Home অসম ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী পদত নিযুক্তি পালে জুৰীয়াৰ নাজনিন ইয়াচমিনে, ইছৰোত...

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী পদত নিযুক্তি পালে জুৰীয়াৰ নাজনিন ইয়াচমিনে, ইছৰোত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা হিচাপে স্থান লাভ

242
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২১ ডিচেম্বৰ:
বছৰটোৰ অন্তিমটো পষেকত নগাঁও জিলাবাসীলৈ এক সুখবৰ৷ জিলাখনৰ জুৰীয়াৰ অতি ভিতৰুৱা অঞ্চলৰ এগৰাকী কন্যাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোত বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰাৰ খবৰে অসমৰ লগতে নগাঁও জিলাবাসীক গৰ্বিত কৰি তুলিছে৷ জুৰীয়াৰ সমীপৰ মাহেৰীপাৰ নিৱাসী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা তথা বৰ্তমান বঙাইগাঁও জিলাৰ অভয়াপুৰী অঞ্চলৰ বোৱাৰী নাজনিন ইয়াছমিনে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোঠাস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয়ত বিজ্ঞানী হিচাপে নিযুক্তি-পত্ৰ লাভ কৰিছে৷ উল্লেখ্য যে শিক্ষাৰ ক্ষেত্ৰত সৰুৰে পৰা অতি আগ্ৰহ আৰু একাগ্ৰতা থকা নাজনিন ইয়াছমিনে জুৰীয়া নুৰুদ্দিন ফুৰকানীয়া জে বি স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰি স্থানীয় কদমনি টাউন হাইস্কুলৰ পৰা ২০০৭ চনত মেট্ৰিকত সফলতাৰে উত্তীৰ্ণ হৈ নগাঁও চহৰৰ অগ্ৰণী ব্যক্তিগত শিক্ষানুষ্ঠান আলফাবিটা ছাইন্স জুনিয়ৰ কলেজৰ পৰা ২০০৯ চনত বিজ্ঞান শাখাত কে’বাটাও বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷ পিছত গুৱাহাটীৰ নিটজ মিৰ্জা কলেজৰ পৰা ২০১৩ চনত ইলেকট্ৰ’নিক বিষয়ত বিটেক্‌ আৰু ২০১৬ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত এমটেক্‌ ডিগ্ৰী লাভ কৰে৷ বিজ্ঞান বিষয়ক বিভিন্ন ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠানত কাম কৰাৰ সমান্তৰালভাৱে তেওঁ ২০১৮ চনতে বিশ্ববিদ্যালয অনুদান আয়োগৰ অধীনত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ লগতে ভাৰত চৰকাৰৰ জুনিয়ৰ ৰিছাৰ্চ ফেলশ্বিপৰ যোগ্যতাও লাভ কৰি থৈছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত যোৱা বৰ্ষতে অনুষ্ঠিত অতিকৈ কঠিন বাছনি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত অলপতে ঘোষিত ফলাফলত নাজনিন ইয়াছমিনে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ বিজ্ঞানী হিচাপে এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত নিযুক্তি লাভ কৰিছে৷ ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ নিৰ্দেশ অনুসৰি অহা ৩০ ডিচেম্বৰৰ পূৰ্বে ইছৰোৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি জানিবলৈ দি ইয়াছমিনে আজি সংবাদ মাধ্যমৰ আগত নিজৰ সফলতাৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘ধৈৰ্য আৰু একাগ্ৰতা থাকিলে সকলো ক্ষেত্ৰতে সফলতাৰ উচ্ছ শিখৰত উঠিব পাৰি৷ সফলতা লাভৰ ক্ষেত্ৰত কোনো প্ৰত্যাহ৩ান হেঙাৰ হ’ব নোৱাৰে৷’ সৰুৰে পৰা এগৰাকী বিজ্ঞানী হোৱাৰ আশা পুহি ৰখা ইয়াছমিনে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ সফলতাই বহু অনুপ্ৰেৰণা যোগাইছিল বুলি প্ৰকাশ কৰে৷ তেওঁ নৱ প্ৰজন্মক নিজকে দুৰ্বল বুলি নাভাবি অধ্যাৱসায়ৰ জৰিয়তে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানত স্থান লাভৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিবলৈ আহ৩ান জনায়৷ এই প্ৰসংগত মিচাইল মেন হিচাপে পৰিচিত প্ৰাক্তন ৰাষ্ট্ৰপতি ড॰ এ পি জে আবুল কালামো এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ লোক আছিল৷ অসমখনক বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগুৱাই নিবলৈ নিজৰ কৰ্মক্ষেত্ৰৰ জৰিয়তে কিছু কাম কৰা আগ্ৰহো প্ৰকাশ কৰিছে৷ তেওঁৰ ভৱিষ্যতে আমেৰিকাৰ মহাকাশ প্ৰতিষ্ঠান নাছাত কাম কৰাৰ মন৷ সফলতাৰ আঁৰত তেওঁৰ পিতৃ-মাতৃ, শিক্ষক- শিক্ষয়িত্ৰীৰ লগতে ৰাজস্থানত কৰ্মৰত অভিযন্তা স্বামী সাহিদুল ইছলামক কৃতজ্ঞতা দিব বিচাৰে৷ এনে বিৰল সফলতাৰ কথা কালিৰে পৰা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত বৰ্তমান নগাঁও চহৰৰ ভাৰাঘৰত থকা নাজনিন ইয়াছমিনৰ লগতে পৰিয়ালবৰ্গক বিভিন্ন দল-সংগঠনে সাক্ষাৎ কৰি আদৰণি জনোৱা পৰিলক্ষিত হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here