
গণ বাৰ্তা, কয়াকুছি, ১৯ মেঃ বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়কসকলক এক ভিডিঅ’ কনফাৰেঞ্চ যোগে আদৰণি জনোৱাৰ লগতে ক’ভিড মহামাৰীৰ ক্ষেত্ৰত বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়কসকলৰ ভূমিকা সন্দৰ্ভত এক আলোচনাত মিলিত হয় পঞ্চায়ত অাৰু গ্ৰমোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী তথা খাদ্য অাৰু যোগান মন্ত্ৰী ৰনজিত কুমাৰ দাসে। উল্লেখ্য যে, কেবিনেট মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে পোন প্ৰথমবাৰৰ বাবে ভিডিঅ’ কনফাৰেন্স যোগে ভাৰতীয় জনতা পাৰ্টিৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷ উক্ত ভিডিঅ’ কনফাৰেন্সত প্ৰথমতে বিধায়সকলক আদৰণি জনোৱাৰ লগতে ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা এই দুৰ্যোগৰ সময়ছোৱাত সেৱাই সংগঠন মন্ত্ৰৰ আধাৰত তেখেতসকলৰ ভূমিকা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়৷ তদুপৰি এই দুৰ্যোগৰ পৰিস্থিতিত তেখেতসকলৰ প্ৰত্যেকৰে নিজৰ- নিজৰ কৰণীয় কামৰ দায়িত্ব অৰ্পণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ সম্প্ৰতি ক’ভিড পৰিস্থিতিত সেৱা আগবঢ়োৱাৰ বাবে বিজেপি দলে প্ৰস্তুত কৰি উলিওৱা আঠোটা বিন্দু সন্দৰ্ভত তেখেতসকলক অৱগত কৰাৰ লগতে যোৱা বাৰৰ দৰেই এইবেলিও ৰাইজক সহায়-সহযোগ কৰিবৰ বাবে প্ৰতিজন বিধায়কক আহ্বান জনায় ৷ এই ভিডিঅ’ কনফাৰেন্সত মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যিক তত্বাৱধায়ক বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মাৰ লগতে আন তিনিগৰাকী সাধাৰণ সম্পাদক তথা সাংসদ তপন গগৈ, ডাঃ ৰাজদ্বীপ ৰয় অাৰু পল্লৱলোচন দাস উপস্থিত থকা বুলি দলীয় সূত্ৰে জানিব পৰা গৈছে।