Home অসম অনুৰাধা শৰ্মা পুজাৰী ,প্ৰশান্ত ৰাজগুৰুলৈ সংবাদ মহীৰূহ বটাঁ

অনুৰাধা শৰ্মা পুজাৰী ,প্ৰশান্ত ৰাজগুৰুলৈ সংবাদ মহীৰূহ বটাঁ

189
0


গণ বাৰ্তা, ডিগবৈ, ১৩ ডিচেম্বৰ: তিনিচুকীয়া জিলা সাংবাদিক সন্থাই ৰাজ্যৰ সংবাদক্ষেত্ৰলৈ আগবঢ়াই অহা বিশিষ্ট বৰঙণিৰ বাবে দুই বিশিষ্ট সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী আৰু প্ৰশান্ত ৰাজগুৰুলৈ গজেন বৰঠাকুৰ সংবাদ মহীৰূহ বঁটা-২০২২ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৷ ইয়াৰ লগতে সন্থাই অন্য ছজনলৈ বঁটা আগবঢ়াইছে ৷ সংবাদক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা দৈনিক জনমভূমি যোৰহাটৰ বাৰ্তা সম্পাদক দিগন্ত বুঢ়াগোহাঁইক নন্দ গোস্বামী সোঁৱৰণী সাংবাদিকতা বঁটা, সংবাদক্ষেত্ৰখনক উজ্জ্বীৱিত কৰা যুৱ সাংবাদিক প্ৰতিদিন টাইমৰ যুটীয়া সম্পাদক শোণিত কুমাৰ ভূঞাক গকুল শৰ্মা সোঁৱৰণী সাংবাদিকতা বটাঁ-২০২২, প্ৰাগ নিউজৰ উজনি অসমৰ ব্যুৰ’ উৎপল বৰালৈ পৰাগ ভূঞা সোঁৱৰণী সাংবাদিকতা বঁটা, নিউজ লাইভৰ ৰাজনৈতিক সম্পাদক সাংবাদিক ছায়ামণি ভূঞালৈ ক্ষেত্ৰধৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা , ডি ৱাই ৩৬৫১ উজনি অসমৰ ব্যুৰ’ ভাস্কৰজ্যোতি দাসলৈ অৰূপ কলিতা সোঁৱৰণী সাংবাদিকতা বঁটা আৰু এন কে টি ভিৰ জাগুন তিনিচুকীয়াৰ ফটো সাংবাদিক গৌতম গগৈলৈ কিশান সোনাৰ সোঁৱৰণী ফটো সাংবাদিক বঁটা আগবঢ়োৱা হ’ব ৷ উল্লেখ্য যে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটা সাংবাদিক সংস্থা আৰু ডিগবৈ প্ৰেছ ক্লাবৰ সহযোগত অসম বাৰ্তাজীৱী সংঘৰ ৪৫সংখ্যক দ্বি – বাৰ্ষিক অধিৱেশনখনি ২১,২২ আৰু ২৩ জানুৱাৰীত তিনিচুকীয়া জিলাৰ লিডু বজাৰ হাইস্কুল খেলপথাৰত আয়োজন কৰা হৈছে৷ ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন মুকলি সভাত বঁটাপ্ৰাপকসকলক বঁটাসমূহ আগবঢ়োৱা হ’ব ৷ জিলা সভাপতি অনুজ কলিতা আৰু সম্পাদক ৰাণাজ্যোতি নেওগে এক প্ৰেছ বিবৃতিৰ দ্বাৰা এই তথ্য সদৰী কৰিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here