
আৰক্ষীৰ তদন্তত পোহৰলৈ গাৰ নোম শিয়ৰি উঠা তথ্য! মুখা খোল খালে জনপ্ৰিয় ইউটিউবাৰৰ!
চাঞ্চল্যকৰ, শিহৰণকাৰী এক ঘটনা। প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰিলে এগৰাকীৰ জনপ্ৰিয় ইউটিউবাৰে। অভিযোগ অনুসৰি জনপ্ৰিয় ইউটিউবাৰ ৰবীনাই তেওঁৰ প্ৰেমিক সুৰেশৰ সৈতে মিলি স্বামীক হত্যা কৰে।চাঞ্চল্যকৰ, শিহৰণকাৰী এক ঘটনা। অভিযোগ অনুসৰি জনপ্ৰিয় ইউটিউবাৰ ৰবীনাই তেওঁৰ প্ৰেমিক সুৰেশৰ সৈতে মিলি হৈ স্বামীক হত্যা কৰে।প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জানিব পাৰে যে ৩২ বছৰীয়া ৰবীনাই সুৰেশৰ সৈতে ডেৰ বছৰ ধৰি ইনষ্টাগ্ৰামত শ্ব’ৰ্টছ ভিডিঅ’ নিৰ্মাণ কৰি আহিছিল। সুৰেশৰ সৈতে ৰবীনাই শ্ব’ৰ্টছ ভিডিঅ’ নিৰ্মাণ কৰাৰ কথাত একেবাৰে অসন্তুষ্ট আছিল স্বামী আৰু শহুৰ।স্বামী-শহুৰ আপত্তিৰ পিছতো তেওঁলোকে কণ্টেণ্ট তৈয়াৰ কৰা বন্ধ কৰা নাছিল। আৰু শ্ব’ৰ্টছ ভিডিঅ’ নিৰ্মাণ কৰি থাকোতে দুয়োৰে মাজত প্ৰেম হৈছিল। উল্লেখ্য যে শ্ব’ৰ্টছ ভিডিঅ’ নিৰ্মাণ আৰু ৰীলৰ জৰিয়তে ৰবীনাই ইনষ্টাগ্ৰামত ৩৪ হাজাৰৰো অধিক অনুগামী সংগ্ৰহ কৰিছে।২৫ মাৰ্চত ৰবীনা-সুৰেশক আপত্তিজনক অৱস্থাত দেখা পাইছিল। তাৰপিছতে ৰবীনাৰ সৈতে প্ৰৱীণক কাজিয়াৰ সূত্ৰপাত হৈছিল। অভিযোগ অনুসৰি, তাৰ পিছতে ৰবীনা আৰু সুৰেশে মিলি ডিঙি চেপি হত্যা কৰে প্ৰৱীণক।