গণবাৰ্তা বিশেষ, শিৱসাগৰ,২১ নৱেম্বৰ–ক্ৰমাৎ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে শিৱসাগৰ আৰক্ষী।আজি শিৱসাগৰ সদৰ থানাৰ আৰক্ষীয়ে এক অবৈধ মদ সৰবৰাহী চক্ৰক উৎখাত কৰি বহু সংখ্যক বিদেশী মদৰ লগতে এজন লোকক আটক কৰে।শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাই জানিব দিয়া তথ্য অনুসৰি এক গোপন সূত্ৰৰ পমখেদি শিৱসাগৰ আৰক্ষীয়ে নগৰৰ মাজমজিয়াত এখন বেটাৰী ৰিক্সাত তালাচি চলাই অবৈধ ভাৱে সৰবৰাহ কৰা চাৰি কাৰ্টোন বিদেশী সুৰাৰ লগতে দেশীয় সুৰা জব্দ কৰে।ঘটনাৰ লগত জড়িত শিৱসাগৰ নগৰৰ ৰূপালীম চিনেমা হ’লৰ সমীপৰ বাবলু ৰাউত নামৰ এজন ব্যক্তিকো আটক কৰিছে আৰক্ষীয়ে।উল্লেখযোগ্য যে সুৰাৰ এনে সৰবৰাহকাৰী সকলে নগৰৰ বিভিন্ন স্থানত গঢ় লৈ উঠা অবৈধ মদৰ ঘাটি সমূহত সুৰাৰ যোগান দি আহিছে।যোৱা মাত্ৰ দুটা দিনত শিৱসাগৰ সদৰ থানাৰ আৰক্ষীয়ে অবৈধ মদৰ বহু কেইটা ঘাটি উচ্চেদ কৰাৰ লগতে বহু পৰিমাণৰ গাঞ্জা জব্দ কৰি বিভিন্ন লোকক আটক কৰিছে।আনহাতে নগৰত বৃদ্ধি পোৱা বাইক চোৰৰ সন্ত্ৰাস নাশ কৰিবলৈ আৰক্ষীয়ে অভিযান চলাই চুৰি বাইক উদ্ধাৰৰ লগতে চোৰকো কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।