Home ক্ৰীড়া আন্তঃৰাষ্ট্ৰীয় ফুটবল জগতৰ পৰা অৱসৰৰ ইংগিত নেইমাৰৰ

আন্তঃৰাষ্ট্ৰীয় ফুটবল জগতৰ পৰা অৱসৰৰ ইংগিত নেইমাৰৰ

61
0

চাও পাওলো, ১১অক্টোবৰঃ  ব্ৰাজিলৰ কিংবদন্তি ফুটবলাৰ নেইমাৰে কৈছে যে অহা বছৰ কাটাৰত অনুষ্ঠিত হ’ব লগা বিশ্বকাপ তেওঁৰ কেৰিয়াৰৰ অন্তিমটো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা হ’ব পাৰে। ২৯ বছৰীয়া ষ্ট্ৰাইকাৰজনে ডিএজেডএনৰ দ্বাৰা নিৰ্মান কৰা  ‘নেইমাৰ: দ্য লায়ন অৱ কিংছ’ শীৰ্ষক এখন তথ্যচিত্ৰত এই কথা ব্যক্ত কৰে।ডিএজেডএন’য়ে ইয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ইয়াৰ এক আভাস শ্বেয়াৰ কৰিছে।নেইমাৰে কৈছে, ‘মই ভাবো এইটো মোৰ অন্তিম বিশ্বকাপ হ’ব। মই যোৱা বিশ্বকাপৰ দৰে ইয়াৰ সন্মুখীন হৈছো কাৰণ মই নাজানো যে মই মানসিকভাৱে অধিক ফুটবল খেলিব পাৰিম নে নাই।’তেওঁ কয়-মই মোৰ দেশৰ বাবে বিশ্বকাপ জিকিবলৈ আৰু মোৰ সপোন বাস্তৱায়িত কৰিবলৈ সকলো সম্ভৱ চেষ্টা কৰিম। এইটো মোৰ শৈশৱৰ পৰা আটাইতকৈ ডাঙৰ সপোন। মই আশা কৰোঁ মই ইয়াক প্ৰাপ্ত কৰিব পাৰো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here