Home অসম নতুন দিল্লীত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদ্বোধন কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী:...

নতুন দিল্লীত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদ্বোধন কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী: প্ৰকৃত দেশপ্ৰেমিক লাচিতৰ সাহস আৰু ত্যাগ প্ৰতিজন ভাৰতীয়ই জনাৰ প্ৰয়োজন আছে

123
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ নৱেম্বৰ: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অসম চৰকাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা মহাবীৰ লাচিত বৰফুকনৰ তিনি দিনজোৰা ৪০০ বছৰীয়া জন্মজয়ন্তী উদ্‌যাপন অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ এই উপলক্ষে প্ৰদান কৰা ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমণে লাচিত বৰফুকনৰ দৰে এগৰাকী মহাবীৰক দেশৰ অন্য প্ৰান্তৰ জনসাধাৰণৰ আগত পৰিচিত কৰোৱাৰ উদ্দেশ্যে লোৱা এই উদ্যোগৰ বাবে মুখ্যমন্ত্ৰী ড॰ শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে৷ মহাবীৰ লাচিতক এগৰাকী প্ৰকৃত দেশপ্ৰেমিক আখ্যা দি তেওঁ কয় যে অসাধাৰণ শৌৰ্য, সাহস তথা ৰণকৌশলৰ পৰিচয় দাঙি ধৰা বীৰগৰাকীৰ বিষয়ে প্ৰতিগৰাকী ভাৰতীয়ই জনাৰ প্ৰয়োজন আছে৷ আহোম যুগৰ স্বৰ্ণিল ইতিহাসক দেশবাসীৰ আগত তুলি ধৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰক আহ৩ান জনাই কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই দিশত অসম চৰকাৰক সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ সাংস্কৃতিক মন্ত্ৰালয়ক অনুৰোধ জনাব৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে আজি অসমৰ ২০০০ বছৰীয়া ইতিহাসক প্ৰতিফলিত কৰি আয়োজন কৰা এখন প্ৰদৰ্শনীৰ দ্বাৰো আনুষ্ঠানিকভাৱে মুকলি কৰে৷ আহোম যুগত বুৰঞ্জী লিখাৰ পৰম্পৰা তথা চৰাইদেউৰ অনুপম মৈদামসমূহৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰি তেওঁ এই সাংস্কৃতিক ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক আহ৩ান জনায়৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মহাবীৰ লাচিত বৰফুকনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁ কয় যে অসাধাৰণ সাহস, দেশপ্ৰেম আৰু ত্যাগৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰা লাচিত বৰফুকন নিঃসন্দেহে দেশৰ ইতিহাসৰ অন্যতম গৌৰৱোজ্জ্বল অধ্যায়৷ ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত লাচিতৰ অতুলনীয় নেতৃত্ব আৰু অসাধাৰণ পৰাক্ৰমে আহোম ৰাজত্বৰ ধাৰাবাহিকতা সুনিশ্চিত কৰাৰ উপৰি খিলঞ্জীয়া অসমীয়াৰ স্বকীয়তা আৰু সংস্কৃতিক সুৰক্ষিত কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে এই যুদ্ধত আগ্ৰাসী মোগলৰ হাতত যদি আহোমসকলৰ পৰাজয় হ’লহেতেন তেন্তে অকল অসমৰে নহয়, বৰং সমগ্ৰ দক্ষিণ পূব এছিয়াৰ সাংস্কৃতিক পৰিচয়ে অন্য ৰূপ ল’লে হয়৷ সেয়েহে প্ৰাচীন আৰু মধ্যযুগৰ আন মহান যোদ্ধা আৰু ৰজাসকলক যিদৰে গুৰুত্ব প্ৰদান কৰা হৈছে, একেদৰে লাচিত বৰফুকনকো ইতিহাসৰ পৃষ্ঠাত উপযুক্ত স্থান দিয়া উচিত৷ তেওঁ কয় যে ইতিহাসৰ পাতত মহান দেশপ্ৰেমিকগৰাকীক উপযুক্ত স্থান দিয়াৰ বাবে দিল্লীত লাচিত দিৱস উদ্‌যাপনেৰে ৰাজ্য চৰকাৰৰ এক বিনম্ৰ প্ৰয়াস কৰিছে৷ যি সময়ত ভাৰত উপমহাদেশৰ অন্যান্য প্ৰান্তত ইছলামিক আগ্ৰাসনকাৰীৰ দ্বাৰা খিলঞ্জীয়া ভাৰতীয়ৰ সাংস্কৃতিক পৰিচয়ৰ অস্থিৰতা আৰু ধবংস এটা নিয়মত পৰিণত হৈছিল, সেই সময়ত ৰাজনৈতিক সুস্থিৰতা আৰু ঐক্য প্ৰদান কৰাৰ ক্ষেত্ৰত আহোম শাসনৰ ভূমিকাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এনে গৌৰৱ-গাথা সত্ত্বেও আহোম শাসন আৰু লাচিত বৰফুকনৰ দৰে সেনাপতিৰ বিষয়ে অগ্ৰণী ইতিহাসবিদসকলৰ দ্বাৰা আলোচনা, লেখন আৰু গৱেষণা কৰা পৰিলক্ষিত হোৱা নাই৷ তেওঁ এই ধাৰাটোৰ বিপৰীতে এনেধৰণৰ পদক্ষেপে বহুখিনি সহায় কৰিব বুলি আশা প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাষ্ট্ৰীয় ৰাজধানীত কেন্দ্ৰীয়ভাৱে লাচিত বৰফুকনৰ জন্মজয়ন্তী উদ্‌যাপনৰ পদক্ষেপে ভাৰতত ঔৰংজেৱতকৈ যে উচ্ছমানৰ ৰজা আৰু ৰাজশাসন আছিল সেই কথা ভাৰতৰ জনসাধাৰণক উপলব্ধি কৰাত সহায় কৰিব৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে যোৰহাট জিলাত লাচিত বৰফুকনৰ মৈদামত এক সুদৃশ্য স্মাৰক নিৰ্মাণ, চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় পুলিচ একাডেমী প্ৰাংগণত মহাবীৰগৰাকীৰ স্মাৰক ভৱন স্থাপন আদিৰ দৰে লোৱা পদক্ষেপৰ কথাও উল্লেখ কৰে৷ লাচিত বৰফুকনৰ তিনি দিনজোৰা জন্মজয়ন্তী উদ্‌যাপন কাৰ্যসূচীত উপস্থিত থাকি সৌষ্ঠৱ বঢ়াই তোলাৰ বাবে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীক অসমৰ এগৰাকী শুভাকাংক্ষী বুলি অভিহিত কৰে৷ কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ধাৰিত আনুষ্ঠানিক উপস্থিতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উত্তৰণৰ দিশত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে প্ৰদৰ্শন কৰি অহা দায়বদ্ধতাকে সূচাইছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ আজি ‘আহোমৰ সোণালী অধ্যায় ঃ আশা নৈপুণ্য আৰু বীৰত্বৰ গাথা’ বিষয়ক এখন আলোচনাচক্ৰও অনুষ্ঠিত হয়৷ অসম চৰকাৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাই আঁত ধৰা এই আলোচনাচক্ৰত লেফটেনেণ্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতা, প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান প্ৰকাশ সিং, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য অধ্যাপক কপিল কাপুৰ, ৰাজ্যিক তথ্য আয়ুক্ত ড॰ সমুদ্ৰগুপ্ত কাশ্যপ, বিশিষ্ট শিক্ষাবিদ কুলদীপ পাটোৱাৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড॰ চন্দন কুমাৰ শৰ্মা উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here