Home Main Stories বুল্লী এপ কাণ্ডৰ লগত জড়িত মাষ্টাৰমাইণ্ড নীৰজ দিল্লী আৰক্ষীৰ জালত: যোৰহাটৰ নিজা...

বুল্লী এপ কাণ্ডৰ লগত জড়িত মাষ্টাৰমাইণ্ড নীৰজ দিল্লী আৰক্ষীৰ জালত: যোৰহাটৰ নিজা বসভৱনৰ পৰা গ্ৰেপ্তাৰ নীৰজ বিষ্ণই

223
0

যোৰহাট ৬ জানুৱাৰী:- সমগ্ৰ দেশ কপাই যোৱা  বুল্লী এপৰ মাষ্টাৰ মাইণ্ড নীৰজ বিষ্ণই আৰক্ষীৰ জালত। দিল্লী আৰক্ষীৰ এটা বিশেষ দলে কালি নিশা যোৰহাট আৰক্ষীৰ সহযোগত যোৰহাট দিগম্বৰচুকৰ নিজা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ২১ বছৰীয়া নীৰজক বেংগলোৰ ইনষ্টিটিউট অৱ টেকনলজীৰ ভূপাল চৌহদত বিটেকত অধ্যয়নৰত নীৰজ যোৱা ২৫ ডিচেম্বৰত যোৰহাটৰ ডিগম্বৰচুকৰ ঘৰলৈ আহিছিল| উল্লেখযোগ্য যে এই বুল্লী এপত নৱবৰ্ষৰ প্ৰথম দিনটোতে সংঘটিত হৈছিল এক নিকৃষ্ট কাণ্ড। বুল্লী এপত নিলাম হৈছিল প্ৰতিষ্ঠিত মুছলমান মহিলা। বিগত বহু দিন ধৰি প্ৰতিষ্ঠিত মুছলমান মহিলাৰ ফটো সম্বলিত কৰি এপটোত দৰ-দাম চলিছিল মহিলাৰ। অৱশেষত আৰক্ষীৰ কাষ চাপিল কেইবাগৰাকীও মহিলা। দিল্লী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ড বিধি আইনৰ  ১৫৩(এ)/১৫৩(বি)/২৯৫((এ)/৩৫৪(ডি)/৫০৯/ ৫০০ ধাৰাৰ লগত আই টি আইনৰ ৬৭ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি জোৰদাৰ তদন্ত আৰম্ভ কৰে|  দিল্লী আৰু মুম্বাই আৰক্ষীয়ে অভিযান চলাই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনকো গ্ৰেপ্তাৰ  কৰাৰ লগতে বাংগালুৰুৰ পৰাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ২১ বছৰীয়া এজন ইঞ্জিনীয়াৰিঙৰ ছাত্ৰক। উত্তৰাখণ্ডৰ পৰাও গ্ৰেপ্তাৰ কৰা হৈছিল শ্বেতা সিং নামৰ এগৰাকী যুৱতীক। ইয়াৰ পিছতে  বিতৰ্কিত এপটো ইতিমধ্যে প্লেষ্টোৰৰ পৰা আঁতৰাই দিয়া হৈছে। আনহাতে আজি পুৱাই নীৰজক দিল্লী আৰক্ষীয়ে দিল্লীলৈ লৈ যায়| উল্লেখ যোগ্য যে বিগত বৰ্ষত চুল্লী ডীল নামৰ একে ধৰণৰ এটা এপৰ বাবে চাঞ্চল্যৰ সৃষ্টি হৈছিল |

LEAVE A REPLY

Please enter your comment!
Please enter your name here