Home Main Stories ৫ জুনলৈ নতুন নিৰ্দেশনা প্ৰকাশ চৰকাৰৰ ◾️ গ্ৰামাঞ্চলত সংক্ৰমণ ৰোধৰ বাবে কঠোৰ...

৫ জুনলৈ নতুন নিৰ্দেশনা প্ৰকাশ চৰকাৰৰ ◾️ গ্ৰামাঞ্চলত সংক্ৰমণ ৰোধৰ বাবে কঠোৰ পদক্ষেপ ◾️ দুপৰীয়া ২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ

39
0

ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ মে’ : ৰাজ্যত গ্ৰামাঞ্চল আৰু চাহ বাগিচাত সংক্ৰমণ বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ। ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে অহা ৫ জুনলৈ এছঅ’পিৰ সময়সীমাৰ বৃদ্ধি ঘটাইছে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে। অৱশ্যে গ্ৰামাঞ্চলত সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাত কিছু সালসলনি ঘটোৱা হৈছে এছঅ’পিত। এতিয়াৰে পৰা গ্ৰামাঞ্চলৰ সকলো দোকান-পোহাৰ দুপৰীয়া ১ বজাত বন্ধ কৰিব লাগিব আৰু ২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ কৰা হ’ব। গ্ৰামাঞ্চলত থকা ৰেস্তোৰাঁ-ধাবাকে আদি কৰি অন্যান্য ভোজনালয়সমূহত ১ বজালৈকে খাদ্য গ্ৰহণ কৰিব পাৰিব। আনহাতে ২ বজাৰ পিছত হোম ডেলিভাৰীৰ অনুমতি থাকিব। শীতল ভঁৰাল আৰু গুদামসমূহ ১ বজাত বন্ধ কৰিব লাগিব। শীতল গৃহ বা গুদামসমূহৰ সৈতে বিপণীসমূহ ১ বজাত বন্ধ ৰাখিব লাগিব। সকলো চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়সমূহ ১ বজাত বন্ধ কৰিব লাগিব। দুপৰীয়া ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ থাকিব। এই সময়ছোৱাত সাধাৰণ লোকৰ চলাচল নিষিদ্ধ হ’ব। চহৰাঞ্চলৰ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধত থকা অঞ্চলসমূহতো এই নিষেধাজ্ঞা বলৱৎ থাকিব। কাৰ্ফিউ বলৱৎ নথকা অঞ্চলসমূহত পূৰ্বৰ দৰেই যুগ্ম-অযুগ্ম নম্বৰৰ বাহনৰ চলাচলতহে অনুমতি প্ৰদান কৰা হ’ব। লক্ষণীয় যে গুৱাহাটীত সংক্ৰমণৰ হাৰ কিছু পৰিমাণে কমা পৰিলক্ষিত হ’লেও সম্প্ৰতি স্বাস্থ্য বিভাগৰ বাবে বৃহৎ সমস্যা হৈ পৰিছে। গ্ৰামাঞ্চলৰ আন জিলাসমূহৰ গ্ৰামাঞ্চলত সংক্ৰমণৰ হাৰ হ্ৰাস হোৱা নাই। যাৰ বাবে গ্ৰামাঞ্চলতো দুপৰীয়া ২ বজাত সান্ধ্য আইন বলৱৎ কৰিবলৈ বাধ্য হৈছে। উল্লেখ্য যে পূৰ্বতে ৬ বজাত গ্ৰামাঞ্চলত সান্ধ্য আইন বলৱৎ কৰা হৈছিল। ইপিনে অহা ৫ জুনলৈ আন্তঃজিলা যাতায়াতো বন্ধ থাকিব ৰাজ্যখনত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here