Home Main Stories পূৱ বিলাসীপাৰাৰ নৱ নিৰ্বাচিত বিধায়ক ছামছুল হুদাৰ প্ৰথমটো শুভ উদ্বোধনী অনুষ্ঠান

পূৱ বিলাসীপাৰাৰ নৱ নিৰ্বাচিত বিধায়ক ছামছুল হুদাৰ প্ৰথমটো শুভ উদ্বোধনী অনুষ্ঠান

49
0

গণ বাৰ্তা বিশেষ, বিলাসীপাৰা, ২৮ মে’ : বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমটো আঁচনিৰ শুভ উদ্বোধন কৰি উন্নয়ন মূলক কামৰ পাতনি মেলে ২৭ নং পূৱ বিলাসীপাৰা বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ছামছুল হুদাই। উল্লেখ্য যে চতুৰ্দশ বিত্তীয় আঁচনিৰ অধীনত সৰ্ব মুঠ ৮ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা সমূহীয়া ভৱনটো বৃহস্পতিবাৰে বিয়লি শুভ উদ্বোধন কৰে পূৱ বিলাসীপাৰাৰ নৱ নিৰ্বাচিত বিধায়ক গৰাকীয়ে। বিলাসীপাৰা মহকুমাৰ হাতীপোতা গাঁও পঞ্চায়তৰ অন্তৰ্গত বামুনপাৰা ৪ৰ্থ খণ্ড গাঁৱত নৱ নিৰ্মিত ভৱনটোৰ শুভ উদ্বোধন কৰি উন্নয়ন মূলক কামৰ পাতনি মেলে বিধায়ক গৰাকীয়ে। ক’ভিড বিধি মানি অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানটোত নৱ নিৰ্বাচিত বিধায়ক গৰাকীৰ লগতে উপস্থিত থাকে হাতীপোতা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰৌশনাৰা বেগম, হাকামা গাঁও পঞ্চায়তৰ সভাপতি ছুলতান আলী আহমেদ, টিলাপাৰা গাঁও পঞ্চায়তৰ সভাপতি আব্দুৰ ৰহিম, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ৰ দলীয় কৰ্মকৰ্তা, বিভাগীয় বিষয়াৰ লগতে বিশিষ্ট ব্যক্তি সকল। এই ভৱনটোই অঞ্চলবাসী ৰাইজক বহু ক্ষেত্ৰত উপকৃত কৰিব বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here