Home Main Stories ‘নিউ ন’ৰমেল জীৱনৰ তিতা-কেঁহা’

‘নিউ ন’ৰমেল জীৱনৰ তিতা-কেঁহা’

202
0

খবিৰ আহমেদ

ক’ৰোণা ভাইৰাচে মানৱ সমাজলৈ বহুতো নতুন অভিজ্ঞতা আৰু নতুন বিধি-বিধান কঢ়য়াই  আনিছে। সেই বিধি-বিধান সমূহ মানি লৈ ক’ৰোণা কালত আমি যি জীৱন যাপন কৰি আছো অথবা ক’ৰোণাৰ পৰবৰ্তী কালত আমি যেনে ধৰণে জীৱন যাপন কৰিম তাকেই সমাজ বিজ্ঞানী সকলে নিউ-ন’ৰমেল জীৱন বুলি অভিহিত কৰিছে। আজিৰ পৃথিবীত বোধকৰো এনেকুৱা কোনো মানুহ নাই যিজনক সাম্প্ৰতিক সময়ৰ ক’ভিড/১৯ অতিমাৰীয়ে  কোনো নহয় কোনো প্ৰকাৰে চুঁই যোৱা নাই।  সমগ্ৰ বিশ্বতেই এটা অস্বাভাবিক অবস্থা চলি আছে আৰু প্ৰত্যেকজন ব্যক্তিয়েই মনে প্ৰাণে কামনা কৰি আছে যে সোনকালে এই অতিমাৰী শেষ হওঁক। পৃথিবীলৈ স্বাভাবিক অবস্থা ঘূৰি আহক। কিন্তু আহিবনে ঘূৰি আগৰ সেই স্বাভাবিক জীৱন? সমাজ বিজ্ঞানী সকলে ধৰি লৈছে যে আগৰ সেই স্বাধীন ছন্দোময় স্বাভাবিক জীৱন আৰু কেতিয়াও সম্পূৰ্ণ ঘূৰি নাহে। হয়তো কিছু পৰিমানে ঘূৰি আহিব কিন্তু সেয়া হ’ব এক নতুন স্বাভাবিক বা ‘নিউ-ন’ৰমেল’ জীৱন।

দৰাচলতে ক’ভিড মহামাৰীয়ে মানৱ ইতিহাসক উলম্ব ভাবে দুভাগ কৰি তাৰ সোমাজেৰে এটা ৰেখা টানি দিলে। এতিয়াৰ পৰা ইতিহাসবিদ বা সমাজ বিজ্ঞানী সকলে ইতিহাস চৰ্চা কৰোতে দুটা নতুন সংজ্ঞা ব্যৱহাৰ কৰিব—এটা হৈছে প্ৰাক্-ক’ভিড (Pre-covid)সমাজ আৰু আন এটা হৈছ ক’ভিড-উত্তৰ সমাজ(post-covid) সমাজ।

ক’ভিডৰ পৰা আহৰণ কৰা তিতা-কেঁহা অভিজ্ঞতাই ইতিমধ্যে সমগ্ৰ মানৱ সমাজক গভীৰ ভাবে প্ৰভাবিত কৰিছে, ইয়ে  সমাজ জীৱনলৈ কৰিয়াই আনিছে আমূল পৰিবৰ্তনৰ বাৰ্তা। মানুহৰ জীৱন শৈলীলৈ লৈ আনিছে যুগান্তকাৰী পৰিবৰ্তন। ইমান দিনে যিবোৰ শব্দ কেৱল অভিধানতহে ঠাই পাইছিল বা যিবোৰ শব্দ আমি কাচিতহে মুখেৰে উচ্চাৰণ কৰিছিলো সেই শব্দবোৰ আজি মানুহৰ মুখে মুখে। কি শিক্ষিত বা অশিক্ষিত, কি ধনী বা দুখীয়া সকলোৰে মুখত আখৈ ফুটাদি ফুটিছে সেই শব্দবোৰ। প’জিটিভ, নিগেটিভ, আইচোলেচন বা নিলগীকৰণ, কোৱাৰেন্টাইন, সামাজিক দূৰত্ব, ল’ক-ডাউন, মাস্ক, লক্ষণ থকা আৰু লক্ষণ নথকা (Symptomatic & asymptomatic) ৰুগী, টিকা, টিকা কৰণ ইত্যাদি।  কিছুমানৰ আকৌ অসমীয়া প্ৰতিশব্দ পাবলৈ টান যেনে–immunity, co-morbidity, normal, new normal ইত্যাদি। এই শব্দবোৰ আমি কাচিৎহে ব্যৱহাৰ কৰিছিলোঁ।  কিন্তু আজি এই শব্দবোৰ সকলো মানুহৰ মূখে মূখে–যেন আমাৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য লগৰী। তুলাৰ দৰে এই শব্দবোৰ সদায় বতাহত উপঙি ফুৰিছে আৰু মানুহক যেন কাণে কাণে ফুচ ফুচাই কৈ আছে, হয়—তোমালোকৰ অসুখ, তোমালোকৰ মৰমৰ পৃথিবীৰ অসুখ। 

