Home Main Stories দেশত এবছৰত নিবনুৱাৰ হাৰ ১০.৩ শতাংশলৈ বৃদ্ধি: ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ প্ৰতিবেদন

দেশত এবছৰত নিবনুৱাৰ হাৰ ১০.৩ শতাংশলৈ বৃদ্ধি: ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ প্ৰতিবেদন

127
0

নতুন দিল্লী, ১১ ছেপ্টেম্বৰ: কোৰোনা মহামাৰীয়ে দেশৰ অৰ্থ অৱস্থাত আঘাত হনাৰ ফলত হোৰাহোৰে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কোৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ঘোষণা কৰা লকডাউন অথবা আনলকৰ ফলত উদ্যোগ- প্ৰতিষ্ঠানসমূহ ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হোৱাত এনে উদ্যোগ-প্ৰতিষ্ঠানসমূহে হয়তোবা কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিছে নাইবা দৰমহা কৰ্তন কৰিছে। আনহাতে, মহামাৰীৰ ফলত লোকচানৰ সন্মুখীন হোৱাত বহু উদ্যোগ-প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ফলত এনে উদ্যোগ-প্ৰতিষ্ঠানসমূহৰ কৰ্মৰত কৰ্মচাৰীসকল নিবনুৱা হৈ ৰ’বলগীয়া হৈছে। ইয়াৰ মাজতে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় চমুকৈ এন এছ অ’ৱে নিবনুৱা সংখ্যাক লৈ এক প্ৰতিবেদন প্ৰকাশ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি দেশত এবছৰত নিবনুৱাৰ হাৰ ২.৪ শতাংশ বৃদ্ধিৰে ১০.৩ শতাংশই স্পৰ্শ কৰিছে। দেশৰ চহৰ অঞ্চলসমূহৰ এবছৰত নিবনুৱাৰ হাৰ ২.৪ শতাংশলৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰিছে সংস্থাটোৱে। লগতে এই কথা প্ৰকাশ কৰিছে যে ২০২০ৰ অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত নিবনুৱাৰ হাৰ ১০.৩ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৯ত এই তিনি মাহত দেশত নিবনুৱাৰ হাৰ আছিল ৭.৮ শতাংশ। সংস্থাটোৰ প্ৰতিবেদন অনুসৰি ২০২০ৰ জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত নিবনুৱাৰ হাৰ আছিল ১৩.৩ শতাংশ।  এন এছ অ’ৰ প্ৰতিবেদন অনুসৰি ২০২০ৰ অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত চহৰ অঞ্চলত নিবনুৱাৰ হাৰ ১০.৩ শতাংশলৈ বৃদ্ধি পায়। উল্লেখ্য যে ক’ভিডৰ ফলত বহু উদ্যোগ-প্ৰতিষ্ঠান বন্ধ হৈ পৰাত চহৰ অঞ্চলত দ্ৰুত হাৰত নিবনুৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। ক’ভিডৰ ফলতে দেশত ৫ কোটিতকৈও অধিক লোক নিবনুৱা হোৱাৰ তথ্য ইতিমধ্যে প্ৰকাশ পাইছে। ইয়াৰ মাজতে এন এছ অ’ৱে প্ৰকাশ কৰিছে যে দেশত নিবনুৱাৰ হাৰ ২.৪ শতাংশ বৃদ্ধিৰে ১০.৩ শতাংশ হৈছেগৈ। ২০১৯ৰ অক্টোবৰ-ডিম্বেৰত নিবনুৱাৰ হাৰ আছিল ৭.৮ শতাংশ, ২০২০ৰ জানুৱাৰী-মাৰ্চত নিবনুৱাৰ হাৰ ৯.১ শতাংশলৈ বৃদ্ধি পায়। একেদৰে ২০২০ৰ এপ্ৰিলৰ পৰা জুনৰ ভিতৰত নিবনুৱাৰ হাৰ ২০.৮ শতাংশলৈ বৃদ্ধি পাইছিল। জুলাইৰ পৰা ছেপ্টেম্বৰৰ পৰা নিবনুৱাৰ হাৰ হ্ৰাস পাই ১৩.২ শতাংশ হয়গৈ। আনহাতে, ২০২০ৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈ নিবনুৱাৰ হাৰ ১০.৩ শতাংশ হয়গৈ। এই সময়ছোৱাত কিন্তু গ্ৰামাঞ্চলৰ তুলনাত চহৰ অঞ্চলত ২.৪ শতাংশলৈ বৃদ্ধি পায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here