Home স্থানীয় নিকুঞ্জ পাঠকক মোহন ভাইৰা বঁটা প্ৰদান, নলবাৰীত ‘আছু’ৰ বৰ্ণিল অনুষ্ঠান

নিকুঞ্জ পাঠকক মোহন ভাইৰা বঁটা প্ৰদান, নলবাৰীত ‘আছু’ৰ বৰ্ণিল অনুষ্ঠান

169
0


এম মহিবৰ ৰহমান, নলবাৰী, ১ ফেব্ৰুৱাৰী: ২০২২ চনৰ মোহন ভাইৰা বঁটা আজি নিকুঞ্জ পাঠকক প্ৰদান কৰা হয়৷ নলবাৰী ছহিদ ভৱন বাকৰিত এই উপলক্ষে আয়োজন কৰা বৰ্ণিল অনুষ্ঠানত এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে আবাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়ে৷ উল্লেখ্য যে নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০০৯ চনৰ পৰা সংস্কৃতিৰ পথাৰৰ পৰা হেৰাই যাব ধৰা থলুৱা কলা-সংস্কৃতি সাধনাৰে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰা বিশিষ্ট শিল্পীক সন্মান প্ৰদান কৰাৰ বাবে এই বঁটা প্ৰৱৰ্তন কৰিছিল৷ ইতিমধ্যে ২০০৯ চনত পুণ্যপ্ৰভা দত্ত তামুলীক, ২০১০ চনত সীতাৰাম ৰায়ক, ২০১১ চনত মুকুতাৰাম বৰুৱা ওজাক, ২০১২ চনত মাণিক শইকীয়া ওজাক, ২০১৩ চনত ৰূহীন ৰাভাক, ২০১৪ চনত দ্বিজেন গগৈক, ২০১৫ প্ৰভাত শৰ্মাক, ২০১৬ চনত হৰি বৰবায়ন, ২০১৭ চনত ৰামচৰণ ভৰালীক, ২০১৮ চনত লোকনাথ কুটুমক প্ৰদান কৰা হৈছিল যদিও ২০১৯ ৰ ‘কা’ আন্দোলন আৰু ২০২০ চনত ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই বঁটা প্ৰদান কৰিব পৰা নগ’ল, ২০২১ হৰেকৃষ্ণ তালুকদাৰক বঁটা প্ৰদান কৰা হৈছিল৷ ২০২২ বৰ্ষৰ বাবে মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান কৰা হয় বিশিষ্ট বাঁহী আৰু চেহনাই বাদক, লোক-সংস্কৃতিৰ সাধক কামৰূপ জিলাৰ শুৱালকুছিৰ নিকুঞ্জ পাঠকক৷ সৰুৰে পৰা বাঁহী আৰু চেহনাইৰ প্ৰতি আগ্ৰহী পাঠকক এই বঁটা প্ৰদান কৰা হয়৷ নলবাৰীৰ ছহিদ ভৱন বাকৰিত জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়৷ এই বঁটাত আছে নগদ দহ হাজাৰ টকা, স্মাৰক, ফুলাম জাপি, ফুলাম গামোচা আৰু মানপত্ৰ, চেলেং৷ জিলা ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় ডেকাই আঁত ধৰা অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজুদ্দিন আহমেদ আদিও উপস্থিত থাকে৷ অনুষ্ঠানৰ আৰম্ভণিতে সংগীত-নাটক একাডেমী বঁটাপ্ৰাপক মোহন ভাইৰাৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্১৮লন কৰে ভাইৰাৰ পৰিবাৰ সৰস্বতী বৰ্মনে৷ উল্লেখযোগ্য যে শিল্পী নিকুঞ্জ পাঠকৰ ঘৰ বস্ত্ৰনগৰী শুৱালকুছিত৷ ১৯৫৭ চনৰ ২৫ জানুৱাৰীত জন্মগ্ৰহণ কৰা পাঠকৰ পিতৃ প্ৰয়াত হংস পাঠক আৰু মাতৃ হৰিপ্ৰিয়া পাঠক৷ শিল্পী পাঠকে বিশিষ্ট বাঁহী বাদক প্ৰভাত শৰ্মাক গুৰু হিচাপে গ্ৰহণ কৰিছিল৷ ১৯৬৬ চনত পেছাগত বাঁহীবাদনেৰে শিল্প সাধনাত ব্ৰতী হোৱা নিকুঞ্জ পাঠকে সুৰ শিখা ক্লাব, বীণাপাণি নাট্য পৰিষদ, তৰুণ সংঘ পুথিভঁৰাল আদিত বাঁহীবাদন কৰাৰ উপৰি নটৰাজ থিয়েটাৰ, অসম ষ্টাৰ থিয়েটাৰ, মুকুন্দ থিয়েটাৰ, অপৰূপা থিয়েটাৰ, সম্ৰাট থিয়েটাৰতো বাঁহী বাদন কৰিছিল৷ ২০১৮ চনত সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভাত অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰি অসম সাহিত্য সভাৰ শুৱালকুছি, ৰঙিয়া, মৰিগাঁও, বৰপেটা ৰোড, ডিফু অধিৱেশনত অনুষ্ঠান পৰিৱেশন কৰিছিল৷ তদুপৰি অল ইণ্ডিয়া ৰেডিঅ’ৰ গুৱাহাটী কেন্দ্ৰ, দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী, কলিকতা, কোচবিহাৰ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, ৰাজস্থান, যোধপুৰ, কটক, চেন্নাই, দিল্লী আদি চহৰত বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত বাঁহী বাদন কৰি সমাদৰ লাভ কৰিছিল৷ তদুপৰি বাংলাদেশত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত বাঁহীৰ লহৰ তুলিছিল৷ প্ৰতিমা পাণ্ডে বৰুৱা, ৰহিমা কলিতা বেগম, বিদ্যাসাগৰ, অনিমা চৌধুৰী, কুল বৰুৱা, ৰামেশ্বৰ পাঠক, ধনদা পাঠক, প্ৰণীতা বৈশ্য মেধি, মালবিকা বৰা, বসন্ত পাটগিৰি, মিহিৰ বৰদলৈ, ৰিদীপ দত্ত, অপূৰ্ব বেজবৰুৱা, মীৰা বৰঠাকুৰ, নীলিমা খাতুন, অনিমা ভট্টাচাৰ্য, পুষ্পা ভূঞা আদি জনপ্ৰিয় শিল্পীৰ সৈতেও বাঁহী বাদন কৰিছিল৷ মোহন ভাইৰা স্মাৰক বঁটা লাভ কৰি আহ্লাদিত হৈ পৰা নিকুঞ্জ পাঠকে কয় যে তেওঁৰ নিচিনা অভাজনক এই বঁটা প্ৰদান কৰাত তেওঁ উৎফুল্ল হৈ পৰিছে৷ শিল্পীগৰাকীয়ে বাঁহী আৰু চেহনাইৰ অনুষ্ঠানো পৰিৱেশন কৰে৷ বঁটা প্ৰদান অনুষ্ঠানৰ পৰাই নিকুঞ্জ পাঠকক শিল্পী পেঞ্চন দিয়াৰ বাবেও চৰকাৰলৈ আহ৩ান জনোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here