মাত্ৰ দুবছৰ আগত আমি বসবাস কৰা পৃথিবীখনৰ পৰা আজিৰ পৃথিবীখন যেন সম্পূৰ্ণ পৃথক। আজিৰ পৃথিবীখন যেন এখন অচিনাকি পৃথিবী, এক অদ্ভূত পৃথিবী। ক’ৰোণা ভাইৰাচে যি অভিজ্ঞতা আৰু পৰিবৰ্তন কঢ়িয়াই লৈ আনিলে সেই পৰিবৰ্তনে আমাৰ জীৱনৰ লগত সম্পৃক্ত সকলো বিষয় আৰু বস্তুকেই সলনি কৰি দিলে। স্বাস্থ্য সেৱা, শিক্ষা খন্ড, ব্যৱসায় বাণিজ্য, সংস্থাপন, টুৰিজিম, সাংস্কৃতিক কাম-কাজ, পৰিসেৱা খন্ড, সামাজিক আৰু ব্যক্তিগত জীৱন, প্ৰাকৃতিক পৰিবেশ—এনেকুৱা এটা ক্ষেত্ৰ নাই যি ক্ষেত্ৰত ক’ৰোণা ভাইৰাচৰ দীঘল হাতোৰাই স্পৰ্স কৰা নাই। প্ৰাক্-ক’ভিড সমাজত সকলোৱে চৰকাৰী বেচৰকাৰী অফিচ-আদালত, বজাৰ-সমাৰত অথবা ৰাজহুৱা স্থানত একেলগে কাম-কাজ কৰিছল। সকলোৱে একেলগে একে ঠাইত কাম কাজ কৰাৰ আনন্দ আৰু অভিজ্ঞতাই আছিল বেলেগ। কিন্তু সেই দিন এতিয়া অতীত। হেজাৰ কাকূতি মিনতি কৰিলেও অফিচৰ যি নিৰ্দয় নিষ্ঠুৰ ব’ছ বোৰে মাত্ৰ এটা দিনৰ বাবে ছুটি মঞ্জুৰ কৰা নাছিল সেই ব’ছবোৰে এতিয়া উপযাচি ছুটি দিয়ে। এটা দিন বা আধা দিনৰ বাবেও অফিচলৈ নগ’লে যি ব’ছে দৰমহা কৰ্তন কৰিছিল সেই ব’ছে এতিয়া অনায়াসেই ঘৰৰ পৰাই কাম কৰিব দিয়ে। কিন্তু ঘৰত কাম কৰি জানো শান্তি আছে? অফিচত কাম কৰাৰ আমেজ আৰু অভিজ্ঞতাই বেলেগ। ঘৰতযে তেওঁ অকলশৰীয়া, খুবেই অকলশৰীয়া। কিন্তু এইয়াইতো নিউ ন’ৰমেল—নতুন স্বাভাবিক জীৱন!

