Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰাকৃতিক দুৰ্যোগত বিধবস্ত পাকিস্তানে বিচাৰিছে ভাৰতৰ সহায়

প্ৰাকৃতিক দুৰ্যোগত বিধবস্ত পাকিস্তানে বিচাৰিছে ভাৰতৰ সহায়

157
0


বিশেষ প্ৰতিনিধি, ২ ছেপ্টেম্বৰ: প্ৰাকৃতিক দুৰ্যোগত তচনচ হোৱা চুবুৰীয়া দেশ পাকিস্তানে বিচাৰিছে ভাৰতৰ সহায়৷ বানপানী, খহনীয়া, ধুমুহাত বিধবস্ত হোৱা পাকিস্তানৰ অৱস্থা এতিয়া তথৈবচ৷ দেশখনৰ সমগ্ৰ অৰ্থনীতি তচনচ কৰি পেলাইছে চলিত বানে৷ ইয়াৰ সমান্তৰালকৈ তীব্ৰ খাদ্য সংকটত ভুগিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান৷ প্ৰাপ্ত তথ্য অনুসৰি এই বানত পাকিস্তানত প্ৰায় ক্ষতিগ্ৰস্ত হৈছে ৩৩ নিযুত লোক৷ এনে পৰিস্থিতিত পাকিস্তানে এতিয়া বিদেশী ৰাষ্ট্ৰৰ সহায় ভিক্ষা কৰিবলৈ বাধ্য হৈ পৰিছে৷ খাদ্য সংকটৰ পৰিস্থিতি এনে এক পৰ্যায় পাইছেগৈ যে চিৰবৈৰী পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে বাধ্য হৈছে এতিয়া ভাৰতৰ পৰাও সহায়ৰ আহ৩ান কৰিবলৈ৷ পূৰ্বে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলৱাল ভূট্টোৱে ভাৰতৰ পৰা সহায়ৰ আশা কৰিছিল৷ ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পাকিস্তানৰ বান পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত পাকিস্তানে এতিয়া ভাৰতৰ পৰা সহায় ভিক্ষা কৰিবলৈ অকণো কুণ্ঠাবোধ কৰা নাই৷ জানিব পৰা মতে খাদ্য সংকটত পৰা পাকিস্তানে ভাৰতৰ পৰা খাদ্য শস্য বিচাৰিব পাৰে৷ উল্লেখ্য যে পাকিস্তানে ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক ছিন্ন কৰিছিল৷ অৱশ্যে কিছুমান গুৰুত্বপূৰ্ণ জীৱন ৰক্ষাকাৰী ঔষধ আমদানি কৰিবলৈ এৰা নাছিল৷ পাকিস্তানৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘই মঙলবাৰে ইছলামাবাদ আৰু জেনেভাত যুটীয়াভাৱে ‘পাকিস্তান বান সঁহাৰি পৰিকল্পনা ২০২২’ আৰম্ভ কৰা হৈছে৷ অন্যহাতে আগন্তুক দিনত পাকিস্তানৰ বৰ্তমানৰ পৰিস্থিতি পৰ্যবক্ষেণৰ বাবে ৰাষ্ট্ৰসংঘৰ মহাসচিবে পাকিস্তান ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here