পেহেলগামৰ নৰসংহাৰৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পিছত-কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে। ইতিমধ্যে ভাৰতৰ তিনিওটা সেনাই প্ৰস্তুতি আৰম্ভ কৰিছে। আনফালে পাকিস্তানৰ বিৰুদ্ধে বৰ্তমানৰ তাৰকা ক্ৰিকেটাৰসকলৰ বিৰুদ্ধে ভাৰতে ডাঙৰ সিদ্ধান্ত লৈছে।

ভাৰতত বাবৰ আজম, মহম্মদ ৰিজৱান, শ্বাহীন শ্বাহ আফ্ৰিদী আৰু হৰিছ ৰাউফৰ ইনষ্টাগ্ৰাম একাউণ্ট বন্ধ কৰি দিয়া হৈছে।
পেহেলগামৰ নৰসংহাৰত প্ৰাণ গৈছিল ২৬জন নিৰীহ ভাৰতীয়ৰ। সন্ত্ৰাসবাদীক বিচাৰি উলিওৱাৰ বাবে এতিয়াও কাশ্মীৰত অনুসন্ধান অব্যাহত আছে। কূটনৈতিক পৰ্যায়ত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে।
দুদিন পূৰ্বে পাকিস্তানৰ স্বৰ্ণ বিজয়ী জেভেলিন থ্ৰ’ৱাৰ আৰ্শ্বদ নাদীমৰ ইনষ্টাগ্ৰাম একাউণ্ট ভাৰতত বন্ধ হৈছিল। কিছুদিন পূৰ্বে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বোৱেইব আখতাৰ, বাছিত আলী আৰু ৰছিদ লতিফৰ ইউটিউব একাউণ্ট বন্ধ কৰা হৈছিল। এই তালিকাত মুঠ ১৬টা ইউটিউব একাউণ্ট আছে।
বাবৰ, ৰিজৱান, শ্বাহীন আৰু হৰিছ বৰ্তমানৰ জনপ্ৰিয় পাকিস্তানী ক্ৰিকেটাৰসকলৰ ভিতৰত অন্যতম আৰু সমগ্ৰ বিশ্বতে তেওঁলোকৰ অনুৰাগীৰ বৃহৎ অনুগামী আছিল। ইনষ্টাগ্ৰামত তেওঁলোকৰ ফ’ল’ৱাৰৰ এক বৃহৎ অংশ ভাৰতীয়। আৰু ভাৰতীয় অনুৰাগী আঁতৰোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।