Home স্থানীয় ক’ভিড ভেক্সিন চেণ্টাৰ বৃদ্ধিৰ বাবে নকছাৰি আছুৰ স্মাৰকপত্ৰ

ক’ভিড ভেক্সিন চেণ্টাৰ বৃদ্ধিৰ বাবে নকছাৰি আছুৰ স্মাৰকপত্ৰ

49
0

গণ বাৰ্তা নকছাৰি ১৫ মে : বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কোৰোনা মহামাৰীৰ এই জটিল সময়ত ক’ভিড ভেক্সিন প্ৰদান ৰাইজক আংশিক সকাহ প্ৰদান কৰিছে । কিন্তু প্ৰায় ৪০ খন গাঁৱ সমৃদ্ধ ২৫ হাজাৰৰো অধিক জনসংখ্যাৰ এই বৃহত্তৰ নকছাৰি অঞ্চলত স্বাস্থ্য বিভাগে মাত্ৰ এটা ক’ভিড ভেক্সিন চেণ্টাৰ স্থাপন কৰাৰ ফলত স্থানীয় ৰাইজে ভেক্সিন লোৱাৰ পৰা বঞ্চিত হ’বলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে , যাক লৈ ক্ষুণ্ণ হৈ পৰিছে নকছাৰি আঞ্চলিক ছাত্ৰ সন্থা । সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক পঞ্চানন দুৱৰা , কাৰ্যালয় সম্পাদক অবিনাশ ফুকন , নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পৃথুৰাজ দুৱৰা , সাধাৰণ সম্পাদক মাধুৰ্য গগৈ , উপ সভাপতি ঋতুৰাজ গগৈ , সহকাৰী সাধাৰণ সম্পাদকদ্বয় কৌশিক দুৱৰা , অবিনাশ গগৈ , ছাত্ৰকর্মী কৌশিক ফুকনৰ সহিতে যোৱা আছুৰ সঁজাতি দলটোৱে নকছাৰিস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মহকুমা স্বাস্থ্য বিষয়া ডাঃ বিৰু বৰকাকতিৰ জৰিয়তে যোৰহাট জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকলৈ নকছাৰি অঞ্চলত ক’ভিড ভেক্সিন চেণ্টাৰৰ সংখ্যা বৃদ্ধিৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰে । এক বিবৃতিযোগে নকছাৰি আছুৰ সভাপতি , সম্পাদকদ্বয়ে কয়, ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোৰোনা মহামাৰীত আক্ৰান্তৰ সংখ্যাই নকছাৰিতো প্ৰভাৱ পেলাইছে । নকছাৰি অঞ্চলৰ বিভিন্ন স্থানৰ ব্যক্তি ক’ভিডত আক্রান্ত হৈছে । গতিকে এনে সময়ত ক’ভিড ভেক্সিন প্ৰদানে ৰাইজক সকাহ প্ৰদান কৰিছে যদিও এটা ভেক্সিন চেণ্টাৰ কেতিয়াও পৰ্যাপ্ত নহয় । গতিকে আজি স্মাৰকপত্ৰ যোগে স্বাস্থ্য বিভাগক নকছাৰিবাসী ৰাইজৰ সুবিধাৰ স্বাৰ্থত ক’ভিড ভেক্সিন চেণ্টাৰৰ সংখ্যা বৃদ্ধিৰ বাবে আহ্বান জনোৱাৰ লগতে Slot Booking ৰ ক্ষেত্ৰত অনলাইন পদ্ধতিৰ লগতে বিকল্প পদ্ধতিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছোঁ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here