Home Main Stories নগাঁৱত চাঞ্চল্যকৰ ঘটনা : আৰক্ষীৰ বেহু ফালি নগাঁও সদৰ থানাৰ পৰাই ধৃত...

নগাঁৱত চাঞ্চল্যকৰ ঘটনা : আৰক্ষীৰ বেহু ফালি নগাঁও সদৰ থানাৰ পৰাই ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ লায়নৰ চেষ্টা বুজন পৰিমাণৰ ড্ৰাগছ সহ ১৪ জন গ্ৰেপ্তাৰ

51
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৪ মে’ : নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ সময়তে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এজন ড্ৰাগছ সৰবৰাহকাৰী যুৱক আৰক্ষীৰ বেহু ফালি নগাঁও সদৰ আৰক্ষী থানাৰ পৰা পলায়নৰ চেষ্টা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আজি নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই ড্ৰাগছ বিৰোধী অভিযানৰ তথ্য সদৰি কৰিবলৈ আয়োজন কৰা সংবাদ মেলৰ সময়তে এই ঘটনা সংঘটিত হয়। অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মেল সম্বোধন কৰাৰ সময়ত সংবাদিকক গ্ৰেপ্তাৰ কৰা ১৪ জন অপৰাধীক দেখুওৱাবলৈ আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজত অনা অৱস্থাত এই অঘটন সংঘটিত হয়। সংবাদ মেল শেষ কৰাৰ কিছু সময় পিছত সঞ্জীৱ শইকীয়া ওৰফে পাপু শইকীয়া নামৰ ড্ৰাগছ সৰবৰাহকাৰী জন ছেগ বুজি আৰক্ষী আৰু সাংবাদিকৰ সন্মুখৰ পৰাই এক প্ৰকাৰ চিনেমাৰ কায়দাৰে পলায়ন কৰে। লগে লগে আৰক্ষীৰ মাজত এক হুৱা-দুৱাৰ সৃষ্টি হয়। পিছে পিছে আৰক্ষীৰ সমান্তৰাল ভাবে সাংবাদিকৰ কেমেৰা। অৱশ্যে পিছত দৌৰাই দৌৰাই থানাখনৰ পৰা প্ৰায় ২০০ মিটাৰমান দূৰত্বত স্থানীয় দুজনমান পথাচাৰীৰ সহযোগত যুৱকজনক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰক্ষীৰে গিজগিজাই থকা থানাখনৰ পৰা আৰক্ষীৰ জিন্মাত থকা এজন অপৰাধী থানাৰ ভিতৰৰ পৰাই পলাবলৈ কেনেদৰে চেষ্টা চলালে তাক লৈ নগাঁৱত সৰব চৰ্চা চলিছে। আনকি, ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনৰ সহায়ক লৈয়ো প্ৰশ্নৰ অৱতাৰণা হৈছে। উল্লেখ্য যে,কালি নিশা নগাঁৱৰ আৰক্ষীয়ে নগাঁও চহৰৰ আমোলাপট্টিৰ পাপু শইকীয়া নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনক নগাঁও চহৰৰ বৰবজাৰ এলেকাৰ পৰা ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিছিল। ইপিনে, আজি সংবাদ মেলত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই জানিবলৈ দিয়ে যে, কালি পুৱা ১০ বজাৰ পৰা জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই ১৪ জন ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী বিষয়া গৰাকীয়ে সংবাদ মেলত কয়, কালি আমি জিলাখনৰ ৫ টা স্থানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই সফলতা লাভ কৰিছো। এই অভিযানৰ সময়ত ১৪ জন ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে তিনি খন বাইক , ১২ গ্ৰাম হিৰইন, ৮.৫ গ্ৰাম ব্ৰাউন চুগাৰ, ৩.৫ কেজি গাঞ্জা জব্দ কৰাৰ লগতে ৫৭ হাজাৰ নগদ ধনো জব্দ কৰা হয়। তদুপৰি ডিমৌ চাৰিআলিত ১০০০ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে তিনি জন লোকক আটক কৰা হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যৱসায়ী সকলৰ ভিতৰত ইমৰান আলি, পংকজ নাথ, সঞ্জীৱ শইকীয়া, ৰিঙ্কু আলি, দীপাংকৰ দাস, আফিয়া বেগম, ৰীনা দাস, লাল মিঞা, ছিদ্দিক আলি, দিলোৱাৰা বেগম, ছফিকুল ইছলাম, মণ্টু মণ্ডল। লগতে আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে, নগাঁও জিলাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব। এই ক্ষেত্ৰত তেওঁ ৰাইজ আৰু সংবাদ মাধ্যমৰ পূৰ্ণ সহযোগিতা বিচাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here