Home অসম এনচিআৰবিৰ উদ্যোগজনক তথ্য: এবছৰত দেশত ১.৬৪ লাখৰ আত্মহত্যা , শীৰ্ষত মহাৰাষ্ট্ৰ, দ্বিতীয়ত...

এনচিআৰবিৰ উদ্যোগজনক তথ্য: এবছৰত দেশত ১.৬৪ লাখৰ আত্মহত্যা , শীৰ্ষত মহাৰাষ্ট্ৰ, দ্বিতীয়ত তামিলনাডু: ৭.২ শতাংশলৈ বৃদ্ধি আত্মহননৰ ঘটনা

227
0

নতুন দিল্লী, ২৯ আগষ্ট ঃ দেশত অভাৱনীয় হাৰত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা৷ প্ৰতিবছৰে আত্মহত্যা কৰা লোকৰ সংখ্যা দেশত উদ্যোগজনক হাৰত বৃদ্ধি পাবলৈ ধৰা ঘটনাই এতিয়া চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ নেছনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ চমুকৈ এনচিআৰবিয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২১ত ভাৰতত ১,৬৪,০৩৩জনে আত্মহত্যাৰ পথ বাচি লয়৷ এনচিআৰবিয়ে এক্সিডেণ্টেল ডেথ এণ্ড ছুইচাইড ইন ইণ্ডিয়া এণ্ড ক্ৰাইম ইন ইণ্ডিয়া ২০২১ শীৰ্ষক প্ৰতিবেদন অনুসৰি দেশত প্ৰতি ১০ লাখ লোকৰ বিপৰীতে প্ৰতিদিনেই ১২০জন লোকে আত্মহত্যাৰ পথ বাছি লয় ২০২১ত৷ এই প্ৰতিবেদন অনুসৰি মহাৰাষ্ট্ৰত সৰ্বাধিক লোকে আত্মহত্যা পথ বাছি লয়৷ মহাৰাষ্ট্ৰত ২২,২০৭ জনে আত্মহত্যাৰ পথ বাছি লোৱাৰ বিপৰীতে তামিলনাডুত ১৮,৯২৫জন, মধ্য প্ৰদেশত ১৪,৯৬৫জন, কৰ্ণাটকত ১৩,৫০৩জন আৰু পশ্চিম বংগত ১৩,৫০০জনে আত্মহত্যাৰ পথ বাছি লয়৷ দেশৰ ভিতৰত মুঠ আত্মহত্যাৰ ঘটনা ৫০.০৪ শতাংশই এই পাঁচ ৰাজ্যত৷ ভাৰতত নিৱনুৱা, ঘৰুৱা হিংসা, পাৰিবাৰিক সমস্যা, সুৰাত আসক্ত আৰু আৰ্থিক সমস্যাৰ বাবে ২০২১ত অধিকসংখ্যক লোকে আত্মহত্যাৰ পথ বাছি লয়৷ ২০২০ত ভাৰতত আত্মহত্যা কৰা লোকৰ সংখ্যা আছিল ৰ,৫৩,০৫২জন৷ ২০২০১ তুলনত ২০২১ত আত্মহত্যা কৰা লোকৰ সংখ্যা জ্জ.২ শতাংশ বৃদ্ধি পাইছে৷ মহাৰাষ্ট্ৰত ২০২০১ তুলনাত ২০২১ত আত্মহত্যা কৰা লোকৰ সংখ্যা ১৩.০৫ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে তামিলনাডুত ১১.০৫ শতাংশ, মধ্য প্ৰদেশত জ্ঝ.ৰ শতাংশ, পশ্চিম বংগত জ্জ্ব.২ শতাংশ আৰু কৰ্ণাটকত জ্জ্ব শতাংশ বৃদ্ধি পাইছে৷ ৰাজধানী দিল্লীত ২০২১ত আত্মহত্যা কৰা ঘটনা ২,৮৪০ সংঘটিত হয়৷ দেশৰ ৫৩খন চহৰত মুঠ ২৫,৮৫১টা আত্মহত্যাৰ ঘটনা সংঘটিত হয়৷ মহাৰাষ্ট্ৰত আত্মহত্যা কৰা লোকসকলৰ ভিতৰত অধিকসংখ্যকেই কৃষক বুলি এনচিআৰবিয়ে তেওঁলোকৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে৷ লগতে প্ৰতিবেদনত এই কথাও প্ৰকাশ কৰিছে যে ২০২১ত পথ দুৰ্ঘটনাত ৰ,৭৩,০০০ লোকৰ মৃত্যু হয়৷ ২০২১ত দেশজুৰি চ্ছ্ৰ.২২ লাখ পথ দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ তালিকাৰ শীৰ্ষত উত্তৰ প্ৰদেশৰ স্থান আছে৷ উত্তৰ প্ৰদেশত এটা বৰ্ষত পথ দুৰ্ঘটনাত ২৪,৭১১জনৰ মৃত্যু হোৱাৰ বিপৰীতে তামিলনাডুত ১৬,৬৮৫জন আৰু মহাৰাষ্ট্ৰত ১৬,৪৪৬জনৰ মৃত্যু হয়৷ ২০২০ত পথ দুৰ্ঘটনাৰ সংখ্যা আছিল ৩,৬৮,৮২৮টা৷ ২০২১ত ইয়াৰ সংখ্যা বৃদ্ধি পায় হয়গৈ চ্ছ্ৰ,২২,৬৫৯টা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here