ক’ৰোণা ভাইৰাচে আটাইতকৈ ডাঙৰ বিপৰ্যয় মাতি আনিছে দেশৰ শিক্ষা ক্ষেত্ৰত। সকলো শিক্ষানুষ্ঠান দিনৰ পিছত দিন, মাহৰ পিছত মাহ বন্ধ হৈ আছে। কেতিয়াকৈ খুলিব তাৰ কোনো নিশ্চয়তা নাই। এটাৰ পিছত এটা পৰীক্ষা বাতিল কৰা হৈ আছে। ফলাফলৰ যি পদ্ধতি অৱলম্বন কৰা হৈছে সেই পদ্ধতিত বহুতো মেধাবী ছাত্ৰ ছাত্ৰী আশা কৰা ফলাফলৰ পৰা বঞ্চিত হ’ব।  কিন্তু আটাইতকে মূল্যবান যি বস্তুৰ পৰা সিহঁতে চিৰজীৱন বঞ্চিত হৈ থাকিব সেইয়া হৈছে শ্ৰেণী কোঠাৰ অমূল্য অভিজ্ঞতা। শ্ৰেণী কোঠাৰ ভিতৰত বহি শিক্ষক শিক্ষয়ত্ৰীৰ পৰা প্ৰত্যক্ষ ভাবে জ্ঞান আহৰণ কৰাৰ যি আনন্দ আৰু অভিজ্ঞতা তাৰ পৰা সিহঁত বঞ্চিত হ’ব। তাৰ বিপৰীতে এই নিউ ন‘ৰমেল পৰিস্থিতিত কণ কণ ল’ৰা ছোৱালীবোৰৰ হাতত একোটাকৈ মোবাইল ফোন দি ঘৰত বহুৱাই ৰখা হৈছে। এই বয়সত সিহঁতে সমনীয়াৰ লগত খেলিব, দৌৰিব, জপিয়াব, ৰং ৰইচ কৰিব। আৰু তাৰ লগতে লিখা পঢ়াও কৰিব। কিন্তু জীৱনৰ এই সোণালী সময় সিহঁতে আৰু ঘূৰাই নাপায়, ঘূৰাই নাপায় ল’ৰালি কালৰ মুকলি মৰীয়া জীৱনৰ সেই অনাবিল আনন্দ। এইয়া সিহঁতৰ জীৱনৰ এটা ডাঙৰ অপ্ৰাপ্তি। শিক্ষা এতিয়া সামাজিক ক্ষেত্ৰৰ পৰা আহি সম্পূৰ্ণ ব্যক্তিগত কুচকাওৱাজ। এইয়াই হৈছে নিউ ন’ৰমেল জীৱনৰ তিতা-কেঁহা।

এটাৰ পিছত এটা ক’ৰোণা ভাইৰাচৰ লহৰে বিধ্বস্ত কৰিছে দেশৰ সংস্থাপনৰ সকলো সুযোগ সুবিধা। সংস্থাপনহীনতাই ভাঙি চূড়মাৰ কৰি দিছে দেশৰ লক্ষ লক্ষ যুবক যুবতীৰ আশা-আকাংখা আৰু সপোন।  সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণী। নিয়োগকাৰী সংস্থা সকলে লাখ লাখ মানুহক কামৰ পৰা অব্যহতি দিছে। যিবোৰ মানুহক কামৰ পৰা অব্যহতি দিয়া হৈছে তেওঁলোকে আকৌ  সেই কাম ঘূৰাই পোৱাৰ আশা নাই। বহু আগৰে পৰাই বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই কল-কাৰখানা, উদ্যোগ প্ৰতিষ্ঠান আদিত শ্ৰমিকৰ কৰ্ম সংস্থাপন হ্ৰাস কৰি আনিছিল। ক’ৰোনা ভাইৰাচে সেই প্ৰক্ৰিয়াত শেষ গজালটো মাৰিলে। এতিয়া কৰ্ম সংস্থাপন হেৰোৱা সেই লক্ষ লক্ষ মানুহৰ ভবিস্যত অন্ধকাৰ। মানুহে কৰা সকলো কামেই এতিয়া প্ৰযুক্তি বিদ্যাই কৰিব।কিছুমান বিশেষজ্ঞ আৰু বিশেষ ভাবে কৌশলী মানুহৰ বাহিৰে, বাকীসকল এতিয়া সমাজৰ বোজা। এইয়াই আমাৰ নিউ ন’ৰমেল জীৱন।

