Home স্থানীয় স্ব-প্ৰতিভাৰে দেশ-বিদেশত উজলিছে বোকাখাতৰ নিকিতা

স্ব-প্ৰতিভাৰে দেশ-বিদেশত উজলিছে বোকাখাতৰ নিকিতা

237
0


গণ বাৰ্তা বিশেষ, ১৮ জানুৱাৰী: বোকাখাতৰ এটি কণমানি প্ৰতিভাৱান শিশু৷ নাম নিকিতা বৰা৷ নিকিতা বৰাই সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসম তথা বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ বোকাখাতস্থিত বৰাগাঁৱৰ নিৱাসী নিৰঞ্জন বৰা আৰু টুটুমণি বৰাৰ একমাত্ৰ কন্যা নিকিতা বৰা৷ নিকিতাই নিজৰ দক্ষতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাইজৰ মৰম আৰু পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল৷ উল্লেখ্য যে ‘মিছ ৱল্ডৰ্ কিড্‌ছ’ নামেৰে খ্যাত নিকিতা বৰাই শেহতীয়াকৈ ৰাজ্যিক শিশু অভিনেত্ৰী হিচাপে পুৰস্কৃত হৈছে৷ উল্লেখ্য যে ১০ জানুৱাৰীত কামৰূপত অনুষ্ঠিত কৰা সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতাত নাট্যকাৰ ৰাতুল ফুকনৰ দ্বাৰা ৰচিত ‘যাদুকৰ’ নাটকখনত ‘পাহি’ চৰিত্ৰত অভিনয় কৰি নিকিতাই শ্ৰেষ্ঠ শিশুশিল্পীৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ ইপিনে, ২৪ জানুৱাৰী, ২০২১ত বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত কৰা ৫৯ সংখ্যক সদৌ অসম সূৰ্য বৰা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত নাট্যকাৰ ৰাতুল ফুকনৰ দ্বাৰা ৰচিত ‘যাদুকৰ’ নাটকখনত ‘পাহি’ চৰিত্ৰত অভিনয় কৰি নিকিতাই শ্ৰেষ্ঠ শিশুশিল্পীৰ সন্মান আঁজুৰি আনিবলৈ সক্ষম হৈছিল৷ ঠিক একেদৰে ২৭ ফেব্ৰুৱাৰী, ২০২১ত নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত প্ৰয়াত বিজু ফুকন, ৰত্ন ওজা, আব্দুল মছজিদ, লতন লহকৰ আৰু গুণ মহত্তৰ সোঁৱৰণীত অনুষ্ঠিত কৰা একাংক নাট প্ৰতিযোগিতাত আৰু ২৮ ফেব্ৰুৱাৰী, ২০২১ত শুৱালকুছি, হালোগাঁৱত লংকেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত তথা হালোগাঁও সেৱক সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত সদৌ অসম ভিত্তিত শশাংক দাস কলিতা সোঁৱৰণীত একাংকিকা নাট প্ৰতিযোগিতাত নাট্যকাৰ ৰাতুল ফুকনৰ দ্বাৰা ৰচিত ‘যাদুকৰ’ নাটকখনত ‘পাহি’ চৰিত্ৰত অভিনয় কৰি নিকিতাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ দখল কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছত চ্ছ ডিচেম্বৰ, ২০২১ত নাট্যগোষ্ঠী পদাতিকৰ উদ্যোগত গোলাঘাটৰ ঢেকীয়াল চাৰিআলিৰ ঢেকীয়াল সাংস্কৃতিক ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা নাট্যকাৰ ৰাতুল ফুকনৰ দ্বাৰা ৰচিত ‘পাৰ হৈ যোৱা ধুমুহাজাক’ নাটকখনত ‘আইনা’ চৰিত্ৰত আৰু ২৭ ডিচেম্বৰ, ২০২১ত তিনিচুকীয়াৰ গোপাল চন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰত সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত তৃতীয় বাৰ্ষিক অচু্যত চুতীয়া সোঁৱৰণীত অনুষ্ঠিত কৰা ৰাতুল ফুকনৰ দ্বাৰা ৰচিত ‘পাৰ হৈ যোৱা ধুমুহাজাক’ নাটকখনত ‘আইনা’ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ শিশুশিল্পীৰ সন্মান বুটলি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ আনহাতে, তেজপুৰৰ চিত্ৰলেখা মুকলি মঞ্চই অনলাইনযোগে অনুষ্ঠিত কৰা সদৌ অসম ভিত্তিত একক অভিনয় কৰি প্ৰথমস্থান লাভ কৰিবলৈ সক্ষম হৈছিল নিকিতা বৰাই৷ তদুপৰি হিমাচল প্ৰদেশৰ ছিমলাত অনুষ্ঠিত কৰা চতুৰ্থ সৰ্বভাৰতীয় নাট, নৃত্য আৰু বাদ্যযন্ত্ৰ প্ৰতিযোগিতাত নিকিতা বৰাই ১৭খন ৰাজ্যৰ ভিতৰত অংশগ্ৰহণ কৰি নৃত্যত প্ৰথম, ছেমি-ক্লাছিকেলত দ্বিতীয়, আধুনিক নৃত্যত তৃতীয় আৰু লোকনৃত্যত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ উক্ত অনুষ্ঠানত নিকিতা বৰাই সৰ্বভাৰতীয় পৰ্যায়ৰ চাৰিটাকৈ পুৰস্কাৰ লাভ কৰাৰ বাবে বিশেষ ‘কলাপ্ৰভা’ বঁটা লাভ কৰে৷ ইপিনে, ৰ মে’ৰ পৰা ৩ মে’লৈকে থাইলেণ্ডত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকন ২০১৯১ ‘মিছ কিড ইউনাইটেড ইউনিভাৰ্ছ ইণ্টাৰনেচনেল প্ৰতিযোগিতাত নিজৰ দক্ষতাৰে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ৰাজ্যৰ লগতে দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ ইপিনে, উত্তৰাখণ্ডত অনুষ্ঠিত ইউনিভাৰ্ছেল ৰং মহোৎসৱত বোকাখাতৰ জোনাক শিল্পী দলৰ হৈ নিকিতাই প্ৰতিনিধিত্ব কৰি প্ৰথমস্থান লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৷ তদুপৰি মিছ ৱল্ডৰ্ কিড্‌ছ নিকিতাই বিহুনৃত্য, আধুনিক নৃত্য, সত্ৰীয়া নৃত্য, লোকনৃত্যৰ উপৰি ৰাস মহোৎসৱত শ্ৰীকৃষ্ণৰ চৰিত্ৰত নৃত্য প্ৰদৰ্শন কৰি ৰাইজৰ মৰম বুটলি আনিবলৈ সক্ষম হৈছে৷ নিকিতাৰ সাফল্যত পিতৃ-মাতৃ, আত্মীয়-স্বজনৰ লগতে সমগ্ৰ বোকাখাতবাসী আজি গৌৰৱান্বিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here