গণবাৰ্তা , ১ ছেপ্তেম্বৰ : নতুন এছ অ’ পি। ১ ছেপ্তেম্বৰৰ দিনৰ ১১ বজাৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম।আজিৰে পৰা হ্ৰাস কৰা হ’ল নৈশ সান্ধ্য আইনৰ সময়। ৰাজ্যত সম্পূৰ্ণ ৰূপে খোল খালে আন্তঃজিলা য়াতায়ত। প্ৰতিজন কৰ্মচাৰীৰ বাবে কোভিড ভেকচিন লোৱাটো বাধ্যতামূলক। বহু চৰ্চিত আন্তঃজিলা যাতায়ত খুলি দিয়া হৈছে নুতুন এছ অ’ পিত। কেতবোৰ চৰ্তসাপেক্ষে ৰাজ্যৰ সকলো জিলা সামৰি আন্তঃ জিলা যাতায়ত মুকলি।
আন্তঃজিলা আৰু অন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী, ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাছ আদিত ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি।
কোনো যাত্ৰী পৰিবাহী বাহনেই আসনৰ সংখ্যাৰ অতিৰিক্ত ভাৱে থিয় কৰি যাত্ৰী নিব নোৱাৰিব।যাত্ৰী থিয় কৰি নিয়া বাহন ধৰা পৰিলে তেনে বাহন আৰু থিয় হৈ যোৱা যাত্ৰীৰ ওপৰত বৰ্ধিত হাৰত জৰিমণা বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰা হ’ব।কমেও এপালি কোভিড প্ৰতিষেধক লোৱা লোকেহে আন্তঃ জিলা আৰু অন্তঃ জিলা যাতায়ত কৰিব পাৰিব। সান্ধ্য আইনৰ মাজতো নৈশ বাছৰ চবহু চৰ্চিত আন্তঃজিলা যাতায়ত খুলি দিয়া হৈছে নুতুন এছ অ’ পিতলাচলত অনুমতি।
সকলো যাত্ৰীকে মাস্ক বাধ্যতামূলক কৰা হৈছে। অটোৰিক্সা, চাইকেল ৰিক্সা, টেক্সীৰ ক্ষেত্ৰতো ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি।অৱশ্যে কমেও এপালি কোভিড প্ৰতিষেধক লোৱা আৰু মাস্ক পৰিধান কৰাটো যাত্ৰী-চালকৰ বাবে বাধ্যতামূলক।কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ ক্ষেত্ৰত বাইক-মটৰ চাইকেলত দুজন উঠাত অনুমতি। এই ক্ষেত্ৰত মাস্ক বাধ্যতামূলক।
ব্যক্তিগত লঘু যান-বাহনেৰে যাত্ৰা কৰিলেও সকলো যাত্ৰীৰ বাবেই মাস্ক বাধ্যতামূলক।