
কাশ্মীৰৰ পেহেলগাম ঘটনাৰ দুদিন পূৰ্বে পাকিস্তান ভ্ৰমণ কৰিছিল জ্যোতি মালহোত্ৰাই। পূৰ্বে কেইবাবাৰো পাকিস্তান ভ্ৰমণ কৰিছিল যদিও পেহেলগাম আক্ৰমণৰ দুদিন পূৰ্বে পুনৰ গৈছিল পাকিস্তানলৈ। শেহতীয়াকৈ জ্যোতি মালহোত্ৰা চীনলৈ যোৱা তথ্যও পোহৰলৈ আহিছে। পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা হাৰিয়ানাৰ হিছাৰৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ ন ন তথ্য পোহৰলৈ আহিছে। পাকিস্তানী চোৰাংচোৱা সংস্থাৰ বাবে জ্যোতি মালহোত্ৰা আছিল অন্যত বিশ্বাসী চোৰাংচোৱা। ভাৰতৰ স্পৰ্শকাতৰ তথ্য সংগ্ৰহৰ বাবে পাকিস্তানৰ চোৰাংচোৱা সংস্থাসমূহে ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী লোকক লক্ষ্য হিচাপে বাছি লৈছিল। ইয়াৰ জৰিয়তে পাকিস্তানৰ হৈ ইতিবাচক অনুষ্ঠান প্ৰচাৰৰ নিৰ্দেশ দিছিল। শুকুৰবাৰে গ্ৰেপ্তাৰ হোৱা জ্যোতি মালহোত্ৰাক আদালতে ৫ দিনৰ আৰক্ষীৰ জিম্মাত দিয়াৰ পাছতে জেৰাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। দেশদ্ৰোহী জ্যোতি মালহোত্ৰাৰ একাউণ্ট পৰীক্ষা কৰি আছে আৰক্ষীয়ে। ক ’ত ক’ত জ্যোতি মালহোত্ৰাই ভ্ৰমণ কৰিছিল, মাহে কিমান টকা উপাৰ্জন কৰিছিল সকলো তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে। বাহিৰৰ পৰাও ধনৰ লেনদেন হৈছিল নেকি সকলো পৰীক্ষা কৰি থকা হৈছে। পাকিস্তান ভ্ৰমণৰ সময়ত জ্যোতি মালহোত্ৰাই কেইবাজনো হাই প্ৰফাইল ব্যক্তিক সাক্ষাৎ কৰিছিল। ভাৰতীয় চোৰাংচোৱা সংস্থাই নিৰীক্ষণ কৰি আছে সমগ্ৰ বিষয়টো। বৰ্তমান হাৰিয়ানা আৰক্ষীয়ে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সহযোগত সকলো দিশ তদন্ত কৰি আছে। তদন্তকাৰী বিষয়াই জ্যোতিৰ সম্পৰ্কত থকা ভাৰতীয় নাগৰিকসকলৰো সকলো তথ্য নিৰীক্ষণ কৰি আছে। যাৰ জৰিয়তে পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে জ্যোতিৰ সংযোগ ঘটিছিল সেই বিশেষ ব্যক্তিজনৰ সন্ধানত আছে ভাৰতীয় চোৰাংচোৱা সংস্থা আৰু আৰক্ষী। জ্যোতিৰ পাকিস্তান নেটৱৰ্কৰ আঁত বিচৰাৰ লগতে ইউটিউবৰ সকলো কণ্টেণ্ট বিশ্লেষণ কৰি থকা হৈছে।
উল্লেখ্য যে, অপাৰেচন সিন্দূৰৰ পাছত হাৰিয়ানাৰ একাধিক জিলাত ভাৰত বিৰোধী দেশ বিৰোধী কাৰ্যকলাপ চিনাক্ত কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে। অভিযুক্তসকলৰ বিৰুদ্ধে শক্তিশালী প্ৰমাণ সংগ্ৰহ কৰিছে ইতিমধ্যে আৰক্ষীয়ে। প্ৰতিখন জিলাৰ আৰক্ষীৰ সৈতে ভাৰতীয় চোৰাংচোৱা সংস্থাই যোগাযোগ ৰাখিছে। আনহাতে জ্যোতি মালহোত্ৰাৰে সম্পৰ্ক থকা ওড়িশাৰ ইউটিউবাৰ প্ৰিয়ংকা সেনাপতি সন্দৰ্ভতো তদন্ত চলাই আছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আৰু পুৰী আৰক্ষীয়ে। কিয়নো ২০২৪ চনৰ ছেপ্তেম্বৰ মাহত জ্যোতি মালহোত্ৰাই ওড়িশাৰ পুৰী ভ্ৰমণ কৰিছিল আৰু জ্যোতিক সহায় কৰিছিল পুৰীৰ ইউটিউবাৰ প্ৰিয়ংকা সেনাপতিয়ে। উল্লেখ্য যে, পুৰীৰ ইউটিউবাৰ প্ৰিয়ংকা সেনাপতিয়েও কেইদিনমান পূৰ্বে পাকিস্তানৰ কৰতাপুৰ ভ্ৰমণ কৰিছিল য’ত সহায় কৰি দিছিল জ্যোতি মালহোত্ৰাই।