অলক জ্যোতি শইকীয়া, কাজিৰঙা , ১১ জুন’ : ৰাজ্যখনৰ চাৰিওফালে এতিয়া মহামাৰী ক’ভিডৰ আতংক । মহা কাল ৰুপী মহামাৰী ক’ভিডত আক্ৰান্ত হৈ প্ৰতি দিন বহু সংখ্যক লোক মৃত্যুৰ মুখত পৰিবলগা হৈছে । চৰকাৰে ক’ভিড ৰোধ কৰিবলৈ বিদ্যালয়,মহাবিদ্যালয়, কাৰ্যালয় সকলো বন্ধ কৰিছে । আনকি ৰাইজৰ সমাগম পৰ্যন্ত বন্ধ কৰাত বাধ্য হৈছে । মানুহে সদায় প্ৰকৃতিৰ ওপৰত একপ্ৰকাৰ অত্যাচাৰ আৰম্ভ কৰি এই পৃথিৱীখন কেৱল নিজৰ (মানুহৰ ) বুলি ভাবি সকলো অধিকাৰ সাব্যস্ত কৰাত উঠি – পৰি লগাৰ সময়ত প্ৰকৃতিয়ে যেন নিজেই মানুহক শান্ত কৰাত বাধ্য হৈ পৰিছে । তেনে সময়তে বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গড়ঁৰ বাসস্থান তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰকৃতিয়ে লৈছে এক অনন্য ৰুপ । সদায় ব্যস্ত মানুহৰ কোলাহল, সমাগম নোহোৱা বা যান বাহনৰ চলাচল একপ্ৰকাৰ বন্ধ হৈ পৰাত এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়, হাতী, পহু- ম’হৰ জাকে মুক্ত মনে বিচৰণ কৰিছে । তেনে সময়তে ৰাষ্ট্ৰীয় উদ্যানখনত কৃষ্ণচূড়া, ৰাধাচূঢ়া, সোনাৰু, এজাৰকে আদি কৰি নানা ৰঙৰ ফুলে এক মনোমোহা পৰিবেশৰ সৃষ্টি কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চলৰ প্ৰবেশ দ্বাৰ মিহিমুখ, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ ভিতৰলৈ প্ৰবেশ কৰা পথৰ দুয়ো কাষে শাৰী শাৰী এজাৰ ,কৃষ্ণচূড়া, ৰাধাচূঢ়া আদি গছত এতিয়া কেৱল ৰঙা,বেঙুনীয়া আদি ৰঙৰ ফুল আৰু ফুল । ৰাষ্ট্ৰীয় উদ্যানখনলৈ যেন প্ৰকৃতিয়ে সকলোকে নানা ৰঙী ফুলেৰে যেন আমন্ত্ৰণহে জনাইছে । খৰালিৰ শুকান, লঠঙা বিৰিখত বাৰিষাৰ বৰষুণ পৰাত যেন প্ৰকৃতিয়ে প্ৰাণ পাই উঠি সেউজ ধৰণী সৃষ্টি কৰিছে । উল্লেখ্য ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশেষকৈ তৃণভোজী প্ৰাণীৰ খাদ্যৰ যাতে নাটনি নহয় তাৰ প্ৰতি লক্ষ ৰাখি উদ্যান কৰ্ত্তৃপক্ষই প্ৰতি বছৰ নিৰ্বাচিত কিছু অৰণ্যত জুই দিয়ে । জুই দিয়াৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু এলেকা অৰ্থাৎ ইকৰা- খাগৰিবোৰ পুৰি একেবাৰে শুকান পৰিবেশৰ সৃষ্টি হয় । এতিয়া কাজিৰঙাৰ সেই জুইত জাহ যোৱা এলেকাত নতুন ঘাঁহ গজাত এখন বিশাল সেউজীয়া দলিচালৈ ৰূপান্তৰ হৈছে । এই সেউজৰ মাজে মাজে এতিয়া কেৱল নানা ৰঙী ফুলৰ বাহাৰ । ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিহিমুখলৈ যোৱা প্ৰবেশ পথৰ দুয়ো কাষে থকা এজাৰ ফুল পথত সৰি পৰাত এনে লাগিছে যেন কোনোবাই ৰঙা, বেঙুনীয়া, হালধীয়া নানা ৰঙৰ ফুলৰ এখন দলিচা পাৰি থৈছে । মানুহৰ সমাগম নোহোৱা হোৱাত প্ৰকৃতিৰ মনোৰম দৃশ্যৰ মাজত নানা প্ৰজাতিৰ পক্ষীয়ে আপোন পাহাৰৰ দৰে বিভিন্ন গীত গাই নাচি বাগি ফুৰিছে । অন্যহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষেও শাৰী শাৰী কৃষ্ণচূড়া, ৰাধাচূঢ়া, এজাৰ, সোনাৰু আদি গছত ফুলি থকা ফুলে কাজিৰঙাত এক নানন্দনীক পৰিবেশৰ সৃষ্টি কৰিছে । উল্লেখ্য ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বৰ্তমান যান বাহনৰ চলাচল হ্ৰাস পোৱাত বন্যপ্ৰাণীবোৰেও নিজ ইচ্ছা মতে বিচৰণ কৰাত সুবিধা হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা – যোৱা কৰা লোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে পথৰ কাষতে শাৰী শাৰী গছত ফুলি থকা নানা ৰঙৰ ফুলৰ সুবাস লৈ প্ৰকৃতিৰ মনোমোহা দৃশ্যৰ মাজত মহামাৰী ক’ভিডৰ আতংকৰ মাজতো কিছু সময়ৰ কাৰণে পাহৰি হলেও আনন্দত উৎফল্লিত হোৱাৰ কথাও জানিব পৰা গৈছে । উল্লেখ্য ৰাজ্যখনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ চিন্তা আৰু পৰিকল্পনা মতে প্ৰায় দুবছৰ পূৰ্বে জখলাবন্ধাৰ পৰা বোকাখাতলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশ – বিদেশৰ পৰ্যটকক আদৰণি জনাবলৈ বন আৰু সামাজিক বনানীকৰণ বিভাগৰ দ্বাৰা কৃষ্ণচূড়া, ৰাধাচূঢ়া, এজাৰ, সোনাৰু আদি গছৰ পুলি ৰোপণ কৰাইছিল। আজিৰ তাৰিখত এই গছবোৰতো ফুল ফুলি কাজিৰঙাৰ এক অপূৰ্ব সৌন্দৰ্য বৃদ্ধি কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকে কেৱল বন্যপ্ৰাণী দৰ্শন কৰিবলৈ অহাৰ উপৰিও কাজিৰঙাৰ প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য উপভোগ কৰাৰ থল আছে বুলি উদ্যান কৰ্ত্তৃপক্ষই মত প্ৰকাশ কৰিছে । ক’ভিড মহামাৰীত সামান্য অক্সিজেনৰ কাৰণে মানুহে তিল তিল কৈ মৃত্যুক আকোৱালি লবলৈ বাধ্য হোৱাৰ সময়ত কাজিৰঙাত সেউজ প্ৰকৃতিয়ে কোনো কৃপনালি নকৰাকৈ পৰিস্কাৰ, বিশুদ্ধ অক্সিজেন উৎপাদন কৰি মানৱ জাতিক নিৰবচ্ছিন্ন ভাৱে কল্যাণ কৰি আহিছে বুলি প্ৰকৃতিপ্ৰেমীয়ে মত প্ৰকাশ কৰিছে ।
Home স্থানীয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এজাৰ,কৃষ্ণচূড়া, ৰাধাচূঢ়া, সোনাৰুৰ বাহাৰ : ৰঙীন প্ৰকৃতিয়ে হাত...