
প্ৰাক্তন DGPক নিজ বাসগৃহতে নৃশংসভাৱে হত্যা পত্নীৰ!
তদন্তত পোহৰলৈ গাৰ নোম শিয়ৰি উঠা তথ্য
কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ওম প্ৰকাশৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পত্নী পল্লৱীয়ে ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ওম প্ৰকাশৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেওবাৰে তেওঁৰ বেংগালুৰুৰ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ হৈছিল ওম প্ৰকাশক। জানিব পৰা মতে, দেওবাৰে বিয়লি পত্নী পল্লৱীৰ সৈতে তেওঁৰ কাজিয়া হৈছিল ওম প্ৰকাশ।আৰু এই কাজিয়াৰ সময়তে সময়তে পল্লৱীয়ে স্বামী ওম প্ৰকাশৰ ওপৰত জলকীয়া গুড়ি চটিয়াই দিছিল। তাৰ পিছ বান্ধিলৈ পিঠিত ছুৰীৰে আঘাত কৰি কৰি হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তনদন্ত ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে। ৬৮ বছৰীয়া প্ৰাক্তন আৰক্ষী বিষয়াজনকো কাঁচৰ বটলেৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীৰ পত্নীয়ে এগৰাকী আৰক্ষী বিষয়াৰ পত্নীৰ আগত ওম প্ৰকাশ হত্যা কৰাৰ কথা প্ৰকাশ কৰিছিল বুলি প্ৰাৰম্ভিক তদন্তত জানিব পৰা গৈছে। তেওঁ ফোন কৰা মহিলাগৰাকীয়ে স্বামীক জনাইছিল, যিয়ে আৰক্ষীক খবৰ দিয়ে।ঘটনাস্থলীত উপস্থিত হৈ কৰ্ণাটক আৰক্ষীয়ে পল্লৱী আৰু তেওঁৰ কন্যাক গ্ৰেপ্তাৰ কৰে। প্ৰায় ১২ ঘণ্টা ধৰি মাতৃ-কন্যাক জেৰা চলোৱা হৈছে।