ্মাই বক্তব্য প্ৰদান কৰা অনুষ্ঠানত সমন্বয়ক ৰঞ্জন শৰ্মা, দেৱজিৎ বৰুৱাই সহযোগিতা আগবঢ়ায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here