Home Main Stories কমনৱেল্‌থ গেম্‌ছত স্বৰ্ণ জয় অসম কন্যাৰ: বন সংৰক্ষণ বাহিনীৰ কনিষ্টবলৰ পৰা নয়নমণি...

কমনৱেল্‌থ গেম্‌ছত স্বৰ্ণ জয় অসম কন্যাৰ: বন সংৰক্ষণ বাহিনীৰ কনিষ্টবলৰ পৰা নয়নমণি শইকীয়াক সহকাৰী কমাণ্ডেণ্ট হিচাপে পদোন্নতি

72
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ আগষ্ট ঃ কমনৱেল্‌থ গেম্‌ছত পদক জয়েৰে দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ পৰা সহকাৰী কমাণ্ডেণ্ট পদলৈ পদোন্নতি লাভ কৰিলে নয়নমণি শইকীয়াই৷ বাৰ্মিংহামত সোণৰ পদক জয়েৰে ক্ৰীড়া বিশ্বৰ ইতিহাসত সোণালী ইতিহাস গঢ়িছিল গোলাঘাটৰ জীয়ৰী নয়নমণি শইকীয়াই৷ আনকি সেই গোলাঘাটৰ পৰা ওলাই আহি কমনৱেল্‌থ গেম্‌ছত পদক জয় কৰি প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপেও ইতিহাস গঢ়ে নয়নমণি শইকীয়াই৷ লন বলৰ পূৰ্বে ভাৰোত্তোলনত মনোনিৱেশ কৰিছিল যদিও আঘাতৰ বাবে লন বল খেলিবলৈ আৰম্ভ কৰিছিল নয়নমণিয়ে৷ এফালে দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবল আৰু আনফালে পৰিয়াল-সামাজিক দায়িত্ববোধৰ মাজেৰে নয়নমণি শইকীয়াই বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে আজি সুনাম বুটলিবলৈ সক্ষম হৈছে৷ সংঘৰ্ষৰ দিনত প্ৰিয়জনৰ বাদে আন কোনোৱে নাছিল নয়নমণিৰ কাষত৷ লকডাউনৰ সময়ত প্ৰশিক্ষক অবিহনেই খেলৰ অনুশীলন কৰিছিল নয়নমণিয়ে৷ স্বামী, শাহুৱেকৰ সাহসেৰেই আগবাঢ়ি গৈ নয়নমণিয়ে পূৰ্বে চাৰিবাৰকৈ কমনৱেল্‌থ গেম্‌ছত অংশগ্ৰহণ কৰি কোনো পদক অৰ্জন কৰিব পৰা নাছিল যদিও দৃঢ় বিশ্বাস আৰু দৃঢ় মনোবলৰ বাবে পঞ্চমবাৰত কমনৱেল্‌থ গেম্‌ছত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পুৰস্কাৰ হিচাপেই কমনৱেল্‌থ গেম্‌ছত স্বৰ্ণজয়ী নয়নমণি শইকীয়াক সহকাৰী কমাণ্ডেণ্ট হিচাপে পদোন্নতি প্ৰদান কৰিলে অসম চৰকাৰে৷ নয়নমণি শইকীয়াৰ এই স্বৰ্ণ জয়ৰ সন্মানস্বৰূপে পদোন্নতি দিয়া হৈছে তেওঁৰ কৰ্মক্ষেত্ৰত৷ স্বৰ্ণজয়ী ক্ৰীড়াবিদগৰাকীক তৎকালে কাৰ্যকৰী হোৱাকৈ বন বিভাগৰ সহকাৰী কমাণ্ডেণ্ট হিচাপে পদোন্নতি প্ৰদান কৰিছে অসম চৰকাৰে৷ ইয়াৰ পূৰ্বে বন সংৰক্ষণ বাহিনীৰ কনিষ্টবলৰূপে নিযুক্ত আছিল ক্ৰীড়াবিদগৰাকী৷ উল্লেখ্য যে এটা সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা নয়নমণিৰ ক্ৰীড়াৰ প্ৰতি ৰাপ আছিল শৈশৱৰ পৰাই৷ তেওঁ প্ৰথমে ২০০৮ চনত এগৰাকী ভাৰোত্তোলক হিচাপে নিজৰ ক্ৰীড়াজীৱন আৰম্ভ কৰে৷ কিন্তু ভৰিৰ আঘাতৰ বাবে তেওঁ পৰৱৰ্তী সময়ত ভাৰোত্তোলন এৰি লন বল খেলিবলৈ আৰম্ভ কৰে আৰু পিছত তেওঁ এই খেলৰ জৰিয়তেই ৰাষ্ট্ৰীয় দলৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে৷ খেলৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকাৰ সময়তে ২০১১ চনত বন সংৰক্ষণ বাহিনীৰ কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিছিল নয়নমণি শইকীয়াই৷ কিন্তু কমনৱেল্‌থ গেম্‌ছত তেওঁ স্বৰ্ণ জয়েৰে সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসীক গৌৰৱান্বিত কৰাৰ পিছত তেওঁক পদোন্নতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here