ঠিক তেনেদৰে ধ্বংস হৈ গৈছে ক্ষূদ্ৰ আৰু মজলীয়া পৰ্যায়ৰ ব্যৱসায় বানিজ্য। সকলো সংগঠিত পৰিসেৱা বিভাগ এতিয়া অসংগঠিত। কম পৰিমাণৰ মূলধন লৈ যিবিলাক মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত মানুহে সৰু সুৰা ব্যৱসায় কৰি পৰিয়াল পোহপাল দিছিল সেই মানুহবোৰৰ এতিয়া পানীত হাঁহ নচৰা অবস্থা। কাপোৰ দোকান, কেটাৰিং, খাদ্য প্ৰস্তুত কৰণ, কৃষি ফাৰ্ম, ছপাশালৰ ব্যৱসায়, গেলামালৰ দোকান, ষ্টেচনাৰী বস্তুৰ ব্যৱসায় কৰা মানুহ আৰু এনেকুৱা হেজাৰটা ব্যৱসায় বানিজ্য কৰি খোৱা মানুহবোৰৰ ব্যৱসায় বন্ধ হৈ গৈছে। যিবিলাক মানুহে বেংকৰ পৰা ঋণ লৈ ব্যৱসায় আৰম্ভ কৰিছিল, সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে সেই ঋণৰ বোজা এতিয়া পৰ্বত সমান। মূলধন আৰু বেংকৰ চক্ৰবৃদ্ধি সুতৰ বোজাত তেওঁলোক এতিয়া জীৱন্তে মৃত। কোনেও ক’ব নোৱাৰে যে পৃথিবীৰ নিউ ন’ৰমেল পৰিবেশে তেওঁলোকক  আকৌ মুক্তিৰ পথ দেখুওৱাব নে নাই। 

ক’ৰোণা ভাইৰাচে মানুহৰ খাদ্যাভ্যাস আৰু আৰু ব্যক্তিগত জীৱনতো প্ৰভাব পেলাইছে। ইয়ে সলনি কৰি দিছে মানুহৰ মনোভাব। মানুহৰ মনোজগতৰ পৰিবৰ্তনে ব্যক্তিগত সম্পৰ্কৰ ওপৰিও প্ৰায় সকলো বিষয়তেই প্ৰভাব পেলাইছে। আহিবলগীয়া পৃথিবীত মানুহ আৰু অধিক অসামাজিক আৰু ব্যক্তিকেন্দ্ৰিক হৈ পৰিব। মানুহ হৈ পৰিব সম্পূৰ্ণ শাৰিৰীক পৰিশ্ৰম ৰহিত আবেগ অনুভূতি নথকা যন্ত্ৰ সদৃশ। মনোৰঞ্জনৰ প্ৰচলিত ব্যৱস্থাবোৰ নোহোৱা হৈ যাব। সকলো ক্ষেত্ৰতেই অভূতপূৰ্ব মানৱীয় সমস্যাই দেখা দিব। অসমীয়া মানুহৰ হিয়াৰ আমঠু বিহু, চলমান থিয়েটাৰ, গ্ৰন্থ মেলা আদিৰ চৰিত্ৰ সলনি হ’ব। মন্দিৰ, মছজিদত ভক্তৰ ভিৰ কমিব, সামাজিক আৰু ধৰ্মীয় সমাৰোহবোৰ লাহে লাহে নাইকিয়া হ’ব। আমি স্বীকাৰ কৰো বা নকৰো, এইয়াই হৈছে বৰ্তমানৰ বাস্তব, এইয়াই স্বাভাবিক। নতুন স্বাভাবিক জীৱন—নিউ ন’ৰমেল জীৱন। 

 অৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব যে ক’ৰোণা মহামাৰীৰ কাৰণে হোৱা ল’ক ডাউনবোৰে পৰিবেশ আৰু জলবায়ুৰ ক্ষেত্ৰত ভালেখিনি উপকাৰ সাধন কৰিছে। ল’ক ডাউনৰ কাৰণে জল, স্থল আৰু আকাশ মাৰ্গীয় সকলো যোগাযোগ ব্যৱস্থা আধাতকৈ বেছি পৰিমানে হ্ৰাস পাইছে। ইয়াৰ কাৰণে ইন্ধনৰ ব্যৱহাৰ কমিছে আৰু ইন্ধনৰ পৰিমান হ্ৰাস পোৱাৰ কাৰণে বতাহত কাৰ্বন ডাই অক্সাইডৰ পৰিমানো কমিছে। ইয়ে জলবায়ু আৰু পৰিবেশক স্বাভাবিক অবস্থালৈ ঘূৰাই অনাত কিছু পৰিমানণে সহায় কৰিছে।  

[ লেখকৰ ফোন নম্বৰ: 9954033111 ]

LEAVE A REPLY

Please enter your comment!
Please enter your name here