Home Main Stories শপত গ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ৰ ৯ গৰাকী নতুন ন্যায়াধীশে

শপত গ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ৰ ৯ গৰাকী নতুন ন্যায়াধীশে

172
0

নতুন দিল্লী, গুৱাহাটী, ৩১ আগষ্ট ঃ উচ্চতম ন্যায়ালয়ত ৯গৰাকী নতুন ন্যায়াধীশে আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ এন ভি ৰমনাই নতুন ন্যায়াধীশসকলক শপত বাক্য পাঠ কৰোৱায়। আজি শপত গ্ৰহণ কৰা নতুন ন্যায়াধীশসকলৰ ভিতৰত ৩গৰাকী মহিলা ন্যায়াধীশ আছে। উচ্চতম ন্যায়ালয়ৰ ইতিহাসত এইবেলি প্ৰথমবাৰৰ বাবে ৯গৰাকীকৈ ন্যায়াধীশে এবাৰতে শপত গ্ৰহণ কৰে। পৰম্পৰা অনুসৰি নতুন ন্যায়াধীশসকলৰ শপত গ্ৰহণ কাৰ্যসূচী মুখ্য ন্যায়াধীশৰ আদালত কক্ষত সম্পন্ন কৰা হয়, কিন্তু এইবেলি ক’ভিড প্ৰট’কলৰ বাবে এই অনুষ্ঠানটো উচ্চতম ন্যায়ালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। নতুন ন্যায়াধীশ কেইজনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সংখ্যা ৩৩গৰাকীলৈ বৃদ্ধি হ’ব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা ন্যায়াধীশ কেইগৰাকী ক্ৰমে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অভয় শ্ৰীনিবাস অ!া, গুজৰাট উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বিক্ৰম নাথ, ছিকিম উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ জিতেন্দ্ৰ কুমাৰ মহেশ্বৰী, তেলেংগানা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হিমা কোহলী, কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি ভি নাগাৰাথন, কেৰালা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ চি টি ৰবি কুমাৰ, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এম এম সুন্দ্ৰেশ, গুজৰাট উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বেলা এম ত্ৰিবেদী আৰু জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন অতিৰিক্ত ছ’লিছিত জেনেৰেল পি এছ নৰসিংহ। আজি শপত গ্ৰহণ কৰা ৯গৰাকী ন্যায়াধীশৰ ভিতৰত ন্যায়াধীশ বি ভি নাগাৰাথনাই ২০২৭ চনৰ ছেে›ঢ×ম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ সম্ভৱনা আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here